লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান | |
. | |
ভৌগলিক | |
---|---|
অৱস্থান | তেজপুৰ, উত্তৰ-পূব ভাৰত, অসম, ভাৰত |
সংস্থান | |
চিকিৎসালয়ৰ প্ৰকাৰ | বিশেষত্ব |
সেৱাসমূহ | |
সংযোগসমূহ | |
ৱেবছাইট | www.lgbrimh.org |
তালিকা |
ভাৰতবৰ্ষত ব্ৰিটিছৰ আগমণৰ পৰাহে মানসিকভাৱে অসুস্থ লোকক আনৰপৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে ফাটেকত থোৱাৰ ব্যৱস্থা কৰা হৈছিল। বৰ্তমান ৮১ একৰ মাটিকালিৰ এই প্ৰতিষ্ঠানটোত মুঠ ৩৩৬ জন পুৰুষ-মহিলাৰ বাবে পৃথক পৃথক থকাৰ ব্যৱস্থা, চিকিৎসক-কৰ্মচাৰীৰ বাবে আৱাস, পেথ’ল’জিকেল পৰীক্ষাগাৰ, পুথিভঁৰাল, পুনৰ্সংস্থাপন বিভাগ আদিৰ সুবিধা আছে । Psychiatry, Psychiaric nursing আদি বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পি.জি. আৰু এম.ফিল. পাঠ্যক্ৰমো অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই বছৰৰ পৰা Clinical Psychiatry course ৰ বাবেও অনুমোদন লাভ কৰা হৈছে ।
ইতিহাস
[সম্পাদনা কৰক]১৮৭৬ চনত ব্ৰিটিছে ঢাকা পগলা ফাটেকৰ পৰা সেই অঞ্চলৰ ৰোগীসকলক স্থানান্তৰ কৰি স্থানীয় লোকৰ সুবিধাৰ্থে তেজপুৰতে এখন পগলা ফাটেক স্থাপন কৰিছিল[1]। গিৰিষ চন্দ্ৰ দাস (পিছলৈ অধীক্ষক) নামৰ এগৰাকী স্বাস্থ্য সহায়কৰ তত্বাৱধানত তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল । কিন্তু তেতিয়ালৈকে ৰোগীসকলৰ হাত-ভৰি বান্ধি ৰখা হৈছিল আৰু প্ৰয়োজনসাপেক্ষে উন্মাদ ৰোগীক চে’লত ৰখাৰ ব্যৱস্থাও আছিল ।
১৯২২ চনত ৰোগীৰ হাত-ভৰিৰ বান্ধোন খুলি প্ৰকৃত চিকিৎসা আৰম্ভ কৰি ‘পগলা ফাটেক’ নামটো সলাই তেজপুৰ মানসিক চিকিৎসালয় ৰখা হয় । ১৯৩২ চনত নতুনকৈ অধীক্ষক নিয়োগ কৰি চিকিৎসালয়ৰ কাম-কাজ জিলা প্ৰশাসনৰ হাতৰ পৰা অধীক্ষকৰ হাতত ন্যস্ত কৰা হয় । ১৯৮৩-৮৪ চনত ভাৰতৰ পৰিকল্পনা আয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্য বিকাশ আৰু সেৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি এখন উন্নয়ন কমিটী গঠন কৰি দিয়ে । ১৯৮৭ চনত বৰ্হি ৰোগী বিভাগ নিৰ্মাণ কৰি চিকিৎসালয়খনৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য কেন্দ্ৰ কৰা হয় । ১৯৯৯ চনত উত্তৰ-পূব পৰিষদ আৰু অসম চৰকাৰৰ মাজত হোৱা দ্বিপাক্ষিক চুক্তি অনুযায়ী চিকিৎসালয়খনৰ সমস্ত দায়িত্ব উত্তৰ-পূব পৰিষদৰ হাতলৈ যায় । ২০০৭ চনৰ ১ জুনৰ পৰা ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এটা সৰ্বাংগসুন্দৰ অনুষ্ঠানলৈ গঢ় দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগে দায়িত্ব গ্ৰহণ কৰে[1]।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ ইতিহাস". LGBRIMH, Tezpur. Archived from the original on March 16, 2015. https://web.archive.org/web/20150316080619/http://lgbrimh.org/History.html। আহৰণ কৰা হৈছে: September 26, 2012.