তীক্ষ্ণদন্তী প্ৰাণী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(তীক্ষ্ণদন্তীৰ পৰা পুনঃনিৰ্দেশিত)
তীক্ষ্ণদন্তী প্ৰাণী
জীৱাশ্ম কাল: ৫৬–০ নিযুত বছৰ Late PaleoceneHolocene
Clockwise from top left: capybara, springhare, golden-mantled ground squirrel, house mouse and North American beaver representing the suborders Hystricomorpha, Anomaluromorpha, Sciuromorpha, Myomorpha, and Castorimorpha, respectively.
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
(অশ্ৰেণীকৃত): Glires
শ্ৰেণী: Mammalia
বৰ্গ: Rodentia
Bowdich, 1821
উপ বৰ্গসমূহ

Anomaluromorpha
Castorimorpha
Hystricomorpha (incl. Caviomorpha)
Myomorpha
Sciuromorpha

Combined range of all rodent species (not including introduced populations)

তীক্ষ্ণদন্তী প্ৰাণী (ইংৰাজী: Rodent) বুলিলে এন্দুৰ জাতীয় স্তন্যপায়ী প্ৰাণীৰ এটা বৃহৎ দলকে বুজায়। এন্দুৰৰ উপৰিও এই গোটত আছে শহা পহু, নিগনি, ইত্যাদি। এণ্টাৰ্কটিকাৰ বাদে অন্য সকলো মহাদেশতেই ইহঁতক পোৱা যায়। তীক্ষ্ণ দাঁত থকাৰ কাৰণে তীক্ষ্ণদন্তীয়ে কাঠ, কাগজ ইত্যাদি কঠিন বস্তু সহজে খাব পাৰে।[1] সেয়ে ইহঁত মূলতে তৃণভোজী। কিছুমান তীক্ষ্ণদন্তীয়ে মানুহৰ পোঁহ মানে। কিছুমানে ৰোগৰ বীজাণু বহন কৰে। সকলো তীক্ষ্ণদন্তীৰেই নেজ আছে। তীক্ষ্ণদন্তীৰ পৰাই সকলো স্তন্যপায়ী প্ৰাণীৰ উদ্ভব হৈছে।

ইংৰাজী নামকৰণ[সম্পাদনা কৰক]

খাদ্য খোৱাৰ সময়ত তীক্ষ্ণদন্তীয়ে তীক্ষ্ণ দাঁতৰ দ্বাৰা খাদ্যবস্তুক ক্ৰমাগত আৰু খুব দ্ৰুতভাৱে আঘাত কৰি থাকে। এনেকৈ আঘাত কৰি কৰি বস্তুটো ফালি পেলায়। বাৰে বাৰে খুঁটাটোক লেটিন ভাষাত Rodere ৰ'দেৰ বুলি কয়। তীক্ষ্ণদন্তীৰ এই অভ্যাসৰ পৰাই সিহঁতৰ ইংৰাজী নাম Rodent উৎপত্তি হৈছে।[2]

বৈচিত্ৰ্যময় পৰিয়াল[সম্পাদনা কৰক]

বৰ্তমান পৃথিৱীত প্ৰায় আঢ়ৈ হাজাৰতকৈও বেছি তীক্ষ্ণদন্তী আছে। অধিকাংশ তীক্ষ্ণদন্তী আকৃতিত বৰ ডাঙৰ নহয়। সকলোতকৈ ডাঙৰ তীক্ষ্ণদন্তী হৈছে কেপিবাৰা (Capybara)। ইয়াৰ দৈৰ্ঘ্যে প্ৰায় ৪ (চাৰি) ফুট আৰু ওজন ৮০ কিলোগ্ৰাম পৰ্যন্ত হ’ব পাৰে। অন্য হাতে বাওনা জেৰ্বুৱা (Pygmy Jerboa) হল সকলোতকৈ সৰু তীক্ষ্ণদন্তী; ই মাত্ৰ দুই ইঞ্চি দীঘল আৰু ওজন মাত্ৰ আধা কেজিৰ মান হয়। তীক্ষ্ণদন্তীবোৰৰ ভিতৰত এন্দুৰবোৰৰে অনেক প্ৰজাতি আছে।

বিচৰণভূমি[সম্পাদনা কৰক]

পৃথিৱীৰ প্ৰায় সকলো ঠাইতে তীক্ষ্ণদন্তী পোৱা যায়। মৰুভূমিত যেনেকৈ কিছুমান তীক্ষ্ণদন্তী পোৱা যায়, তেনেকৈ মৰু অঞ্চলতো ইহঁতৰ কিছু প্ৰজাতি বাস কৰে। অন্যহাতে, কিছুমান তীক্ষ্ণদন্তী গছতো বাস কৰে। তৃণ জাতীয় খাদ্য খোৱা বাবে তৃণভূমি আৰু ইয়াৰ আশে−পাশে ইহঁতক বেছিকৈ পোৱা যায়।

বিশেষ বৈশিষ্ট্য[সম্পাদনা কৰক]

এই প্ৰাণীবোৰৰ দুয়ো পাৰিতে তীক্ষ্ণ দাঁত থাকে। এহঁতৰ দাঁত এনামেল আৰু ডেণ্টিনৰ দ্বাৰা গঠিত।[3] চোবোৱাৰ সমতয় দাঁত ক্ৰমাগত ক্ষয় হয়, যাৰ ফলত ইহঁতৰ দাঁত সকলো সময়তে তীক্ষ্ণ হৈ থাকে। ইহঁতৰ দাঁতবোৰ সকলো সময়তে বাঢ়ি থাকে।[3]

খাদ্যাভ্যাস[সম্পাদনা কৰক]

তীক্ষ্ণ দাঁত থাকিলেও অধিকাংশ তীক্ষ্ণদন্তী মাংসভোজী নহয়। বৰঞ্চ তীক্ষ্ণ দাঁতৰ দ্বাৰা ইহঁতে ফলমূল, লতা, পাত, তৃণ-জাতীয় খাদ্যহে থাকে। কিছুমান তীক্ষ্ণদন্তীয়ে কীট−পতংগ আৰু মাছ খোৱা দেখা যায়।[4]

শ্ৰৱণশক্তি[সম্পাদনা কৰক]

তীক্ষ্ণদন্তীসকলৰ শ্ৰবণশক্তি খুবই প্ৰখৰ। অধিকাংশ সময় অন্ধকাৰে কাটায় বলেই এসকলৰ এই তীক্ষ্ণ শ্ৰবণশক্তি তৈৰি হয়েছে। ইয়াৰা অবশব্দ থেকে শুৰু কৰে উচ্চশব্দ পৰ্যন্ত বিভিন্ন শব্দ খুব ভালো শুনতে পায়। যেমন, হাতেৰ তালুতে আঙ্গুল ঘষলে যে শব্দ তৈৰি হয়, একটা ইঁদুৰ তা সহজেই শুনতে পাৰে।

বুদ্ধিমত্তা[সম্পাদনা কৰক]

যিহেতু তীক্ষ্ণদন্তীবোৰ সকলো স্তন্যপায়ী প্ৰাণীৰ পূৰ্বপুৰুষ, সেয়ে ইহঁতৰ বুদ্ধি অনেক প্ৰাণীৰ তুলনাত বহুত বেছি। ইহঁতে দ্ৰুততাৰে নতুন কথা শিকিব পাৰে। সেয়ে ইহঁতক সহজেই প্ৰশিক্ষণ দি খেল দেখুৱাব পৰা যায়।

দলবদ্ধ বসৱাস[সম্পাদনা কৰক]

দল গঠনৰ ভিত্তিত তীক্ষ্ণদন্তীবোৰ তিনি ভাগত ভাগ কৰা যায়:

  1. কিছুমান একেবাৰে দল বান্ধি নাথাকে, অকলশৰীয়াকৈ থাকে।
  2. কিছুমান প্ৰজনন ঋতু বা বছৰৰ বিশেষ সময়ত দল বান্ধি থাকে।
  3. কিছুমান সকলো সময়েতেই দলবদ্ধ হৈ থাকে।

দল বান্ধি থকাৰ বৈশিষ্ট্যটো বিৱৰ্তনৰ ধাৰাত প্ৰাকৃতিকভাৱে নিৰ্বাচিত হৈছে। কাৰণ ইহঁত চিকাৰীৰ হাতত মৃৃৃৃত্যু হোৱাৰ আশংকা কমে আৰু জীয়াই থকাৰ সম্ভাৱনা বাঢ়ে। খাদ্য সংগ্ৰহৰ ক্ষেত্ৰত দল বান্ধি চলাটো তীক্ষ্ণদন্তীবোৰৰ কোনো কামত নাহে। প্ৰত্যেকেই নিজৰ খাদ্য নিজে সংগ্ৰহ কৰি খায়। সেয়ে যি স্থানত চিকাৰ হোৱাৰ ভয় কম, সেই স্থানত তীক্ষ্ণদন্তীবোৰৰ ভিতৰত দল গঠনৰ বৈশিষ্ট্যও নাথাকে। অৰ্থাৎ সেইবোৰ তীক্ষ্ণদন্তী অকলেই বাস কৰে।

শীতনিদ্ৰা[সম্পাদনা কৰক]

মেৰু অঞ্চলত বাস কৰা কিছুমান তীক্ষ্ণদন্তীৰ ভিতৰত শীতনিদ্ৰাৰ প্ৰবৃত্তি দেখা পোৱা যায়।

পৰিস্থিতিতান্ত্ৰিক গুৰুত্ব[সম্পাদনা কৰক]

পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত তীক্ষ্ণদন্তীবোৰৰ গুৰুত্ব আছে। ইহঁতে ফলমূল খায় বাবে উদ্ভিদৰ বীজ ইহঁতৰ মাধ্যমেদি বিভিন্ন স্থানলৈ সঞ্চাৰিত হয় আৰু সেই স্থানত নতুন গছৰ জন্ম হয়।[5] ইহঁতে খুব দ্ৰুতগতিত বংশবৃদ্ধি কৰে সেয়ে ইহঁতক যিবোৰ প্ৰাণীয়ে চিকাৰ কৰি খায়, সিহঁতৰ সংখ্যাও সহজে নকমে।

ৰোগৰ বাহক[সম্পাদনা কৰক]

তীক্ষ্ণদন্তীসকলৰ কিছুমান প্ৰজাতি বহুতো ৰোগৰ বাহক।[6] চতুৰ্দশ শতিকাৰ মাজভাগত প্লেগ (Plague) নামৰ এন্দুৰৰ দ্বাৰা সংক্ৰমিত বেক্টেৰিয়াজনিত এক ৰোগৰ মহামাৰিত ইউৰোপৰ অসংখ্য মানুহৰ মৃত্যু হৈছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Waggoner, Ben (15 August 2000). "Introduction to the Rodentia". University of California Museum of Paleontology. http://www.ucmp.berkeley.edu/mammal/rodentia/rodentia.html। আহৰণ কৰা হৈছে: 4 July 2014. 
  2. "rodent (n.)". Online Etymology Dictionary. http://www.etymonline.com/index.php?term=rodent। আহৰণ কৰা হৈছে: 7 May 2015. 
  3. 3.0 3.1 Single, G.; Dickman, C. R.; MacDonald, D. W. (2001). "Rodents". In MacDonald, D. W.. The Encyclopedia of Mammals (2nd সম্পাদনা). Oxford University Press. পৃষ্ঠা. 578–587. ISBN 978-0-7607-1969-5. 
  4. Hansson, Lennart (1971). "Habitat, food and population dynamics of the field vole Microtus agrestis (L.) in south Sweden". Viltrevy খণ্ড 8: 268–278. ISSN 0505-611X. Archived from the original on 27 September 2013. https://web.archive.org/web/20130927194128/http://publikationen.stub.uni-frankfurt.de/frontdoor/index/index/docId/15165. 
  5. Janke, Axel; Martínez-Estévez, Lourdes; Balvanera, Patricia; Pacheco, Jesús; Ceballos, Gerardo (2013). "Prairie dog decline reduces the supply of ecosystem services and leads to desertification of semiarid grasslands". PLOS ONE খণ্ড 8 (10): e75229. doi:10.1371/journal.pone.0075229. ISSN 1932-6203. PMID 24130691. 
  6. Meerburg, B. G.; Singleton, G. R.; Kijlstra, A. (2009). "Rodent-borne diseases and their risks for public health". Critical Reviews in Microbiology খণ্ড 35 (3): 221–70. doi:10.1080/10408410902989837. PMID 19548807.