সমললৈ যাওক

তেওঁ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তেওঁ অসমীয়া ভাষাৰ এটি শব্দ, যিয়ে সৰ্বনামৰ ৰূপত “আলোচিত বা পূৰ্বে উল্লিখিত পুৰুষজন বা মান্যাৰ্থত মহিলা গৰাকীক” বুজায়। ই আলোচিত বা পূৰ্বে উল্লিখিত মানুহজন বা জনীক বুজায়।[1] তলত অসমীয়া ভাষাত ব্যৱহাৰ হোৱা পুৰুষ সৰ্বনামৰ বিষয়ে দিয়া হ'ল[2]—

পুৰুষএকবচনবহুবচন
প্ৰথম পুৰুষমইআমি
দ্বিতীয় পুৰুষ(তুচ্ছ) তইতোমালোক
(মান্য) তুমিতোমালোক
(অধিক মান্য) আপুনিআপোনালোক
তৃতীয় পুৰুষতেওঁতেওঁলোক
(অধিক মান্য) তেখেততেখেতসকল

তেওঁৰ সমাৰ্থক শব্দ

[সম্পাদনা কৰক]

আলোচিত বা পূৰ্বে উল্লিখিত মানুহ বা জন্তু

[সম্পাদনা কৰক]

আলোচিত বা পূৰ্বে উল্লিখিত মতা মানুহ বা জন্তু বুজাবলৈ 'সি' আৰু 'তেৰা' শব্দও ব্যৱহাৰ কৰিব পাৰি। [3] জন্তুৰ ক্ষেত্ৰত তেওঁৰ ব্যৱহাৰ নহয়। হলেও ব্যঙ্গাৰ্থতহে হব।

আলোচিত বা পূৰ্বে-উল্লিখিত পুৰুষজন

[সম্পাদনা কৰক]

আলোচিত বা পূৰ্বে-উল্লিখিত পুৰুষজন বুজাবলৈ 'তেখেত' শব্দও ব্যৱহাৰ কৰিব পাৰি।[4]

অন্য ভাষাত 'তেওঁ'

[সম্পাদনা কৰক]

আলোচিত বা পূৰ্বে উল্লিখিত মতা মানুহ বা জন্তু

[সম্পাদনা কৰক]

তলত বিভিন্ন ভাষাত 'তেওঁ' শব্দটো দিয়া হ'ল[5]--

ভাষানিৰ্দিষ্ট ভাষাৰ লিপিতঅসমীয়া লিপিত
ইংৰাজীHeহি
বড়োबियोবিয়'
খাচীuউ
মিটেইলনmahakমাহাক
বিষ্ণুপ্ৰিয়া মণিপুৰীতাতা
কাৰ্বিalangআলাং
কক-বৰকBoব'
নাগামিজtaiতাই
ডিমাচাbuবু
আওpaপা
টাইমান্মান্
বাংলাসে, হে, তিনি, উনি, হেইন, ইনি, এইন, ওক্ৰমে চে, হে, তিনি, উনি, হেইন, ইনি, এইন, ও

আলোচিত বা পূৰ্বে-উল্লিখিত পুৰুষজন

[সম্পাদনা কৰক]
ভাষানিৰ্দিষ্ট ভাষাৰ লিপিতঅসমীয়া লিপিত
বাংলাতিনি, উনিক্ৰমে তিনি, উনি

'তেওঁ'ৰ ব্যৱহাৰৰ উদাহৰণ

[সম্পাদনা কৰক]
  • ....হোৱাৰ আশাতে আছে; তেওঁ এতিয়াও গোহাঞিদেৱৰ আশাতে দিন নিয়াইছে। মোৰ আঁচলৰ নিধি, হৃদয়ৰ মাণিক চুৰ কৰিবলৈ তেওঁ ছেগ চাই ফুৰিছে; সেই কাৰণেই, তেওঁ মোৰপৰা গোহাঞিদেৱৰ.... -- ভানুমতী
  • ....কিহৰে তেওঁ গঠিত হ'ল আৰু কেতিয়া ক'ত তেওঁৰ ওৰ পৰিব, ইত্যাদি সূৰ্য্যৰ সম্পূৰ্ণ জ্ঞান আমাৰ অজ্ঞেয়; কিন্তু তেওঁৰ সৈতে আমাৰ অছেদ অভেদ সমন্ধ আৰু তেওঁ যিমান.... -- তত্ত্ব-কথা
  • ....সৰহ, গতিকে তেওঁ চিপাহীৰ ৰণত জিকিব নোৱাৰিলে। পাচত তেওঁ দেখিলে যে ভঁৰাল ৰাখিবৰ আৰু উপায় নাই, সি নিশ্চয় বিদ্ৰোহীৰ হাতত পৰিব, সেই দেখি তেওঁ তাক পুৰি পেলোৱা.... -- সাৰথি

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ xobdo.org চাইটত সন্ধান কৰি পোৱা ফলাফল। আহৰণ কৰা হৈছে: ২০/৬/২০১৫, ভাৰতীয় মান সময়
  2. ↑ ড॰ দাস আৰু ড॰ ভট্টাচাৰ্যৰ 'ৰচনা সঞ্চয়ন' গ্ৰন্থৰ ৭৭ নং পৃষ্ঠা
  3. ↑ xobdo.org search result
  4. ↑ xobdo.org search result
  5. ↑ xobdo.org