ত্ৰিবেণী আচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ত্ৰিবেণী আচাৰ্য
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সংস্থা ৰেচকিউ ফাউণ্ডেচন
জনা যায় সাংবাদিক, সমাজকৰ্মী
বঁটা, সন্মান, পুৰস্কাৰ আদি এচিয়ান ডেমক্ৰেচি এণ্ড হিউমেন ৰাইটচ্ এৱাৰ্ড (২০১০)
চিভিল কাৰেজ প্ৰাইজ (২০১১)
ৱৰ্ল্ড অৱ চিলড্ৰেন হিউমেনিটেৰিয়ান এৱাৰ্ড (২০১৩)

ত্ৰিবেণী আচাৰ্য (ইংৰাজী: Triveni Acharya;) মুম্বাইবাসী এগৰাকী ভাৰতীয় সাংবাদিক আৰু এক্টিভিষ্ট। তেওঁ ঘাইকৈ যৌন সৰবৰাহ-বিৰোধী গোট ৰেচকিউ ফাউণ্ডেচনৰ সৈতে কৰা কামৰ বাবে জনাজাত। বিশ বছৰৰো অধিক সময় ধৰি ত্ৰিবেণী আচাৰ্যই বাধ্য হৈ যৌন ব্যৱসায়ত লিপ্ত হোৱা আৰু সৰবৰাহ কৰা যুৱতী আৰু মহিলাসকলক উদ্ধাৰ কৰিবলৈ অক্লান্ত ভাৱে কাম কৰি আহিছে আৰু তেওঁলোকক সেই জীৱন ঘূৰাই দিয়াৰ চেষ্টা কৰিছে আহিছে, যি জীৱন প্ৰকৃততে তেওঁলোকৰ প্ৰাপ্য। এতিয়ালৈকে তেওঁ তেওঁৰ সংগঠনৰ জৰিয়তে প্ৰায় চাৰি হাজাৰ ভুক্তভোগীক উদ্ধাৰ কৰিছে আৰু এটি নতুন জীৱন দিছে।[1]

ৰেচকিউ ফাউণ্ডেচন নামৰ সেচ্ছাসেৱী সংস্থাটো ত্ৰিবেণীৰ স্বামী বালকৃষ্ণ আচাৰ্যই প্ৰতিষ্ঠা কৰিছিল, কিন্তু ২০০৫ চনত এক মটৰ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হোৱাত ত্ৰিবেণীয়ে ইয়াৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।[2] সংগঠনটোৱে বলপূৰ্বক পতিতাবৃত্তিৰ বাবে বিক্ৰী কৰা আৰু ভাৰত, নেপাল আৰু বাংলাদেশৰ বিভিন্ন প্ৰান্তৰ মানৱ সৰবৰাহৰ চিকাৰ হোৱা ভুক্তভোগীসকলক উদ্ধাৰ, পুনৰ সংস্থাপন আৰু প্ৰত্যাৱৰ্তনৰ বাবে কাম কৰে।[3] সংস্থাৰ কৰ্মীসকলে ১৯৯৩ চনৰ পৰা ‘পতিতালয় অভিযান’ চলাই আহিছে।[4] সংগঠনটোৱে বছৰি মোটামুটি তিনিশজনী ছোৱালীক মুক্ত কৰে, আৰু লগতে সিহঁতক দিহা-পৰামৰ্শ (counseling), চাকৰিৰ প্ৰশিক্ষণ আৰু এইচ.আই.ভি. পৰীক্ষাৰ সুবিধা প্ৰদান কৰে।[5] যিহেতু এই অভিযানৰ ফলত প্ৰায়ে যৌন সৰবৰাহকাৰীসকলৰ গুৰুতৰ আৰ্থিক ক্ষতি বা কাৰাবাস হয়, সেয়ে তেওঁৰ কামৰ ফলস্বৰূপে ত্ৰিবেণী আচাৰ্যই ইতিমধ্যে কেইবাটাও মৃত্যুৰ ভাবুকি লাভ কৰিছে।[6]

আচাৰ্যৰ সভাপতিত্বত কৰা কামৰ বাবে ৰেচকিউ ফাউণ্ডেচনে বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ২০০৮ চনত, গোটটোৱে মহিলা উদ্যোগীসকলৰ বাবে ‘স্ত্ৰী শক্তি বঁটা’ লাভ কৰিছিল।[7] টাইৱানৰ ৰাষ্ট্ৰপতি মা ইং-জেউৱে আচাৰ্যলৈ টাইৱান ফাউণ্ডেশ্যন ফৰ ডেমক্ৰেচিৰ ‘এচিয়ান ডেমক্ৰেচি এণ্ড হিউমেন ৰাইটচ্ এৱাৰ্ড’ বঁটা প্ৰদান কৰাৰ লগতে ১,০০,০০০ আমেৰিকান ডলাৰৰ নগদ অনুদান আগবঢ়ায়।[5] এই বঁটাৰ বাবে এজন প্ৰাক্তন ভুক্তভোগীয়ে ৰেচকিউ ফাউণ্ডেচনৰ নাম মনোনীত কৰিছিল, যাক সংগঠনটোৱে মানৱ সৰবৰাহকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিছিল।[8] ২০১১ চনত আচাৰ্যই নিজেই ট্ৰেইন ফাউণ্ডেচনৰ ‘চিভিল কাৰেজ প্ৰাইজ’ লাভ কৰিছিল। দৃঢ়তাৰে অশুভ শক্তিৰ বিৰুদ্ধে যুঁজ দিয়া সকলক বছৰি এই বঁটা প্ৰদান কৰা হয়।[9] যৌন সৰবৰাহ, ঘৰুৱা হিংসা আৰু শিশু পৰ্ণগ্ৰাফীৰ বিৰূদ্ধে কাম কৰা মেক্সিকান সাংবাদিক লিডিয়া কেচ’ ৰিবেৰ’ৰ সৈতে যুটীয়াভাৱে আচাৰ্যক এই বঁটা প্ৰদান কৰা হৈছিল।[10] ২০১৩ চনত, ৰেচিকিউ ফাউণ্ডেচনৰ সৈতে একেলগে কৰা কামৰ বাবে ত্ৰিবেণীক ‘ৱৰ্ল্ড অৱ চিলড্ৰেন হিউমেনিটেৰিয়ান এৱাৰ্ডেৰে’ সন্মানিত কৰা হয়।[11] এই স্বীকৃতিৰ সৈতে নগদ ৭৫,০০০ ডলাৰৰ অনুদান আগবঢ়োৱা হৈছিল।[12]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "TRIVENI ACHARYA". https://worldofchildren.org/. https://worldofchildren.org/honoree/triveni-acharya/। আহৰণ কৰা হৈছে: 2 February 2023. 
  2. "About Us". Rescue Foundation. Archived from the original on 1 August 2009. https://web.archive.org/web/20090801100145/http://www.rescuefoundation.net/about-us.html। আহৰণ কৰা হৈছে: 15 January 2012. 
  3. "Welcome to Rescue Foundation". Rescue Foundation. Archived from the original on 30 January 2012. https://web.archive.org/web/20120130022006/http://www.rescuefoundation.net/home.html। আহৰণ কৰা হৈছে: 15 January 2012. 
  4. Mallika Kapur (2011). "Bound cruelly to their work". The Hindu Business Line. http://www.thehindubusinessline.com/features/life/article2656540.ece। আহৰণ কৰা হৈছে: 15 January 2012. 
  5. 5.0 5.1 "Indian NGO wins accolades". Hindustan Times. 10 December 2010. Archived from the original on 30 September 2013. https://web.archive.org/web/20130930115237/http://www.hindustantimes.com/News-Feed/India/Indian-NGO-wins-accolades/Article1-636642.aspx। আহৰণ কৰা হৈছে: 15 January 2012. 
  6. "Triveni Acharya, Civil Courage Prize Honoree 2011". Civil Courage Prize. 2011. http://www.civilcourageprize.org/acharya.htm। আহৰণ কৰা হৈছে: 15 January 2012. 
  7. "A woman-friendly step, says Sonia". The Hindu. 9 March 2008. Archived from the original on 13 March 2008. https://web.archive.org/web/20080313213529/http://www.hindu.com/2008/03/09/stories/2008030958490800.htm। আহৰণ কৰা হৈছে: 15 January 2012. 
  8. Flora Wang (9 November 2010). "Rescue Foundation wins this year’s rights award". Taipei Times. http://www.taipeitimes.com/News/taiwan/archives/2010/11/09/2003488095। আহৰণ কৰা হৈছে: 15 January 2012. 
  9. "About the Prize". Civil Courage Prize. 2012. http://www.civilcourageprize.org/about-prize.htm। আহৰণ কৰা হৈছে: 15 January 2012. 
  10. "2011 Civil Courage Prize Honoree". civilcourageprize.org. October 2011. http://www.civilcourageprize.org/honoree-2011.htm। আহৰণ কৰা হৈছে: 4 January 2012. 
  11. "2013 Humanitarian Honoree World of Children Award". worldofchildren.org. September 2013. http://www.worldofchildren.org/honoree/triveni-acharya/। আহৰণ কৰা হৈছে: 24 September 2013. 
  12. "World of Children Award Cash Grant Awards". worldofchildren.org. http://www.worldofchildren.org/theaward/awards-we-give/। আহৰণ কৰা হৈছে: 24 September 2013.