সমললৈ যাওক

থিম্ফু

অসমীয়া ৱিকিপিডিয়াৰ পৰা

থিম্ফু (/(/tɪmˈpuː/; Dzongkha: ཐིམ་ཕུ [tʰimpʰu]; পূৰ্বতে থিম্বু ) ভূটান ৰাজ্যৰ সৰ্ববৃহৎ চহৰ আৰু ৰাজধানী। ই দেশখনৰ মধ্য ভাগৰ পশ্চিম ফালে অৱস্থিত আৰু এই অঞ্চলৰ চাৰিওকাষে আছে ভূটানৰ অন্যতম ঝংখাগ থিম্ফু জিলা। ১৯৫৫ত থিম্ফুক প্ৰাচীন ৰাজধানী পুনাখাৰ পৰিৱৰ্তে ৰাজধানী ঘোষণা কৰা হ'ল আৰু ১৯৬১ত ৰজা ৩য় ড্ৰুক গ্যাল্প' জিগ্মে ডৰ্জি ৱাংচুকে থিম্ফুক ভূটান ৰাজ্যৰ ৰাজধানী ঘোষণা কৰিলে।

ভূটানত ৱাং চু বা থিম্ফু চু নামেৰে জনাজাত ৰাইডাক নদীৰ দ্বাৰে সৃষ্ট উপত্যকাৰ পশ্চিম দিশে অৱস্থিত থিম্ফু উত্তৰ-দক্ষিণকৈ বিস্তৃত। ই বিশ্বৰ ৩য় উচ্চতম ৰাজধানী আৰু ২২৪৮ মিটাৰৰপৰা ২৬৪৮ মিটাৰ ওখ।[1][2][3][4][5] ৰাজধানী চহৰসমূহৰ বাবে অস্বাভাৱিকভাৱে, থিম্ফুত কোনো বিমান বন্দৰ নাই, ই পাৰ' বিমান বন্দৰৰ ওপৰত নিৰ্ভৰশীল, যি প্ৰায় ৫৪ কিলোমিটাৰ দূৰত অৱস্থিত।

ৰাজনৈতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে থিম্ফু কৃষি সম্বন্ধীয় আৰু পশু পালন সম্বন্ধীয় সামগ্ৰীৰে ভৰপূৰ আৰু ই দেশ খনৰ মুথ ৰাষ্ট্ৰীয় উৎপাদনৰ ৪৫% যোগান ধৰে।[6] যদিও পৰ্যতনে অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, পৰ্যতনৰ ক্ষেত্ৰত কিছু বাধা আৰোপ কৰা হৈছে যাতে পৰম্পৰা, বিকাশ আৰু আধুনিকীকৰণৰ ভাৰসম্য ৰক্ষা হয়। থিম্ফুতেই প্ৰায় গুৰুত্বপূৰ্ণ ৰাজনৈতিক স্থান সমূহ অৱস্থিত যেনে নতুনকৈ গঠিত সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰীয় এচেম্ব্লি আৰু ৰজাৰ বাসভৱন ডেচেঞ্চলিং ৰাজপ্ৰসাত। মেট্ৰপলিচ আৰু ৰাজধানী চহৰ হোৱাৰ বাবে অঞ্চলটোৰ ভাঙুনশীল অৰ্থনীতি ৰক্ষাৰ বাবে "থিম্ফু ষ্ট্ৰাক্সাৰ প্লেন" গঠন কৰা হৈছে। এই ঠাইৰ বিকাশত বিশ্ব বেংক আৰু এছীয় বিকাশ বেংকে সহায় কৰে।

ভূটানৰ সংস্কৃতি থিম্ফুৱে সাহিত্য, ধৰ্ম, ৰীতি-নীতি, সাজ্সজ্জা, পিন্ধন, সংগীত আদিত প্ৰতিফলিত। চেংচু উৎসৱত টাচিঞ্চ' জঙত প্ৰদৰ্শিত চাম নৃত্য চেপ্টেম্বৰ/অক্টোবৰত ৪ দিনৰ বাবে পালিত এক গুৰুত্বপূৰ্ণ উৎসৱ আৰু পালিত সংস্কৃতি।

সাধাৰণ তথ্য

[সম্পাদনা কৰক]
ভূটানৰ লোক

৩১ মে' ২০০৫ৰ লোকপিয়ল অনুযায়ী চহৰখনত ৭৯১৮৫ জনে বাস কৰে, প্ৰতি বৰ্গ কিলোমিটাৰত ৩০২৯জনৰ বসতিৰে। এই চহৰৰ মাটিকালি ১৮৪৩ কিলোমিটাৰত বিসতৃত, ২০১০ত জিলাখনৰ বাবে প্ৰকাশিত লগৰ সংখ্যা ১০৪২০০।[7] ২০১১ত চহৰখনৰ জনসংখ্যা আছিল প্ৰায় ৯১০০০।[8]

অৰ্থনীতি

[সম্পাদনা কৰক]
থিম্ফুৰ এখন দোকানৰ ভিতৰৰ দৃশ্য

চহৰখনৰ কৃষি আৰু পশুপালনে ভূটানৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদনলৈ ৪৫% অৱদান আগবঢ়াই। বিদ্যুৎ সৃষ্টিৰ বাবে জলবিদ্যুৎ প্ৰকল্প স্থাপনেও অৰ্থনীতিক ত্বৰান্বিত কৰিছে। পৰ্যতনে অৰ্থনীতিলৈ বিশেষ প্ৰভাৱ আনিছে যদিও ই বিকাশ আৰু আধুনিকীকৰণৰ মাজৰ ভাৰসাম্য ৰক্ষাৰ বাবে বাধিত। ভাৰত মুখ্য বাণিজ্য সহযোগী। উৎপাদিত ৯০% বিদ্যুৎ ভাৰতলৈ ৰপ্তানি কৰা হয়, আৰু ৭০%হে পিচে ভাৰতৰ পৰা আমদানি কৰা হয়। ভূটানৰ অৰ্থনীতি প্ৰায় সম্পূৰ্ণ ৰূপে ভাৰতৰ অৰ্থনৈতিক আৰু আন আন সহায়ৰ ওপৰত আশ্ৰিত। ভূটানৰ মুদ্ৰা ঙুল্ট্ৰুমৰ মূল্যও ভাৰতীয় টকাৰ সৈতে সমান ৰখা হৈছে।[9] চহৰ হ'লেও, ওচৰৰ থিম্ফু জিলাৰ অঞ্চলত  কৃষি মূল্য অধিক। ৰাজপ্ৰসাতৰ চাৰিওফালেও কৃষি ভূমি দেখা যায়। মুখ্যভাৱে ধান, মাকৈ আৰু ঘেঁহু খেতি কৰা হয়।[10]

থিম্ফুৰ স্থানীয় বজাৰ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Thimpu Dzongkhag". Government of Bhutan. Archived from the original on 2010-09-08. https://web.archive.org/web/20100908110431/http://www.thimphu.gov.bt/profile.php আহৰণ কৰা হৈছে: 2010-06-08.
  2. "Bhutan". Tourism Council of Bhutan:Government of Bhutan. Archived from the original on 2018-04-09. https://web.archive.org/web/20180409061821/http://www.tourism.gov.bt/about-bhutan আহৰণ কৰা হৈছে: 2010-06-07.
  3. "Introduction: Understanding Natural Systems". Government of Bhutan. Archived from the original on 2012-12-03. https://archive.is/20121203153417/http://www.dudh.gov.bt/Thimphustructural/partthree/3.3.html আহৰণ কৰা হৈছে: 2010-06-07.
  4. Brown, p. 97
  5. Palin, p. 245
  6. "Economy". Tourism Government of Bhutan. Archived from the original on 2014-06-14. https://web.archive.org/web/20140614122913/http://www.tourism.gov.bt/about-bhutan/Economy আহৰণ কৰা হৈছে: 2016-11-07.
  7. "Results of Population & Housing Census of Bhutan". Office of the Census Commissioner, Royal Government of Bhutan. 2005. Archived from the original on 2010-05-14. https://web.archive.org/web/20100514072540/http://www.citypopulation.de/Bhutan.html আহৰণ কৰা হৈছে: 2010-06-07.
  8. "আৰ্কাইভ কপি". Archived from the original on 2015-12-08. https://web.archive.org/web/20151208113417/http://bhutanobserver.bt/4883-bo-news-about-thimphu_citys_pilot_project_aims_to_segregate_waste.aspx আহৰণ কৰা হৈছে: 2016-11-07.
  9. "Bhutan: Economy". Tourism Council of Bhutan:Government of Bhutan. Archived from the original on 2014-06-14. https://web.archive.org/web/20140614122913/http://www.tourism.gov.bt/about-bhutan/Economy আহৰণ কৰা হৈছে: 2010-06-07.
  10. "Thimphu". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/592110/Thimphu আহৰণ কৰা হৈছে: 2010-06-05.