দাঁত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দাঁত (ইংৰাজী: Teeth) মেৰুদণ্ডী প্ৰাণীৰ মুখত অৱস্থিত এটি অংগ৷ কঠিন খাদ্যবস্তু কৰ্তন,চৰ্বন নাইবা পেষণৰ বাবে স্তন্যপায়ী প্ৰাণীবোৰৰ দাঁত বিশেষভাৱে বিকাশিত৷ দাঁতবোৰ উৰ্দ্ধ আৰু নিম্নহনুত থকা গাঁতবোৰৰ ভিতৰত সোমাই থাকে৷ এই ধৰণৰ দাঁতক থেক'ডণ্ট (thecodont) বোলে৷

মানুহৰ দাঁতৰ লম্বছ্ছেদত বিভিন্ন অংশসমূহ

দাঁতৰ প্ৰকাৰ

  1. কৃন্তক (incisor)
  2. ছেদক (canine)
  3. পুৰ:পেষক (premolar)
  4. পেষক (molar) [1]

এই ধৰণৰ দন্তবিন্যাসক হেটাৰ'ডণ্ট (heterodont) বোলে৷ অন্যান্য স্তন্যপায়ী প্ৰাণীৰ দৰে মানুহৰ জীৱন কালত দুই প্ৰকাৰৰ দন্ত দেখা যায়-দুগ্ধদন্ত (milk teeth) আৰু স্থায়ীদন্ত (permanent teeth) ৷ ছমাহ বয়সৰ পৰা দুবছৰ বয়সলৈকে দুগ্ধদন্ত ওলায়৷ পিছত ৬-১২ বছৰৰ ভিতৰত দুগ্ধদন্ত সৰি যায় আৰু তাৰ ঠাইত স্থায়ীদন্তৰ সৃষ্টি হয়৷ জীৱন কালত দুই ধৰণৰ দন্ত থকা বাবে ইহঁতৰ দন্তক ডাইফিঅ'ডন্ত (diphyodont) বোলে৷

দাঁতৰ আকৃতি

মানুহৰ দুয়োটা হনুত দাঁত থাকে৷ প্ৰতিটো দাঁতত তিনিটা অংশ থাকে-

'ক্ৰাউন বা দন্তচূড়া (crown)- দাঁতৰ আলুৰ ওপৰত ওলাই থকা অংশটোক ক্ৰাউন বোলে৷ ক্ৰাউন অংশ অতি টান এনামেল (enamel) ৰ দ্বাৰা আবৃত৷

গ্ৰীৱা - দন্তমূল আৰু ক্ৰাউনৰ মধ্যৱৰ্তী অংশক গ্ৰীৱা বোলে৷ এই অংশ দাঁতৰ আলুৰ ভিতৰত সোমাই থাকে৷

দন্তমূল (root) - দাঁতৰ দন্তমূল অংশ হনুত থকা গাঁতৰ ভিতৰত সোমাই থাকে৷ দন্তমূল অংশ টান চিমেণ্টৰ দ্বাৰা অস্থিৰ লগত লগ লাগি থাকে৷ কৃন্তক আৰু ছেদক দন্তৰ এটাকৈ দন্তমূল থাকে৷ উৰ্দ্ধপেষকবোৰৰ তিনিটাকৈ আৰু নিম্নেষক দন্তবোৰৰ দুটাকৈ দন্তমূল থাকে৷

দন্ত সংকেত

যি সংকেতৰ দ্বাৰা প্ৰতি হনুত থকা দাঁতৰ সংখ্যা আৰু বিন্যাস (arrangement) বুজাব পাৰি,তাক দন্ত সংকেত (dental formula) বোলা হয়৷ মানূহৰ দুগ্ধদন্ত আৰু স্থায়ীদন্তৰ দন্ত সংকেত-

দুগ্ধদন্ত-কৃ:২/২ ;ছে: ১/১ ;পু:পে: ০/০ ;পে: ২/২ = ৫/৫ × ২= ২০

স্থায়ীদন্ত-কৃ: ২/২ ;ছে: ১/১ ;পু:পে ২/২ ; পে: ৩/৩= ৪/৪ × ২= ৩২[1]








তথ্য সংগ্ৰহ

  1. 1.0 1.1 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ৫৪৩ ৷


বাহ্যিক সংযোগ