সমললৈ যাওক

দাঁতৰ বুদ্ধ মন্দিৰ (শ্ৰীলংকা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেণ্ডীৰ দাঁতৰ মন্দিৰ, শ্ৰীলংকা
কেণ্ডীৰ ৰাজপ্ৰসাদ চৌহদৰ দাঁতৰ মন্দিৰৰ অন্তৰ্ভাগ

দাঁতৰ মন্দিৰ (ইংৰাজী: Temple of the Tooth) (সিংহল ভাষাত: ශ් රී දළදා මාළිගාව) বা ডালডা মালিগাৱা শ্ৰীলংকাৰ কাণ্ডীত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। পূৰ্বৰ কেণ্ডি ৰাজ্যৰ ৰাজপ্ৰসাদ য’ত আছিল, তাতেই বুদ্ধৰ দাঁতৰ অৱশেষ নিৰ্মিত ঘৰটো আছে। প্ৰাচীন কালৰে পৰা এই ধ্বংসাৱশেষে স্থানীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, কাৰণ এই ধ্বংসাৱশেষ যিজনৰ হাতত আছে তেওঁৱেই দেশৰ শাসনৰ দায়িত্ব গ্ৰহণ কৰে বুলি বিশ্বাস কৰা হয়। এই ধ্বংসাৱশেষটো ঐতিহাসিকভাৱে সিংহলী ৰজাৰ হাতত আছিল। মূলতঃ মন্দিৰ আৰু ধ্বংসাৱশেষৰ বাবেই এই দাঁতৰ মন্দিৰটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে বিবেচিত৷

বৌদ্ধৰ দুটা বিশেষ শাখা, মালৱাথু শাখা আৰু আছগিৰি শাখাৰ ভিক্ষুসকলে মন্দিৰৰ ভিতৰৰ কোঠালিত নিতৌ পূজা-অৰ্চনা কৰে। দৈনিক তিনিবাৰকৈ ৰীতি-নীতি কৰা হয়: প্ৰাতঃকাল, দুপৰীয়া আৰু সন্ধিয়া। প্ৰতি বুধবাৰে নানুমুৰা মংগলালয় নামৰ সুগন্ধি ফুলৰ পৰা তৈয়াৰী বনৌষধি উপাদানেৰে তৈয়াৰী পানীৰে ধ্বংসাৱশেষৰ প্ৰতীকী স্নান কৰা হয়; এই পৱিত্ৰ পানীত ৰোগ নিৰাময় শক্তি থাকে বুলি বিশ্বাস কৰা হয় আৰু উপস্থিতসকলক বিতৰণ কৰা হয়।

১৯৮৯ চনত জনথ বিমুখী পেৰামুনাই আৰু ১৯৯৮ চনত তামিল ইলাম লিবাৰেচন টাইগাৰছৰ বোমা বিস্ফোৰণৰ ফলত মন্দিৰটোৰ ক্ষতিসাধন হয় যদিও প্ৰতিবাৰেই ইয়াক সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰা হয়।

পাত্থিৰিপুৱা ডালডা মালিগাৱা, শ্ৰীলংকা

কিম্বদন্তি অনুসৰি, গৌতম বুদ্ধৰ মহা পৰিনিৰ্বাণৰ পিছত এই দাঁতৰ অৱশেষ কলিংগত সংৰক্ষণ কৰা হৈছিল আৰু ৰাজকুমাৰী হেমামালি আৰু তেওঁৰ স্বামী ৰাজকুমাৰ দন্তই তেওঁৰ পিতৃ ৰজা গুহাশিৱৰ নিৰ্দেশত দ্বীপটোলৈ চোৰাংভাৱে লৈ গৈছিল।[1] হেমামালিয়ে দ্বীপলৈ যোৱাৰ পথত নিজৰ খোপাত সেই অৱশেষখিনি লুকুৱাই ৰাখিছিল। তেওঁলোকে অনুৰাধাপুৰাৰ ছিৰিমেঘৱন্নাৰ দিনত (৩০১-৩২৮) লংকাপট্টনাত থকা দ্বীপটোত অৱতৰণ কৰি দাঁতৰ অৱশেষ গতাই দিছিল। ৰজাই অনুৰাধাপুৰাৰ মেঘগিৰি বিহাৰত(বৰ্তমানৰ ইছুৰুমুনিয়া) দাঁতখিনি স্থানত ৰাখিছিল। অৱশেষখিনি ৰক্ষা কৰাৰ দায়িত্বটো তেতিয়াৰ পৰাই ৰজাৰ হাতত আছিল, সেয়েহে বছৰৰ পিছত বছৰ ধৰি “অৱশেষৰ ৰক্ষণাবেক্ষণ’’ দ্বীপটোত শাসনৰ অধিকাৰৰ প্ৰতীক হ’বলৈ ধৰিলে। সেয়েহে অনুৰাধাপুৰা ৰাজ্য, পোলোনাৰুৱা ৰাজ্য আৰু দম্বডেনিয়া ৰাজ্যৰ ৰজাসকলে তেওঁলোকৰ ৰাজত্বকালীন নিজ নিজ ৰাজবাসগৃহৰ যথেষ্ট ওচৰতে দাঁতৰ অৱশেষেৰে মন্দিৰসমূহ নিৰ্মাণ কৰিছিল। গাম্পোলা ৰাজ্যৰ যুগত এই অৱশেষ নিয়মমগম্পায় বিহাৰ ত ৰখা হৈছিল। হামছা, গিৰা, চেলালিহিনী আদি দূত কবিতাত কোৱা হৈছে যে, কোট্টে ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ সময়ত শ্ৰীজয়ৱৰ্ধনেপুৰ কোট্টে নগৰৰ ভিতৰতে দাঁতৰ অৱশেষৰ মন্দিৰটো অৱস্থিত আছিল।[1][2]

চ’লিয়াছ মেণ্ডিছে অঁকা ৰাজকুমাৰী হেমামালি আৰু ৰাজকুমাৰ দন্তই দাঁতৰ অৱশেষ কঢ়িয়াই নিয়াৰ সময়ৰ দেৱাল চিত্ৰ

কোট্টেৰ ধৰ্মপালৰ ৰাজত্বকালত এই অৱশেষখিনি স্থানান্তৰিত কৰি ৰত্নপুৰাৰ ডেলগামুৱা বিহাৰত এটা পিহি লোৱা শিলত লুকুৱাই থোৱা হৈছিল।[1] ইয়াক কেণ্ডীলৈ আনিছিল হিৰিপিটিয়ে, দিয়াৱদনা ৰালা আৰু দেৱনাগলা ৰথানলংকৰ থেৰায়ে। প্ৰথম ৰজা বিমলধৰ্মাসূৰ্য্যই দাঁতৰ অৱশেষ জমা কৰিবলৈ দুমহলীয়া এটা অট্টালিকা নিৰ্মাণ কৰিছিল আৰু সেই অট্টালিকাটো এতিয়া নাই।[3] ১৬০৩ চনত পৰ্তুগীজসকলে কেণ্ডী আক্ৰমণ কৰাৰ সময়ত ইয়াক ডম্বৰাৰ মেডা মহানুৱাৰা লৈ লৈ যোৱা হয়। দ্বিতীয় ৰাজসিংহৰ সময়ত ইয়াক উদ্ধাৰ কৰা হৈছিল আৰু তেওঁ মূল ভৱনটো পুনৰ স্থাপন কৰা বা নতুন মন্দিৰ নিৰ্মাণ কৰা বুলি খবৰ পোৱা গৈছে।[1] বৰ্তমানৰ দাঁতৰ মন্দিৰটো বীৰা নৰেন্দ্ৰ সিংহাই নিৰ্মাণ কৰিছিল।[4] শ্ৰীবিক্ৰম ৰাজসিংহৰ দিনত অষ্টভুজ পাত্থিৰিপুৱা আৰু খাদ সংযোজন কৰা হৈছিল। পাঠত্থিৰিপুৱা নিৰ্মাণৰ কৃতিত্ব ৰাজ স্থপতিবিদ দেৱেন্দ্ৰ মূলাচাৰ্যক দিয়া হয়। প্ৰথমে, ইয়াক ৰজাই বিনোদনমূলক কামত ব্যৱহাৰ কৰিছিল আৰু পিছলৈ ইয়াক দাঁতৰ অৱশেষলৈ আগবঢ়োৱা হৈছিল৷ বৰ্তমান ইয়াত মন্দিৰৰ পুথিভঁৰাল আছে।

১৯৮৯ চনত সশস্ত্ৰ উগ্ৰপন্থী সংগঠন জনথ বিমুখী পেৰামুনা (জেভিপি)ৰ আক্ৰমণত মন্দিৰটোৰ ক্ষতিসাধন হৈছিল; তেওঁলোকৰ উদ্দেশ্য আছিল অৱশেষটো নিজৰ অধিকাৰত ৰখা।[5] আৰু ১৯৯৮ চনত উগ্ৰপন্থী সংগঠন লিবাৰেচন টাইগাৰ্ছ অৱ তামিল ইলাম (এলটিটিই)ৰ দ্বাৰা আক্ৰমণ সংঘটিত হৈছিল; এই আক্ৰমণে ৰাজপ্ৰসাদৰ সন্মুখভাগৰ ক্ষতিসাধন কৰে।

স্থাপত্য

[সম্পাদনা কৰক]
দাঁতৰ মন্দিৰৰ অন্তৰ্ভাগ

মন্দিৰ চৌহদৰ খাদ আৰু বগম্বৰা হ্ৰদৰ কাষেৰে যোৱা ইটাৰ বেৰখনক “পানীৰ ঢৌৰ দেৱাল’’ বুলি জনা যায়।[4] এই দেৱালত নাৰিকল তেলৰ চাকি জ্বলোৱাৰ বাবে ফুটা নিৰ্মাণ কৰা হয়। খাদটোৰ ওপৰত থকা মূল প্ৰৱেশদ্বাৰখনক “মহাৱাহলকদা’’ বোলা হয়। মহাৱাহলকাড়াৰ খোজৰ তলত কেণ্ডিয়ান স্থাপত্য শৈলীত খোদিত কৰা এটা সন্দকড় পাহানা (চন্দ্ৰশিলা) আছে। ১৯৯৮ চনৰ বোমা বিস্ফোৰণত মহাৱাহলকাড়া সম্পূৰ্ণৰূপে ধ্বংস হয় আৰু তাৰ পিছত সন্দকড়া পহনাৰ অন্যান্য শিলৰ খোদিত শিল্পকৰ্মৰ সৈতে পুনৰ নিৰ্মাণ কৰা হয়।[6] প্ৰৱেশদ্বাৰৰ দুয়োকাষে শিলেৰে হাতীৰ ভাস্কৰ্য নিৰ্মাণ কৰা হৈছে। চিৰিৰ ওপৰত এটা মাকাড়া টোৰানা আৰু দুটা ৰক্ষক শিল ৰখা হৈছে। মূল মন্দিৰৰ সন্মুখত হেউইচি ড্ৰামবাদকৰ চেম্বাৰ অৱস্থিত। মূল মন্দিৰৰ দুমহলীয়াক পল্লে মলয়া (তলৰ মহলা) আৰু উড়ু মলয়া (উপৰ মহলা) বা “ৱেড়া হিটিনা মালিগাৱা’’ বুলি জনা যায়।.[7] “ৱেড়া হিটিনা মালিগাৱা’’ৰ দুৱাৰবোৰ হাতীদাঁতৰে খোদিত। দাঁতৰ ধ্বংসাৱশেষ ৰখা প্ৰকৃত কোঠাটোক হাণ্ডুন কুনামা বুলি জনা যায়।

মূল মন্দিৰৰ ওপৰৰ সোণৰ চালি আৰু মন্দিৰ চৌহদটো আগুৰি থকা সোণালী প্ৰাচীৰখন ১৯৮৭ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰানাসিংহ প্ৰেমদাসাই নিৰ্মাণ কৰিছিল।[8] দাঁতৰ অৱশেষটো সাতটা সোণৰ কাচকেটত ভৰাই ৰখা হৈছে, যিবোৰৰ ওপৰত বহুমূলীয়া ৰত্ন খোদিত কৰা হৈছে।[9] কাচকেটে একোটা স্তুপক প্ৰতিনিধিত্ব কৰে; কেণ্ডি এছালা পেৰাহেৰাৰ সময়ত ব্যৱহাৰ কৰা শোভাযাত্ৰাৰ সময়ত কাচকেটটোও একেটা কোঠাতে প্ৰদৰ্শন কৰা হয়।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 Abeywardena 2004, পৃষ্ঠা 25
  2. Brockman 2011.
  3. Seneviratna 1989, পৃষ্ঠা 90—91
  4. 4.0 4.1 Seneviratna 1989, পৃষ্ঠা 92
  5. Wickrematunge, Raine (2 December 2001). I was a member of the JVP team that attacked the Dalada Maligawa. Interview. প্ৰকাশক Colombo: The Sunday Leader. Archived from the original on 20 July 2017. https://web.archive.org/web/20170720053610/http://www.thesundayleader.lk/archive/20011202/interviews.htm। আহৰণ কৰা হৈছে: 9 April 2012. 
  6. Abeywardena 2004: p. 28
  7. Seneviratna 1989: p. 93
  8. Abeywardena 2004: p. 26
  9. Seneviratna 1989: p. 94