দক্ষিণ ত্ৰিপুৰা জিলা
দক্ষিণ ত্ৰিপুৰা জিলা | |
---|---|
জিলা | |
স্থানাংক: 23°32′N 91°29′E / 23.533°N 91.483°Eস্থানাংক: 23°32′N 91°29′E / 23.533°N 91.483°E | |
State | ত্ৰিপুৰা |
Country | ভাৰত |
Seat | বেল’নিয়া |
কালি | |
• মুঠ | 2,152 km2 (831 sq mi) |
উচ্চতা | ২৬ মিটাৰ (৮৫ ফুট) |
জনসংখ্যা (2001) | |
• মুঠ | 7,62,565 |
• ঘনত্ব | 350/km2 (920/sq mi) |
দক্ষিণ ত্ৰিপুৰা জিলা উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ এখন জিলা। এই জিলা ১৯৭০ চনত প্ৰতিষ্ঠা কৰা হৈছিল। জিলাখনৰ মাটিকালি ২১৫২ বৰ্গ কিলোমিটাৰ। জিলাখনৰ সদৰঠাই বেল’নিয়াত অৱস্থিত।
ইতিহাস
[সম্পাদনা কৰক]দক্ষিণ ত্ৰিপুৰা জিলাখন ১৯৭০ চনৰ ১ ছেপ্টেম্বৰত সৃষ্টি কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]এই জিলাৰ মুঠ মাটিকালি ২১৫২ বৰ্গ কিলোমিটাৰ।[উদ্ধৃতিৰ প্ৰয়োজন] জিলাখন সাগৰ পৃষ্ঠৰ পৰা গড়ে ২৬ মিটাৰ উচ্চতাত অৱস্থিত। দক্ষিণ ত্ৰিপুৰা জিলাৰ সদৰ ঠাই বেল’নিয়া নগৰ। [উদ্ধৃতিৰ প্ৰয়োজন]
প্ৰশাসনিক বিভাগ
[সম্পাদনা কৰক]দক্ষিণ ত্ৰিপুৰা জিলাৰ তিনিটা মহকুমা আছে- বেল’নিয়া, চাবৰুম (Sabroom) আৰু শান্তিৰবাজাৰ (Santirbazar)।
এই জিলা পশ্চিম ত্ৰিপুৰা আৰু পূব ত্ৰিপুৰা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
জনসংখ্যা
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি দক্ষিণ ত্ৰিপুৰা জিলাৰ জনসংখ্যা ৮৭৫,১৪৪ জন।[1] জনসংখ্যাৰ ফলাৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৪৭১ তম।[1] এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৮৬ জন।[1] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৪.০৩%।[1] দক্ষিণ ত্ৰিপুৰা জিলাৰ প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৫৭ গৰাকী।[1] জিলাখনত সাক্ষৰতাৰ হাৰ ৮৫.৪১%।[1]
জৈৱবৈচিত্ৰ্য
[সম্পাদনা কৰক]১৯৮৭ চনত দক্ষিণ ত্ৰিপুৰা জিলাৰ ১৯৫ বৰ্গ কিলোমিটাৰ লৈ তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য সৃষ্টি কৰা হয়।[2] তদুপৰি এই জিলাত ১৯৮৮ চনত ৩৯০ বৰ্গ কিলোমিটাৰ জুৰি গোমটি বন্যপ্ৰাণী অভয়াৰণ্য নামেৰে দ্বিতীয়খন সংৰক্ষিত বনাঞ্চল প্ৰতিষ্ঠা কৰা হয়।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
- ↑ 2.0 2.1 Indian Ministry of Forests and Environment. "Protected areas: Tripura". Archived from the original on 25 March 2012. https://web.archive.org/web/20120325001702/http://oldwww.wii.gov.in/envis/envis_pa_network/page_tripura.htm। আহৰণ কৰা হৈছে: 25 September 2011.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত দক্ষিণ ত্ৰিপুৰা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
পশ্চিম ত্ৰিপুৰা জিলা | ধলাই জিলা | |||
দক্ষিণ ত্ৰিপুৰা জিলা | ||||
বাংলাদেশ |