থিয়নাম
থিয়নাম বা বীৰনাম (ইংৰাজী: Thiyonaam or Beernaam) অসমৰ একশৰণ নৱবৈষ্ণৱ ধৰ্মৰ বিবিধ সংস্কৃতিৰ ভিতৰৰে এক পৰিৱেশ্য কলা৷ থিয়নামেৰে আনন্দময় পৰিৱেশত হৰিৰ কীৰ্তন কৰা হয়৷ অৰ্থাৎ ই একপ্ৰকাৰ কীৰ্তন৷
কীৰ্তনৰ প্ৰকাৰ
[সম্পাদনা কৰক]একশৰণ নৱবৈষ্ণৱ ধৰ্মত কেইবাপ্ৰকাৰৰ কীৰ্তনেৰে হৰিক আৰাধনা কৰা হয়; যেনে, বীৰ, নিবিড়, উপাংগ, মানস আৰু বিৰল৷ প্ৰত্যেক প্ৰকাৰ কীৰ্তনৰ পৰিৱেশন শৈলী বেলেগ বেলেগ৷ থিয় হৈ উদাত্তভাৱে নাগাৰা, তাল, টকা আৰু চাপৰিৰ সহায়ত যি কীৰ্তন কৰা হয় সি বীৰ কীৰ্তন, কেৱল ভোৰতাল বজাই একান্তমনে থাপনাৰ সম্মুখত বহি কৰা কীৰ্তন নিবিড় কীৰ্তন, কেৱল নৃত্যাদিৰ সহায়ত কৰা কীৰ্তন উপাংগ কীৰ্তন, মনত হৰিক চিন্তি মনে মনে কৰা কীৰ্তন মানস কীৰ্তন আৰু গোপনভাৱে কৰা কীৰ্তন হ’ল বিৰল কীৰ্তন৷[1]
থিয়নামৰ ইতিহাস
[সম্পাদনা কৰক]সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশ্য কলা থিয়নামৰ প্ৰকৃতি অনুধাৱন কৰি দেখা যায় ইয়াৰ ইতিহাস যথেষ্ট পুৰণি৷ কীৰ্তনত এই নামৰ উল্লেখ আছে৷ বলিছলনত তিনিপদ ভূমি দান কৰাৰ প্ৰতিশ্ৰুতিত বিষ্ণুৰ দ্বাৰা সুতলপুৰীলৈ যোৱা দৈত্যৰাজ বলিয়ে দৈত্যগণক লৈ হৰিকীৰ্তন কৰাৰ কথা উল্লেখ আছে৷ “উঠি কতো কীৰ্ত্তন কৰন্ত তাল ধৰি৷ দৈত্যগণে বেঢ়ি বাৱৈ চৌপাশে চাপৰি’’৷[2]
থিয়নাম সম্পৰ্কে গুৰুচৰিততো একাধিক উল্লেখ আছে৷ আহোম ৰজা চুহুংমুঙে হাতীয়ে পালভাঙি যোৱা বাবে শংকৰদেৱক ধৰিবলৈ মানুহ পঠিয়াইছিল৷ ৰজাৰ চাউদাঙে শংকৰদেৱক নাপাই মাধৱদেৱ আৰু জোৱায়েক হৰিক ধৰি নিছিল৷ দুয়োৰে মংগলৰ বাবে শংকৰদেৱে তিনিদিন ধৰি (লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা গুৰুচৰিতমতে মতে সাতদিন) পালনাম পাতে আৰু নামৰ অন্তত মাধৱদেৱ উভতি অহাৰ লগে লগে আনন্দত থিয় হৈ নাম গাবলৈ ধৰে আৰু ভক্তগণে বেৰি ধৰি নাম গাই সংগত কৰে৷ চৰিতপুথিৰ আন এক তথ্যমতে সুন্দৰীদিয়া সত্ৰৰ পূবদিশত থকা এটা বিলৰ পৰা যক্ষ খেদিবলৈ মাধবদেৱে পালনাম আৰম্ভ কৰি ভকতসকলে নাম গাই গাই গৈ বিলৰ পাৰৰ এডোখৰ ঠাইত থিয় হৈ নাম গাবলৈ ধৰিছিল৷ তাল নাগাৰাৰ শব্দত যক্ষ পলাই গৈছিল৷ সেই ঠাইডোখৰ এতিয়াও “যক্ষখেদা ভিঠি’’ নামে জনাজাত৷ তেতিয়াৰ পৰাই থিয়নামৰ প্ৰচলন হয়৷[3] [4]থিয়নাম প্ৰথমে উজনিৰ ধুঞাহাটাত আৰু তাৰপিছত সুন্দৰীদিয়া, বাৰাদি আদি সত্ৰত প্ৰচলন হয়৷ বদুলা আতা বা পদ্ম আতাই প্ৰায় এবছৰ কাল বৰপেটাত থাকি মথুৰাদাস বুঢ়া আতাৰ পৰা থিয়নামকে ধৰি সকলো সত্ৰীয়া কলা-সংস্কৃতি আয়ত্ত কৰি উজনিত থিয়নামৰ প্ৰচলন কৰে৷[4]
পৰিৱেশন শৈলী
[সম্পাদনা কৰক]থিয়নাম আৰম্ভ কৰাৰ আগতে বহি প্ৰসংগ কৰাৰ পিছতহে মূল অংশ পৰিৱেশন কৰা হয়৷ থিয়নামত পাঠকজনে সোঁমাজত থিয় হৈ শৰীৰৰ বিভিন্ন অংগ সঞ্চালন কৰি আৰু হাতেৰে নানা মুদ্ৰা ধৰি সুৰ লগাই নাম লগাই দিয়ে আৰু অৰ্ধবৃত্তাকাৰ ৰূপত থিয় হোৱা ভকত সংগীসকলে সেই একে সুৰ তালত নামৰ ঘোষা দোহাৰে৷ নাগাৰা, ডাঙৰ টকা আৰু ভোৰতাল সংগত কৰাৰ লগে লগে সকলোৱে চাপৰি বজাই নাম গায়৷ থিয়নামৰ পদসমূহ কীৰ্ত্তন দশম ঘোষা বৰগীত আদিৰ পৰা লোৱা হয়৷ ভকতসকলৰ পিন্ধনত ধুতি, পাঞ্জাৱী আৰু গামোচা থাকে৷ মূল পাঠকজনে চেলেং লোৱা নিয়ম৷[1] থিয়নামত ব্যৱহৃত তালবাদ্যৰ পৰাই ভোৰতাল নৃত্যৰ সৃষ্টি কৰা হয়৷ থিয়নামৰ পৰাই মহানন্দ সূত্ৰধাৰ, নৰহৰি বুঢ়াভকত আদি লোকে বিভিন্ন তাল, লয় প্ৰয়োগ কৰি ভোৰতাল নৃত্যৰ সূচনা কৰে৷[5]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 লোকসংস্কৃতিৰ লেছেৰি বোটলা. জেউতি মেধি. ২০১৮. পৃষ্ঠা. ১০৭, ১১০.
- ↑ বলিছলন, পদ:৬১৫, কীৰ্ত্তন ঘোষা, শংকৰদেৱ, প্ৰকাশক: জ্যোতীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, প্ৰথম প্ৰকাশ ১৯৫০, দ্বাবিংশতম সংস্কৰণ: ২০০০
- ↑ সুন্দৰীদিয়া সত্ৰৰ ইতিবৃত্ত, গোবিন্দ তালুকদাৰ, পৃ:নং; ৫৪, ১৯৯৬
- ↑ 4.0 4.1 বৰপেটা সত্ৰৰ ইতিহাস. ৰঞ্জিত কুমাৰ দাস. ২০২০. পৃষ্ঠা. ১৮৭, ১৮৮.
- ↑ দাস, বিৰিঞ্চি কুমাৰ (এপ্ৰিল ২০১৪). "বৰপেটাৰ ৭ ব’হাগৰ থিয়নাম". প্ৰান্তিক.