দৈয়ন দিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দৈয়ন দিয়া(ইংৰাজী: Doiyan Diya) অসমীয়া সমাজৰ বিবাহৰ এক পালনীয় আচাৰ৷ দৰা কইনা দুয়োৰে ঘৰতে এই আচাৰ পালন কৰে৷ ই সম্পূৰ্ণ নাৰীকেন্দ্ৰিক লোকাচাৰ৷ অসমীয়া সমাজত বিয়া বিভিন্ন পৰ্বৰ মাজেৰে শেষ হয়৷ তাৰ ভিতৰৰে দৈয়ন দিয়াও এক পৰ্ব যদিও আজিকালি বহুতে এই পৰ্ব পালন নকৰাকৈ থকা দেখা যায়৷ দৈয়ন দিয়াৰ সময় কাহিলি পুৱা৷ বিয়াৰ দিনা চৰাই-চিৰিকটি বাহৰ পৰা বাজলৈ ওলোৱাৰ আগতে দৰা বা কইনাক দৈয়ন দিয়া হয়৷

সামগ্ৰী[সম্পাদনা কৰক]

দৈয়ন দিয়াৰ বাবে কেইবিধমান সামগ্ৰীৰ প্ৰয়োজন৷ এখন কাঁহৰ কাঁহীত আগগুৰি নকটা পাণ কেইখিলামান, তিল আৰু বাতি এটাত দৈ অলপ ল’ব লাগে৷[1] কলপাত, পটাগুটি, পানী তোলা ঘট, দুণৰিত চাকি জ্বলাই পীৰাৰ কাষতে থ’ব লাগে৷[2]

নিয়ম[সম্পাদনা কৰক]

দৰা বা কইনা শোৱা কোঠাৰ দুৱাৰমুখত পীৰা এখন পাৰি দৰা বা কইনাক বহুওৱা হয়৷ কোনো কোনোৱে কইনাক ডাংকোলাকৈ ডাঙি আনি পীৰাত বহুৱায়৷ দুৱাৰত ওলমি থকা পৰ্দাৰ সিপাৰে মাক বা খুৰীয়েক থাকে৷ পৰ্দা নাথাকিলে দৈয়ন লওঁতাৰ মুখ নেদেখাকৈ এগৰাকী আয়তীয়ে এখন চাদৰ ওলোমাই ধৰে৷ দৈয়ন দিওঁতে দিওঁতাই লওঁতাৰ মুখ দেখা পাব নালাগে৷ দৈয়নৰ কাঁহীখনৰ পৰা তিল মিলোৱা দৈত পাণ দুখিলা জুবুৰিয়াই পৰ্দাৰ ইপাৰৰ পৰা মাকে পৰ্দাৰ দুয়োকাষে হাত সুমুৱাই কইনা বা দৰাৰ গাল, আঁঠু আৰু পৰা ভৰিপতাত সানি দিয়ে৷ এনেদৰে তিনিবাৰ দিব লাগে৷ এনেদৰে দি প্ৰতিবাৰে পাণখিলা মাকে নিজৰ গাৰ ফালে আনিব লাগে৷ ইয়াৰ পিছত “আমাশা’’ আৰু “চাকিশা’’ দিয়ে৷ তাৰপিছত দৈয়ন লওঁতাৰ মূৰত চাউল ছটিয়াই দিয়ে৷[1][2] আয়তীয়ে বাৰে বাৰে উৰুলি দিয়ে৷ লগতে বিয়ানামো গায়৷ নামতী-আই[3] নামৰ বিয়ানামৰ পুথিখনত বিয়াৰ বিভিন্ন পৰ্বৰ নাম সন্নিৱিষ্ট কৰা আছে৷ আয়তীৰ উৰুলিত বিয়াঘৰৰ সকলোৱে সাৰ পাই উঠি দৈয়ন দিয়া ঠাইলৈ আহি দৰা বা কইনাৰ গাত দৈ সানে৷ তাৰপিছত সকলোৱে খেদা-খেদি কৰি ইটোৱে সিটোৰ গাত দৈ সানি ধেমালি কৰে৷[1][4] কিছুমান সমাজত পালনীয় আচাৰ কিছু পৃথককৈ কৰা হয়৷ অসমৰ কৈৱৰ্ত সমাজত কাঁহৰ বাতিত দৈ লৈ পোনতে সাতগৰাকী আয়তীয়ে দৰা বা কইনাৰ গাত দৈয়ন দিয়ে৷ শেষত মাকে দিয়ে৷ দৈয়ন দিয়াৰ পিছত মাকে ৰিহাৰ আঁচলেৰে ধৰি দৰা বা কইনাক পীৰাৰ পৰা সাতখোজ আগলৈ নমাই আনে৷ তাৰপিছত দৰা কইনাই মাকক সেৱা কৰে৷[5]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 বৰদলৈ, নিৰ্মলপ্ৰভা (২০০৪). অসমৰ লোকসংস্কৃতি. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ২৬. 
  2. 2.0 2.1 "“অসমীয়া সমাজত বিয়ানামৰ প্ৰভাৱ’’ ৪ৰ্থ খণ্ড". https://amiasomiya.wordpress.com/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A7%B0/। আহৰণ কৰা হৈছে: 25 February 2023. 
  3. নামতী আই. https://as.wikisource.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A6%A4%E0%A7%80-%E0%A6%86%E0%A6%87. 
  4. বৰা, ড° ভদ্ৰকান্ত (২০১৪). অসমীয়া সমাজৰ লোকাচাৰ আৰু লোকবিশ্বাস. Hornbill. পৃষ্ঠা. ৩৯. ISBN 978-81-928310-0-8. 
  5. বৰা, নিতুমণি (২০২২). "কৈৱৰ্তসকলৰ বিবাহ পদ্ধতি এক ক্ষেত্ৰভিত্তিক অধ্যয়ন". নৱোন্মেষ খণ্ড VII.