দৃষ্টিৰ জড়তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দৃষ্টিৰ জড়তা (Persistence of vision) হৈছে চকুৰে কিবা এটা দৃশ্য চোৱাৰ পিছত অক্ষিপটত (Retina) সেই দৃশ্য প্ৰায় ১/২৫ ছেকেণ্ডৰ (০.০৪ ছেকেণ্ড) বাবে ৰৈ থকা পৰিঘটনা।[1] ইয়াৰ অৰ্থ এয়েই যে আমি দেখা যিকোনো দৃশ্য বৰ্তমান হৈ থকা আৰু ক্ষন্তেক আগতে হৈ থকা দৃশ্যৰ সংমিশ্ৰণ।

পৰম্পৰাগত বিশ্বাসমতে মানুহৰ গতিৰ জড়তা (মস্তিষ্ক কেন্দ্ৰিক) দৃষ্টিৰ জড়তাৰ (চকু কেন্দ্ৰিক) ফল। ১৯১২ চনত ৱাৰ্থেইমাৰে (Wertheimer) এই বিশ্বাস নাকচ কৰে[2] যদিও বহু দ্ৰুপদী আৰু আধুনিক বোলছবি-তত্ব পাঠ্যত এই মতবাদ অদ্যাপি প্ৰচলিত।[3][4][5] গতিৰ জড়তা ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা আন এটা তত্বত দুবিধ ভ্ৰম সম্পৰ্কীয় পৰিঘটনা উল্লেখ কৰা হৈছে: ফাই পৰিঘটনা (phi phenomenon) আৰু বিটা সঞ্চালন (beta movement)।

এই পৰিঘটনাৰ কাৰণ হিচাপে স্মৃতিৰ এটা ৰূপ "আইক'নিক মেম'ৰী" (iconic memory)কো বৰ্ণোৱা হৈছে।[6] মনোৰোগবিদ আৰু শৰীৰতত্ববিদে বোলছবিৰ ক্ষেত্ৰত এই ধাৰণা নাকচ কৰিছে যদিও বহু বোলছবি বিশেষজ্ঞ আৰু তাত্বিকে ইয়াক দলিয়াই পেলোৱা নাই। একাংশ বিজ্ঞানীয়ে আজিকালি এই সমগ্ৰ তত্বক এক ভ্ৰান্ত ধাৰণা বুলি মত পোষণ কৰে।[7]

দৃষ্টি তত্বৰ লগত ফাই পৰিঘটনাক জোৰা দিয়া হ'লেও এই দৃষ্টি বোধ পৰিঘটনা বুজিবলৈ কোৱা হয় যে চকু "কেমেৰা নহয়"। আন ভাষাত ক'বলৈ গ'লে দৃষ্টিৰ ঘটনা কেৱল মাধ্যমত পোহৰ পৰাৰ নিচিনা সৰল নহয়; চকুৰ পৰা যোৱা সংকেতবোৰ মস্তিষ্ক‍ই চালিজাৰি চাই নিৰ্দিষ্ট দৃশ্য তৈয়াৰ কৰে। জ'ছেফ এণ্ডাৰছন আৰু বাৰবাৰা ফিচাৰে যুক্তি দৰ্শায় যে চিনেমাৰ ক্ষেত্ৰত ফাই পৰিঘটনা অধিক সৃষ্টিধৰ্মী মতবাদ আৰু দৃষ্টিৰ জড়তা বাস্তৱবাদী মতবাদ।[7]

ৰোমান কবি লুক্ৰেটিয়াছক (Lucretius) দৃষ্টিৰ জড়তাৰ আৱিষ্কাৰক বুলি কোৱা হয়, যদিও তেওঁ সপোনত দেখা পোৱা দৃশ্যাৱলীৰ সংযোগতহে এই পৰিঘটনাৰ উল্লেখ কৰিছিল।[8] আধুনিক যুগত পিটাৰ মাৰ্ক ৰজেটে (Peter Mark Roget) ১৮২৪ চনত কৰা কিছুমান ষ্ট্ৰ'ব'স্ক'পিক ( stroboscopic) পৰীক্ষাক এই তত্বৰ আধাৰ বুলি কোৱা হয়।[9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Persistence of Vision". MediaCollege.com. http://www.mediacollege.com/glossary/p/persistence-of-vision.html। আহৰণ কৰা হৈছে: 2013-05-04. 
  2. Wertheimer, 1912. Experimentelle Studien über das Sehen von Bewegung. Zeitschrift für Psychologie 61, pp. 161–265
  3. Bazin, André (1967) What is Cinema?, Vol. I, Trans. Hugh Gray, Berkeley: University of California Press
  4. Cook, David A. (2004) A History of Narrative Film. New York, W. W. Norton & Company.
  5. Metz, Christian (1991) Film Language: A Semiotics of The Cinema, trans. Michael Taylor. Chicago: University of Chicago Press.
  6. Coltheart M. "The persistences of vision." Philos Trans R Soc Lond B Biol Sci. 1980 Jul 8;290(1038):57–69. PMID 6106242.
  7. 7.0 7.1 Anderson, Joseph; Anderson, Barbara (1993). "The Myth of Persistence of Vision Revisited". Journal of Film and Video খণ্ড 45 (1): 3–12. Archived from the original on 2008-05-26. https://web.archive.org/web/20080526105906/http://www.uca.edu/org/ccsmi/ccsmi/classicwork/Myth+Revisited.htm। আহৰণ কৰা হৈছে: 2013-05-04. 
  8. Herbert, S. (2000). A history of pre-cinema. London. Routledge. p 121
  9. Maltby, R. (2004). Hollywood cinema. [Oxford]: Blackwell Publishing. p 420

বহিঃ সংযোগ[সম্পাদনা কৰক]