সমললৈ যাওক

দ্য জিন : এন ইণ্টিমেট হিষ্ট্ৰী (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্য জিন : এন ইণ্টিমেট হিষ্ট্ৰী  
লেখক সিদ্ধাৰ্থ মুখাৰ্জী
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
বিষয় জীনতত্ত্ব
প্ৰকাশক স্ক্ৰিবনাৰ
প্ৰকাশ ১৭ মে' ২০১৬
পৃষ্ঠা সংখ্যা ৫৯২
আই.এচ.বি.এন. 978-1-4767-3350-0

দ্য জিন : এন ইণ্টিমেট হিষ্ট্ৰী (ইংৰাজী: The Gene: An Intimate History) ভাৰতত জন্মগ্ৰহণ কৰা আমেৰিকান চিকিৎসক আৰু কৰ্কট ৰোগ বিশেষজ্ঞ সিদ্ধাৰ্থ মুখাৰ্জীৰ দ্বাৰা লিখিত এখন গ্ৰন্থ ৷ গ্ৰন্থখন ২০১৬ চনৰ ১৭ মে'ত স্ক্ৰিবনাৰে প্ৰকাশ কৰে।[1]গ্ৰন্থখনত এৰিষ্টটলৰ পৰা আৰম্ভ কৰি ক্ৰিক, ৱাটছন আৰু ফ্ৰেংকলিনলৈকে আৰু তাৰ পিছত মানৱ জিনৰ ৰেখাচিত্ৰ অংকন কৰা একবিংশ শতিকাৰ বিজ্ঞানীসকলৰ ইতিহাসৰ বিষয়ে লেখা হৈছে। গ্ৰন্থখনত মানুহৰ মংগল আৰু বৈশিষ্ট্য নিৰ্ণয় কৰাত জিনীয় বিজ্ঞানৰ শক্তিৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত মানসিক ৰোগকে ধৰি সিদ্ধাৰ্থ মুখাৰ্জীৰ পৰিয়ালৰ ব্যক্তিগত জিনীয় ইতিহাসৰ বিষয়ে গভীৰভাৱে আলোচনা কৰা হৈছে। কিন্তু জিনীয় প্ৰৱণতাই ব্যক্তি বা তেওঁলোকৰ ভাগ্যৰ সংজ্ঞা নিৰূপণ কৰিবলৈ নিদিয়াৰ দিশতো ই এক সতৰ্কবাণী প্ৰকাশিত কৰিছে, যি মানসিকতাই ইতিহাসত ইউজেনিক্সৰ উত্থানৰ সূচনা কৰিছিল বুলি লেখকে কয়।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ২০১৬: ৰয়েল ছ’চাইটি প্ৰাইজ ফৰ চাইন্স বুকছৰ চৰ্টলিষ্ট,[2]
  • ২০১৬: নন-ফিকচন লংলিষ্টৰ বাবে বেইলী গিফৰ্ড বঁটা,[3]
  • ২০১৬: ৱাশ্বিংটন পোষ্টৰ ২০১৬ চনৰ ১০ খন শ্ৰেষ্ঠ কিতাপ,[4]
  • ২০১৬: বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে গুডৰিডছ চয়ছ এৱাৰ্ডৰ মনোনীত,[5]
  • ২০১৭: ৱেলকাম বুক প্ৰাইজৰ চৰ্টলিষ্ট,[6]
  • ২০১৭: পেন/ই.অ. সাহিত্য বিজ্ঞানৰ বাবে উইলছন বঁটা ৰাইটিং লংলিষ্টৰ বাবে মনোনীত,[7]
  • ২০১৭: বিজ্ঞানত ফাই বিটা কাপ্পা ছ’চাইটিৰ গ্ৰন্থ বঁটা[8]

সমালোচনা

[সম্পাদনা কৰক]

দ্য চানডে টাইমছৰ ব্ৰাইয়ান এপলয়াৰ্ডে গ্ৰন্থখনক "নাটকীয় আৰু নিখুঁত... আটাইতকৈ আমূল, বিতৰ্কিত আৰু উপশিৰোনামাৰ পৰা ধাৰ ল'লে আমাৰ সময়ৰ অন্তৰংগ বিজ্ঞান বুলি নিশ্চিত যেন লগা ৰোমাঞ্চকৰ আৰু ব্যাপক বিৱৰণী। তেওঁ এজন স্বাভাৱিক গল্পকাৰ।"[9]

এণ্ড্ৰু ছলমনে ৱাশ্বিংটন পোষ্টত লিখিছে: "স্থাপত্যৰ নিখুঁত আৰু ৰসাল আখ্যানৰ সংযোগ ৷ বিৰোধাভাষ যুক্ত বিৱৰণ, অস্থিৰতা আৰু বিদ্ৰুপ সকলোৰে প্ৰতি সমদৃষ্টি ৷ ৰাসায়নিক বিমূৰ্ততাত প্ৰোথিত আৱেগিক সত্যবোৰ বিচাৰি উলিওৱাৰ প্ৰভাৱেৰে মুখাৰ্জীয়ে আপোনাক সমৃদ্ধ কৰে।"[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. The Gene. "The Gene: An Intimate History". http://siddharthamukherjee.com/the-gene-an-intimate-history আহৰণ কৰা হৈছে: 17 May 2016.[সংযোগবিহীন উৎস]
  2. "Shortlist for The Royal Society Insight Investment Science Book Prize 2016 unveiled". The Royal Society. 6 August 2016.
  3. "Nobel laureate Svetlana Alexievich heads longlist for UK's top nonfiction award". 20 September 2016.
  4. "10 Best Books of 2016". The Washington Post. 17 November 2016.
  5. "Goodreads Choice Award". Goodreads. https://www.goodreads.com/award/show/21332-goodreads-choice-award আহৰণ কৰা হৈছে: 26 April 2018.
  6. Danuta Kean (14 March 2017). "Wellcome prize shortlist announced: books that 'will change lives'". The Guardian. https://www.theguardian.com/books/2017/mar/14/science-books-wellcome-book-prize-shortlist-2017 আহৰণ কৰা হৈছে: 24 April 2017.
  7. "PEN/E.O. Wilson Prize for Literary Science Writing". Goodreads. https://www.goodreads.com/award/show/7676-pen-e-o-wilson-prize-for-literary-science-writing আহৰণ কৰা হৈছে: 26 April 2018.
  8. DeSimone, Bailey (1 December 2017). "The Key Reporter - Siddhartha Mukherjee". keyreporter.org. The Phi Beta Kappa Society. The Key Reporter.
  9. Appleyard, Bryan (22 May 2016). "Books: The Gene: An Intimate History by Siddhartha Mukherjee". The Times. The Times & The Sunday Times. http://www.thetimes.co.uk/article/books-the-gene-an-intimate-history-by-siddhartha-mukherjee-5v6znlwqp আহৰণ কৰা হৈছে: 30 September 2016.
  10. Solomon, Andrew. "When we unlock the secrets of our genes, what do we do with that knowledge?". 12 May 2016. https://www.washingtonpost.com/opinions/when-we-unlock-the-secrets-of-our-genes-what-do-we-do-with-that-knowledge/2016/05/12/d5d33c8c-0712-11e6-a12f-ea5aed7958dc_story.html আহৰণ কৰা হৈছে: 30 September 2016.