থাপনা (মুখপত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

থাপনা হাফলং নামঘৰৰ বছৰেকীয়া মুখপত্ৰ৷ “থাপনা’’ৰ ভাষা অসমীয়া৷ নামঘৰৰ মুখপত্ৰ যদিও ইয়াত কেৱল ধৰ্মীয় বিষয়বস্তুহে আছে এনে নহয়, ইয়াত হাফলঙৰ জাতি-জনজাতিৰ নানা সাংস্কৃতিক বিষয়ৰ লেখাই ঠাই পায়৷

বিৱৰণ[সম্পাদনা কৰক]

পাহাৰীয়া জিলা ডিমা হাচাওৰ সদৰ ঠাই হাফলঙত চাকৰিসূত্ৰে বাস কৰা ভৈয়ামৰ অসমীয়াভাষী অসমীয়া লোকৰ মিলনৰ একমাত্ৰ উমৈহতীয়া ঠাই হাফলং নামঘৰ৷ এই নামঘৰৰে ৭ আগষ্টৰ প্ৰতিষ্ঠা দিৱসত প্ৰতি বছৰে “থাপনা’’ উন্মোচন কৰা হয়৷ “থাপনা’’ৰ সূচনা হৈছিল, ১৯৯১ চনৰ ৭ আগষ্ট তাৰিখে৷ প্ৰথম সংখ্যাৰ পৰা একেৰাহে চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যালৈ সম্পাদক আছিল ধৰ্মেশ্বৰ দুৱৰা৷ চতুৰ্থ সংখ্যাটি প্ৰকাশ পোৱাৰ পিছত “থাপনা’’ অদৃশ্য কাৰণত বন্ধ হৈ যায়৷[1] দীৰ্ঘ বিৰতিৰ পাছত ২০০৮ চনত হাফলং নামঘৰৰ ৰূপালী জয়ন্তী বৰ্ষত পুনৰ মুখপত্ৰ “থাপনা’’ প্ৰকাশৰ সিদ্ধান্ত লোৱা হয়৷ এই উদ্দেশ্যে দিগন্ত দাসক সম্পাদক নিৰ্বাচিত কৰা হয়৷ সেইবৰ্ষৰ সংখ্যাটোক পঞ্চম সংখ্যা[2] হিচাপে ধৰি বৰ্তমানলৈ থাপনা প্ৰতি বছৰে প্ৰকাশ হৈ আছে৷ নামঘৰৰ পৰিচালনা সমিতিয়ে প্ৰতিবছৰে সম্পাদক আৰু সম্পাদনা সমিতি নিৰ্বাচিত কৰি দিয়ে আৰু তেওঁলোকে মুখপত্ৰখনি সজাই উলিয়ায়৷

থাপনাৰ প্ৰথম চাৰিটা সংখ্যা[সম্পাদনা কৰক]

থাপনাৰ প্ৰথম চাৰিটা সংখ্যাৰ সম্পাদক আছিল ধৰ্মেশ্বৰ দুৱৰা৷ তেখেতৰ সম্পাদনাত ড° মহেশ্বৰ নেওগ, বীৰেন্দ্ৰনাথ দত্ত, শিৱনাথ বৰ্মন, মেনসিং তেৰাং, কৰবী ডেকা হাজৰিকা, মোহিনী মোহন শইকীয়া, কেশৱানন্দ দেৱগোস্বামী, লীলা গগৈম যতিন্দ্ৰনাথ গোস্বামী, নাহেন্দ্ৰ পাদুন, বাপচন্দ্ৰ মহন্ত, সত্যেন্দ্ৰনাথ শৰ্মা, নবীন চন্দ্ৰ শৰ্মা আৰু প্ৰবীণ চন্দ্ৰ দাস আদি সাহিত্যিকৰ লেখা প্ৰকাশ পাইছিল৷ ঘাইকৈ গদ্যময় মুখপত্ৰখনত শংকৰী কলা-কৃষ্টি বিষয়ক লেখা দুৱৰাৰ সম্পাদনাত ঠাই পায়৷ গুৰুচৰিতৰ পুনৰ অধ্যয়নৰ আৱশ্যকতা, অসমত নৱ-বৈষ্ণৱ আদৰ্শ আৰু সংগঠন : সাম্প্ৰতিক সামাজিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, শংকৰী ধৰ্মৰ সৰলতা, মাধৱদেৱৰ দাৰ্শনিক চিন্তাধাৰা, হিন্দু-মুছলমানৰ সম্প্ৰীতি স্থাপনত ধৰ্মৰ ভূমিকা, গুৰু নানক আৰু শংকৰদেৱ, জেমী নগা সকলৰ ধৰ্মীয় পৰম্পৰা, শংকৰী সংস্কৃতি, অসমৰ জনজাতীয় সংস্কৃতিত শমকৰী সংস্কৃতিৰ প্ৰভাৱ, শাস্ত্ৰীয় সংগীত আৰু বৰগীত, অংকীয়া নাটৰ গদ্যৰীতি, পুতলা নাচ, অংকীয়া নাট ভাওনাৰ উৎপত্তি সন্দৰ্ভত মধ্যযুগৰ ভাৰতীয় নাট্যানুষ্ঠানৰ বিচাৰ আদি শিৰোনামাৰে বিভিন্ন লেখা থাপনাত প্ৰকাশ পাইছিল৷[3]

পৰৱৰ্তীকালৰ থাপনা[সম্পাদনা কৰক]

দিগন্ত দাসৰ সম্পাদনাত ৰূপালী জয়ন্তী বৰ্ষৰ থাপনা প্ৰকাশ পায় ২০০৮ চনত৷ মুঠ পৃষ্ঠা সংখ্যা আছিল, ৮০, আৰু এই সংখ্যা থাপনা স্থানীয় লেখক-লেখিকাসকলৰ বিভিন্ন প্ৰবন্ধ আদিৰে সজোৱা হয়৷ বৰ্তমানলৈ প্ৰতি বছৰে থাপনা বিভিন্ন সম্পাদকৰ সম্পাদনাত প্ৰকাশ পাই আছে৷

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. উত্তৰ কাছাৰেৰ পত্ৰপত্ৰিকা:একটি সম্পূৰ্ণ ইতিবৃত্ত, জগন্নাথ (চক্ৰৱৰ্তী), পৃ: নং; ১০৫ অতিৰিক্ত অধিকৰ্তা, শিক্ষা বিভাগ(পাৰ্বত্য) আসাম-এৰ অৰ্থসাহায্যে প্ৰকাশিত, ২০০১
  2. অনুভৱৰ এপিটাফ, গোলোক বৰা, থাপনা, হাফলং নামঘৰৰ মুখপত্ৰ, ২০০৮
  3. উত্তৰ কাছাৰেৰ পত্ৰপত্ৰিকা:একটি সম্পূৰ্ণ ইতিবৃত্ত, জগন্নাথ (চক্ৰৱৰ্তী), পৃ:নং; ১০৭ অতিৰিক্ত অধিকৰ্তা, শিক্ষা বিভাগ(পাৰ্বত্য) আসাম-এৰ অৰ্থসাহায্যে প্ৰকাশিত, ২০০১