ত্ৰিপুৰাৰ লোক-নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ত্ৰিপুৰাৰ লোক-নৃত্য বা ত্ৰিপুৰী নৃত্য বুলিলে উত্তৰ-পূব ভাৰতত্ৰিপুৰা ৰাজ্যত প্ৰদৰ্শিত কেইবাবিধো লোক-নৃত্যক বুজোৱা হয়। এই নৃত্যবোৰ ত্ৰিপুৰাৰ বিভিন্ন স্থানীয় বাৰ্ষিক উদযাপন, যেনে বীজ সিঁচা আৰু শস্য চপোৱা উৎসৱৰ সময়ত ত্ৰিপুৰী (বৃহত্তম আঞ্চলিক জনগোষ্ঠী) আৰু মগ (বা মাৰমা) জনগোষ্ঠীৰ লোকসকলে পৰিবেশন কৰে।

নৃত্যশিল্পীসকল[সম্পাদনা কৰক]

জনজাতীয় সম্প্ৰদায়ৰ ভিতৰত সংখ্যাগৰিষ্ঠ হ’ল ত্ৰিপুৰাৰ পাহাৰত ঝুম খেতি কৰি জীৱন নিৰ্বাহ কৰা ত্ৰিপুৰী সম্প্ৰদায়। তেওঁলোকৰ নৃত্য আৰু উৎসৱ সাধাৰণতে কৃষিক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে।[1] অন্যান্য বৃহৎ স্থানীয় জনগোষ্ঠী যেনে মাৰমা, হালাম আৰু ৰিয়াংসকলেও এই নৃত্য উৎসৱসমূহৰ নিজা সংস্কৰণসমূহ পালন কৰে।[2]

নৃত্যসমূহ[সম্পাদনা কৰক]

গৰিয়া নৃত্য[সম্পাদনা কৰক]

ত্ৰিপুৰীসকলে ঝুম খেতি কৰে আৰু বীজ সিঁচাৰ বতৰত গৰিয়া পূজা পালন কৰে। প্ৰচুৰ শস্যৰ উৎপাদনৰ কামনাৰে প্ৰাৰ্থনা আৰু পূজাৰ লগতে গৰিয়া নৃত্যৰ জৰিয়তে এপ্ৰিল মাহত বাবা গৰিয়াক স্মৰণ কৰি উৎসৱ উদ্‌যাপন কৰে।[3] এপ্ৰিল মাহত শস্যৰ বীজ সিঁচাৰ[4] সময়ত অনুষ্ঠিত কৰা গৰিয়া নৃত্য উৎসৱত ত্ৰিপুৰীসকলৰ উপৰিও অন্যান্য জনগোষ্ঠীৰ লোককো অন্তৰ্ভুক্ত কৰা হয়।[5] এই নৃত্যৰ লগত ঢোল আৰু বাঁহী সংগত কৰা হয়,[6] আৰু ইয়াত পুৰুষ মহিলা উভয়ে এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ প্ৰকৃতিৰ বিভিন্ন দিশৰ অনুকৰণত মুদ্ৰা প্ৰদৰ্শনৰ নৃত্য কৰি যাত্ৰা কৰে।[7]

হাই-হাক নৃত্য[সম্পাদনা কৰক]

হাই-হাক নৃত্য হৈছে ত্ৰিপুৰৰ হালাম সম্প্ৰদায়ৰ লোকসকলে পালন কৰা এবিধ লোক-নৃত্য। সাধাৰণতে লক্ষ্মী দেৱীৰ উপাসনা স্থানত বাৰ্ষিক শস্য চপোৱাৰ পিছত লক্ষ্মী দেৱীক অৰ্চনা জনোৱাৰ বাবে এই নৃত্য পৰিৱেশন কৰা হয়।[8]

হোজাগিৰি/হজাগিৰি[সম্পাদনা কৰক]

হোজাগিৰি নৃত্যশিল্পী

হোজাগিৰি (হজাগিৰি) হৈছে ৰিয়াং সম্প্ৰদায়ৰ যুৱতীসকলে পৰিবেশন কৰা এক প্ৰকাৰৰ লোক-নৃত্য।[9][10] এই নৃত্যত চাৰিৰ পৰা ছয়গৰাকীমান সদস্যৰ এটা নৃত্য শিল্পীৰ গোটে গীত গাই গাই শৰীৰৰ কেৱল তলৰ অংশটোহে লৰচৰ কৰি মূৰ আৰু হাতত বিভিন্ন বস্তু বা সামগ্ৰীৰ (যেনে মূৰত বটল বা মাটিৰ কলহ; আৰু হাতত লেম্প) ভাৰসাম্য ৰক্ষা কৰি নৃত্য কৰে।[11]

ঝুম নৃত্য[সম্পাদনা কৰক]

ঝুম নৃত্য কেৱল যুৱক যুৱতী সকলেহে পৰিৱেশন কৰে।[12]

লেবাং বুমনি নৃত্য[সম্পাদনা কৰক]

শস্য চপোৱাৰ সময়ত পৰিৱেশন কৰা লেবাং বুমনি নৃত্যত পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰে। পুৰুষসকলে টকা[13] নামৰ বাঁহৰ এবিধ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি এটা ছন্দ সৃষ্টি কৰে আৰু মহিলাসকলে সেই ছন্দে ছন্দে ৰঙীন কাপোৰ জোকাৰি লেবাং (অঞ্চলটোত পোৱা এবিধ ৰঙীন পোক) ধৰিবলৈ যত্ন কৰে। টকাৰ ছন্দময় শব্দত লেবাং বোৰ লুকাই থকা ঠাইৰ পৰা ওলায় আহে আৰু তাৰ ফলত মহিলাসকলে ধৰিব পাৰে বুলি ভবা হয়।[14][15] এই নৃত্যৰ লগত বাঁহী, খাম্ব, পুং নামেৰে জনাজাত তত্ বাদ্য, আৰু সাৰিন্দা আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। মহিলাসকলে ৰূপৰ শিকলি, আঙঠি আৰু খাৰু পৰিধান কৰে লগতে ব্ৰঞ্জৰ কাণ ফুলি আৰু নাক ফুলি পিন্ধে।[16]

লেবাং[সম্পাদনা কৰক]

গৰিয়া পূজাৰ পিছতে ত্ৰিপুৰীসকলে বাৰিষাৰ বাবে অপেক্ষা কৰি থকাৰ বাবে কৃষি কাৰ্যত কিছু স্থবিৰতা আহি পৰে। এই সময়ছোৱাত নতুনকৈ সিঁচা বীজৰ সন্ধানত পাহাৰৰ পৰা লেবাং নামৰ এবিধ ৰঙীন পোক নামি আহি শস্যবোৰ নষ্ট কৰে। নৃত্যশিল্পীসকলে কেনেকৈ বাঁহৰ টকাৰ শব্দৰে কেনেকৈ লেবাং পাৰি তাক চিত্ৰিত কৰি দেখুৱাই। ত্ৰিপুৰীসকলৰ মতে ধৰা পৰা লেবাংৰ সংখ্যাই শস্য উৎপাদন কিমান ভাল হ’ব তাৰ ইংগিত বহন কৰে।[1][13]

মমিতা নৃত্য[সম্পাদনা কৰক]

ত্ৰিপুৰী সকলৰ এন্য এক শস্য চপোৱাৰ উৎসৱ মমিতা উৎসৱত মমিতা নৃত্য পৰিবেশন কৰা হয়।[17]

মোছাক সুমনি নৃত্য[সম্পাদনা কৰক]

মোছাক চুলমানী নৃত্য হৈছে এক ভাৰতীয় পৰম্পৰাগত নৃত্য। ইয়াৰ উৎপত্তি ত্ৰিপুৰাৰ চিকাৰ ৰীতিৰ পৰা হৈছিল। এই নৃত্যৰ জৰিয়তে চিকাৰৰ কৌশলসমূহ প্ৰদৰ্শন কৰা হয়।[18]

ওৱা নাচ[সম্পাদনা কৰক]

এই নৃত্য ত্ৰিপুৰাৰ মাৰমা সম্প্ৰদায়ৰ এক অন্যতম পৰম্পৰাগত নৃত্য। মগ বুলিও জনাজাত মাৰ্মাসকল বৌদ্ধ ধৰ্মী; আৰু ওৱা-চো-লাব্ৰে হৈছে তেওঁলোকৰ অন্যতম প্ৰধান বৌদ্ধ উৎসৱ। বাংলা পঞ্জিকাৰ অশ্বিন মাহৰ পূৰ্ণিমা তিথিত মগসকলে ওৱা উৎসৱ পালন কৰে। এই উৱসৱত তেওঁলোকে বৌদ্ধ মন্দিৰলৈ গৈ পাৰ্থনা কৰে আৰু নদীত কাগজৰ নাও উটুৱাই।[2][19]

সাংগ্ৰাই নৃত্য[সম্পাদনা কৰক]

সাংগ্ৰাই উৎসৱত মাৰমাসকলে সাংগ্ৰাই নৃত্য পৰিবেশন কৰে। সাংগ্ৰাই হৈছে এক প্ৰকাৰৰ পৰম্পৰাগত ভাৰতীয় নৃত্য। ২০১৮ চনৰ ২৬ জানুৱাৰীত নতুন দিল্লীৰ ৰাজপথত অনুষ্ঠিত ভাৰতৰ গণৰাজ্য দিৱসত ত্ৰিপুৰাৰ মগ জনগোষ্ঠীৰ পৰম্পৰাগত সাংগ্ৰাই নৃত্য প্ৰদৰ্শন কৰা হৈছিল।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Folk Dances of Tripura". http://tsu.trp.nic.in/tripura/culm2.htm। আহৰণ কৰা হৈছে: 21 March 2013. 
  2. 2.0 2.1 2.2 Dey, Kallol (7 January 2018). "Sangrai dance from Tripura to debut at Rajpath on Republic Day". The Indian Express. https://indianexpress.com/article/north-east-india/tripura/sangrai-dance-from-tripura-to-debut-at-rajpath-on-republic-day-5011526/। আহৰণ কৰা হৈছে: 31 December 2018. 
  3. Raatan, T (2006). History, Religion, Culture of North East India. প্ৰকাশক New Delhi: Isha Books. পৃষ্ঠা. 302. ISBN 9788182051782. https://books.google.com/books?id=L8x0ZLkFdFkC&q=Lebang+Boomani&pg=PA302. 
  4. "Tribal Dances of Tripura". Archived from the original on 29 April 2013. https://web.archive.org/web/20130429201512/http://www.destinationindiatourism.com/discover-india/north-east-tribal-tourism/tripura/tribal-dances-of-tripura.html। আহৰণ কৰা হৈছে: 21 March 2013. 
  5. S.C. Bhatt, Gopal K. Bhargava (eds), Land and People of Indian States and Union Territories: Volume 26: Tripura, p. 180, Kalpaz Publications, 2006 আই.এচ.বি.এন. 8178353822.
  6. Debapriya Deb Barman, Treatise on Traditional Social Institutions of the Tripuri Community, p. 104, Directorate of Research, Department of Welfare for Scheduled Tribes and Scheduled Castes, Government of Tripura, 1984 OCLC 610605741
  7. Surajit Debbarma, "Folk music and dances of Tripura: with special reference to Tripura tribe" Archived 17 November 2017 at the Wayback Machine, The Creative Launcher, vol. 2, iss. 3, August 2017 সাঁচ:ISSN
  8. "Hai-Hak Dance in India" (en ভাষাত). www.india9.com. https://www.india9.com/i9show/Hai-Hak-Dance-17594.htm। আহৰণ কৰা হৈছে: 2022-07-08. 
  9. "Hojagiri". Tripura.org.in. http://www.tripura.org.in/goriamwsa.htm। আহৰণ কৰা হৈছে: 24 January 2012. 
  10. "Tripura, the land of fourteen gods and million statues". www.tripura.org.in. http://www.tripura.org.in/hojagiri.htm. 
  11. "The folk dance and music of Tripura" (PDF). Tripura Tribal Areas Autonomous District Council. Archived from the original on 2 April 2013. https://web.archive.org/web/20130402002735/http://www.ttaadc.nic.in/folkCultureofTripura.pdf। আহৰণ কৰা হৈছে: 7 July 2012. 
  12. Gupta, Shobhna (2002). Dances Of India. Har-Anand Publications. পৃষ্ঠা. 85. ISBN 978-81-241-0866-6. https://books.google.com/books?id=7KeAES9dsUcC&pg=PA85। আহৰণ কৰা হৈছে: 26 April 2013. 
  13. 13.0 13.1 "Tripura - tribal and folk dance forms". Eastern Zonal Cultural Centre. http://ezccindia.org/tripura.html। আহৰণ কৰা হৈছে: 21 March 2013. 
  14. "Celebration of Life". Access Northeast. Archived from the original on 3 December 2008. https://web.archive.org/web/20081203173534/http://www.nenanews.com/ANE%20Nov%201-15,05/culture.htm। আহৰণ কৰা হৈছে: 21 March 2013. 
  15. "Tripura Dance". http://www.incredible-northeastindia.com/tripura/music-dance.html। আহৰণ কৰা হৈছে: 21 March 2013. 
  16. Bhatt, S C (2006). Land & People of Indian States and Union Territories. প্ৰকাশক New Delhi: Kalpaz Publications. পৃষ্ঠা. 181. ISBN 9788178353562. https://books.google.com/books?id=nCeQfWe6Am4C&q=Lebang+Boomani&pg=PA181. 
  17. "Mamita". Tripura.org. http://www.tripura.org.in/mamita.htm। আহৰণ কৰা হৈছে: 26 April 2013. 
  18. "Mosak Sumani" (en ভাষাত). Indian Culture. https://www.indianculture.gov.in/intangible-cultural-heritage/performing-arts/mosak-sumani। আহৰণ কৰা হৈছে: 9 May 2022. 
  19. "Tripura", Diligent IAS, https://diligentias.com/tripura-states-information-and-important-facts/, আহৰণ কৰা হৈছে: 2022-07-10