দিনলিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দিনলিপি (ইংৰাজী: Diary) হৈছে কোনো ব্যক্তিৰ ব্যক্তিগত টোকাবহী য'ত তেওঁৰ দৈনিক কাৰ্যাৱলীৰ বিৱৰণ, স্থান আৰু কালৰ সৈতে নিজৰ শৈলীত লিখে৷ ব্যক্তিগত দিনলিপিয়ে ব্যক্তি বিশেষৰ অভিজ্ঞতা, অনুভৱ, কোনো ঘটনাৰ ওপৰত বিশেষ ব্যক্তিজনৰ মতামত আদিক প্ৰকাশ কৰে৷ দিনলিপি শব্দটোৱে সৰ্বসাধাৰণতে ব্যক্তিগত দিনলিপিৰ কথাকে বুজায়, যি ব্যক্তিজনৰ ব্যক্তিগত বস্তু৷ দিনলিপি প্ৰকাশৰ উদেশ্যে নহয়, লিখোঁতাৰ নিজা লাভালাভৰ বাবেহে লিখা হয়৷

নামৰ উৎপত্তি[সম্পাদনা কৰক]

দিনলিপিৰ ইংৰাজী শব্দ Diary শব্দটো লেটিন ভাষাৰ diarium শব্দটোৰ পৰা আহিছে, যাৰ অৰ্থ daily allowance[1] অসমীয়াত দিনলিপি শব্দটোৱে দৈনিক ঘটনা লিপিবদ্ধ কৰা বুজায়৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Diary". Merriam-Webster. http://www.merriam-webster.com/dictionary/diary। আহৰণ কৰা হৈছে: 7 June 2012.