দেবলিনা হেমব্ৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দেবলিনা হেমব্ৰাম (ইংৰাজী: Deblina Hembram) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য। ২০০৬-১১ চনত বাওঁ মঞ্চ মন্ত্ৰালয়ত জনজাতি পৰিক্ৰমা মন্ত্ৰী আছিল।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

দেবলিনা হেমব্ৰামৰ বিবাহ সুকলাল হেমব্ৰামৰ সৈতে হৈছিল। ১৯৮৮ চনত পশ্চিম বংগ মাধ্যমিক শিক্ষা ব'ৰ্ডৰ অধীনৰ বডী হাইস্কুলৰ পৰা তেওঁ দশম শ্ৰেণী সম্পূৰ্ণ কৰিছিল।[1][2]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

দেবলিনা হেমব্ৰাম অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি ৰাণীবন্ধ বিধানসভা সমষ্টিৰ পৰা তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।[3][4][5] ইয়াৰ পৰাই তেওঁ ১৯৯৬, ২০০৬ আৰু ২০১১ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে।[3][4][5] ৰাণীবন্ধত প্ৰথমবাৰৰ নিৰ্বাচনত তেওঁ কংগ্ৰেছ দলৰ নেতা অনিল হান্সদাৰ সৈতে মুখামুখি হৈছিল আৰু ৩২,৪০৯ টা ভোটৰ ব্যৱধানত এক বৃহৎ জয়লাভ কৰিছিল।[3] ২০০৬ চনৰ নিৰ্বাচনত তেওঁ জে কে পি(এন)ৰ আদিত্য কিস্কুক ১০,৮৯০ ভোটত পৰাস্ত কৰে।[3][4] ২০১১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ ফাল্গুনি হেমব্ৰামক ৬,৮৫৯ টা ভোটত পৰাস্ত কৰে।[5]

২০১২ চনৰ ১১ ডিচেম্বৰত শাসকীয় দলৰ চিট ফাণ্ড ৰেকেট কেলেংকাৰীৰ বিৰুদ্ধে মাত মতাৰ বাবে পশ্চিম বংগ ৰাজ্যিক বিধানসভাৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ বিধায়কসকলে দেবলিনা হেমব্ৰামক আক্ৰমণ কৰে।[6][7][8] তৃণমূল কংগ্ৰেছৰ পুৰুষ বিধায়কসকলে তেওঁক মজিয়াত বাগৰাই পেলাই প্ৰহাৰ কৰিছিল আৰু তাৰ পিছত লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।[9] ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে দিয়া দেবলিনা হেমব্ৰামৰ ভাষণ (তেওঁৰ মাতৃভাষা সান্তালীত) ইণ্টাৰনেটৰ চাঞ্চল্যৰ বিষয় হৈ পৰিছিল।[10][11][12] ২০১৯ চনৰ সংসদ নিৰ্বাচনত ঝাৰগ্ৰাম লোকসভা সমষ্টিৰ পৰা চি পি আই (এম)ৰ প্ৰাৰ্থী আছিল।[11][13][12][14] নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ কুনাৰ হেমব্ৰামৰ হাতত পৰাস্ত হয়।[15]

সাংগঠনিক নেতৃত্ব[সম্পাদনা কৰক]

সৰ্বভাৰতীয় কিষাণ সভাৰ ৩৩ সংখ্যক সন্মিলনত তেওঁ সৰ্বভাৰতীয় কিষাণ পৰিষদলৈ নিৰ্বাচিত হয়।[16] সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি পদতো কৰ্মৰত।[17]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Deblina Hembram(Communist Party of India (Marxist)(CPI(M))):Constituency- RANIBANDH (ST)(BANKURA) - Affidavit Information of Candidate". myneta.info. https://myneta.info/westbengal2016/candidate.php?candidate_id=53। আহৰণ কৰা হৈছে: 2020-09-09. 
  2. "DEBLINA HEMBRAM : Bio, Political life, Family & Top stories". The Times of India. https://timesofindia.indiatimes.com/elections/candidates/deblina-hembram। আহৰণ কৰা হৈছে: 2020-09-09. 
  3. 3.0 3.1 3.2 STATISTICAL REPORT ON GENERAL ELECTION, 1996 TO THE LEGISLATIVE ASSEMBLY OF WEST BENGAL. ELECTION COMMISSION OF INDIA. 1966. পৃষ্ঠা. 366. https://eci.gov.in/files/file/3192-west-bengal-1996/. 
  4. 4.0 4.1 STATISTICAL REPORT ON GENERAL ELECTION, 2001 TO THE LEGISLATIVE ASSEMBLY OF WEST BENGAL. ELECTION COMMISSION OF INDIA. 2006. পৃষ্ঠা. 561. https://eci.gov.in/files/file/3194-west-bengal-2006/. 
  5. 5.0 5.1 STATISTICAL REPORT ON GENERAL ELECTION, 2011 TO THE LEGISLATIVE ASSEMBLY OF WEST BENGAL. ELECTION COMMISSION OF INDIA. https://eci.gov.in/files/file/3195-west-bengal-2011/. 
  6. "Three members injured in Bengal assembly scuffle" (en ভাষাত). Deccan Herald. 2012-12-11. https://www.deccanherald.com/content/297863/three-members-injured-bengal-assembly.html। আহৰণ কৰা হৈছে: 2020-09-09. 
  7. ABP Ananda (December 11, 2012). "Debolina Hembram on assembly hackled". https://www.youtube.com/watch?v=fyqVwcTgEbo&feature=youtu.be. 
  8. "Elections 2019: LF Blames TMC-BJP 'Nervousness' For Recent Attacks" (en ভাষাত). NewsClick. 2019-04-11. https://www.newsclick.in/elections-2019-lf-blames-tmc-bjp-nervousness-recent-attacks। আহৰণ কৰা হৈছে: 2020-09-09. 
  9. "TMC-Left free-for-all in Assembly sends four MLAs to hospital - Indian Express". archive.indianexpress.com. http://archive.indianexpress.com/news/tmcleft-freeforall-in-assembly-sends-four-mlas-to-hospital/1043975/। আহৰণ কৰা হৈছে: 2020-09-09. 
  10. "CPI(M)'s Jhargram Candidate Does Not Have Email Account, But is a YouTube Star". News18. https://www.news18.com/news/politics/cpims-jhargram-candidate-does-not-have-email-account-but-is-a-youtube-star-2119985.html। আহৰণ কৰা হৈছে: 2020-09-09. 
  11. 11.0 11.1 "Meet Deblina Hembram, an unlikely YouTube star fighting polls from Jhargram". Business Standard India. Press Trust of India. 2019-04-28. https://www.business-standard.com/article/pti-stories/cpi-m-candidate-from-jhargram-an-unlikely-youtube-star-fighting-to-reclaim-left-bastion-119042800177_1.html. 
  12. 12.0 12.1 "CPI(M) candidate from Jhargram, an unlikely YouTube star fighting to reclaim Left bastion" (en ভাষাত). The Indian Express. 2019-04-28. https://indianexpress.com/elections/cpim-candidate-jhargram-west-bengal-youtube-star-elections-5699123/। আহৰণ কৰা হৈছে: 2020-09-09. 
  13. "দেবলীনাতেই ভৰসা বামেদেৰ" (bn ভাষাত). anandabazar.com. https://www.anandabazar.com/state/lok-sabha-election-2019-left-front-announces-deblina-hembram-as-their-candidate-from-jhargram-1.968523। আহৰণ কৰা হৈছে: 2020-09-09. 
  14. "পান্তাভাত'ই পাওয়াৰ লাঞ্চ, সিপিএমেও ব্যতিক্ৰমী দেবলীনা হেমব্ৰম!" (bn ভাষাত). Ei Samay. https://eisamay.indiatimes.com/elections/lok-sabha-elections/news/deblina-hembram-is-a-exceptional-cpim-leader/articleshow/68893861.cms। আহৰণ কৰা হৈছে: 2020-09-09. 
  15. "Jhargram Lok Sabha Elections Result 2019: Winning Political Party, Candidate, Vote Share" (en ভাষাত). Zee News. https://zeenews.india.com/elections/lok-sabha-constituencies/jhargram-lok-sabha-election-results-2019। আহৰণ কৰা হৈছে: 2020-09-09. 
  16. "33rd Conference: Proceedings – All India Kisan Sabha" (en-US ভাষাত). https://kisansabha.org/aiks/resources/conference-documents/thirty-third-conference-of-the-all-india-kisan-sabha/। আহৰণ কৰা হৈছে: 2020-09-09. 
  17. "About Us" (en ভাষাত). Aidwa. 2017-07-20. http://www.aidwaonline.org/about-us। আহৰণ কৰা হৈছে: 2020-09-09.