সমললৈ যাওক

দ্বিজ মাধৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দ্বিজ মাধৱ, বা মাধবাচাৰ (প্ৰায় ১৬ শতিকা) মধ্যযুগৰ এজন বাংলা কবি আৰু মধ্যযুগীয় বাংলা সাহিত্যৰ চণ্ডীমংগলকাব্য পৰম্পৰাৰ অন্যতম উল্লেখযোগ্য অৱদানকাৰী। তেওঁৰ গ্ৰন্থ সাৰদা চৰিত, যাক সাৰদা মঙ্গল জাগৰণ বা মঙ্গলচণ্ডীৰ গীত নামেৰেও জনা যায়। এইখন সম্ভৱতঃ ১৫৭৯ চনত লিখা হৈছিল।[1][2]

দ্বিজ মাধৱৰ জন্ম হৈছিল বংগৰ চুলতানৰ শাসনাধিস্থ হুগলীৰ সপ্তগ্ৰাম-ত্ৰিবেনী অঞ্চলত।[3] সাৰদা চৰিতত উল্লেখ কৰা অনুসৰি তেওঁৰ পিতৃ পৰাশৰ এজন ব্ৰাহ্মণ আছিল।[3] বৈষ্ণৱসকলৰ মাজত জনপ্ৰিয় আন এক আখ্যানমূলক কবিতা শ্ৰীকৃষ্ণ মংগলৰ ৰচক হিচাপেও দ্বিজ মাধবক অভিহিত কৰা হয়; কিন্তু ইয়াৰ প্ৰণেতা সম্বন্ধে পণ্ডিতসকলৰ মাজত সন্দেহ আছে।[1]

দ্বিজ মাধৱৰ ৰচনাৰ পাণ্ডুলিপিসমূহ আধুনিক বাংলাদেশৰ চিট্টাগং অঞ্চলত পোৱা যায়, য'ত কবিজন সম্ভৱতঃ পিছৰ বছৰবোৰত পশ্চিম বংগৰ পৰা গৈ বাস কৰিছিল।[3]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Chatterjee, Dr Partha (2008) (bn ভাষাত). Bangla Sahitya Parichay. প্ৰকাশক Kolkata: Tulsi Prakashani. পৃষ্ঠা. 123–25. ISBN 978-81-89118-04-4. 
  2. Bhattacharya, Ashutosh (2009) (bn ভাষাত). Bangla Mangal Kabyer Itihas (12th সম্পাদনা). প্ৰকাশক Kolkata: A. Mukherjee and Co.. পৃষ্ঠা. 394. 
  3. 3.0 3.1 3.2 Bandyopadhyay, Asit Kumar (July 2006) (bn ভাষাত). Bangla Shityer Itibritta. II (4th সম্পাদনা). প্ৰকাশক Kolkata: Modern Book Agency Private Ltd. পৃষ্ঠা. 95–96.