তৈয়বউল্লা
তৈয়বুল্লাহ/মৌলানা তৈয়বুল্লাহ | |
---|---|
জন্ম | ১৯৯৪ চন গুৱাহাটী, অসম |
মৃত্যু | ১৯৬০ চন, ৩০ অক্টোবৰ |
সংস্থা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাধীনতা আন্দোলন |
তৈয়বুউল্লা ওৰফে মৌলানা তৈয়বুল্লাহ(ইংৰাজী: Moulana Taybullah) এগাৰকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কৰ্মী আৰু স্বাধীনতা আন্দোলনৰ সংগ্ৰামী আছিল৷ স্বাধীনোত্তৰ অসমত বিধানসভালৈ নিৰ্বাচিত হৈ তেওঁ মন্ত্ৰীত্বৰ দায়িত্ব পায়ো পালন কৰা নাছিল৷[1] তদুপৰি এগৰাকী লেখক হিচাপেও তেওঁ খ্যাতি লাভ কৰিছিল৷ গুৱাহাটীৰ চৰকাৰী হাকিম মছিয়ৎ উল্লাহৰ সন্তান তৈয়বুল্লাহৰ জন্ম হৈছিল ১৮৯৪ চনত৷[2][3] ‘কাৰাগাৰৰ চিঠি আৰু পোন্ধৰ আগষ্ট’ তেওঁৰ উল্লেখযোগ্য সাহিত্যকৃতি৷
শিক্ষা
[সম্পাদনা কৰক]তৈয়বুল্লাহে গোলাঘাট বেজবৰুৱা হাইস্কুলত আৰু পিছত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পাছ কৰি ১৯০৯ চনত অসম উপত্যকাৰ ভিতৰত প্ৰথম হৈ সোণৰ পদক লাভ কৰে৷ কটন কলেজৰ পৰা প্ৰথম বিভাগত আই,এছ,চি পাছ কৰে৷ পাছত কলিকতা প্ৰেছিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত সন্মানসহ বি,এছ,ছি ডিগ্ৰী লাভ কৰে৷ তেওঁ কলিকতাতৰ অমিশ্ৰ গণিতৰ স্নাতকোত্তৰ পাঠ গ্ৰহণ কৰিছিল যদিও পৰীক্ষা দিয়া নহ’ল৷ কলিকতাৰ পৰাই তেওঁ আইনৰ স্নাতক হৈ অসমলৈ উভতি আহে৷[2][1]
কৰ্মজীৱন
[সম্পাদনা কৰক]কলিকতাৰ পৰা শিক্ষা সাং কৰি তৈয়বুল্লাহে ১৯১৯ চনত গুৱাহাটীত ওকালতি আৰম্ভ কৰিছিল৷ ১৯২২ চনৰ পৰা ১৯২৪ চনলৈ তেওঁ আলিগড়ৰ “জামিয়া মিলিয়া ইচলামিয়া’’ত দুবছৰ বিজ্ঞান শিক্ষকৰূপে কাম কৰিছিল৷[2][1]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]স্বাধীনতা আন্দোলনত এগৰাকী কংগ্ৰেছ কৰ্মীৰূপে তৈয়বুল্লাহে সক্ৰিয় ভূমিকা পালন কৰিছিল৷ ১৯২২ চনত তেওঁ গুৱাহাটী জিলা কংগ্ৰেছৰ সম্পাদক আৰু পিছলৈ সভাপতি হৈছিল৷ ১৯২৬ চনত পাণ্ডুত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ আদৰণী সমিতিৰ সম্পাদক হৈছিল৷ বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰি তেওঁ দুবাৰ কাৰাবৰণ কৰিছিল৷ প্ৰথমবাৰ ছমাহ কাল আৰু পিছত ১৯৪২ চনৰ পৰা ১৯৪৫ চনলৈ জেল খাটিছিল৷ স্বাধীনতাৰ পিছত মঙলদৈ সমষ্টিৰ পৰা বিনা-প্ৰতিদ্বন্দিতাৰে তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ বিধায়ক হৈ থকা অৱস্থাত তেওঁক মন্ত্ৰীত্ব যচা হৈছিল যদিও তেওঁ স্বেচ্ছাই সেই পদ ত্যাগ কৰিছিল বুলি জনা যায়৷[2][1][3]
সাহিত্য
[সম্পাদনা কৰক]মৌলানা তৈয়বুল্লাহে ৰাজনৈতিক জীৱনৰ লগতে সাহিত্যৰ দিশতো মনোনিৱেশ কৰিছিল৷ পদ্মধৰ চলিহা সম্পাদক হৈ থকা সময়ত “অসমীয়া’’ কাকতৰ লগতো তেওঁ জড়িত হৈছিল৷ কাৰাগাৰত থকা সময়ত তেওঁ “কাৰাগাৰৰ চিঠি আৰু পোন্ধৰ আগষ্ট’’ নামে এখনি পুথি ৰচনা কৰিছিল, যিখন ১৯৬২ চনত প্ৰকাশ পাইছিল৷ তদুপৰি তেওঁ উন্মুল কোৰাণ, Islam and Non Violence, Between the Symbol and the Idol at Last নামে তিনিখন পুথি ৰচনা কৰিছিল৷[2][3]
মৃত্যু
[সম্পাদনা কৰক]১৯৬০ চনৰ ৩০ অক্টোবৰত তেওঁৰ মৃত্যু হৈছিল৷[3]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 ডেকা, কনকচন্দ্ৰ (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃষ্ঠা. ১৪৬.
- ↑ 2.0 2.1 2.2 2.3 2.4 বৰ্মন, শিৱনাথ (২০১৮). জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ১৯৯. ISBN 978-81-7339-428-7.
- ↑ 3.0 3.1 3.2 3.3 ৰহমান, আবদুৰ (২০০৮). অসমৰ মুছলমানসকল. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ১৮৫.