ধম্মপদ
ধম্মপদ বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থ ত্ৰিপিটকৰ অন্তৰ্গত খুদ্দক নিকায়ৰ দ্বিতীয় গ্ৰন্থ। ‘ধম্মপদ’ শব্দটো সংস্কৃত ‘ধৰ্মপদ’ৰ পালি ৰূপ। পালিত সংস্কৃতৰ ‘ৰেফ’ লুপ্ত হৈ ধ্বনিটো দ্বিত্ব হৈ পৰে। ধৰ্ম অৰ্থাৎ নীতি-নৈতিকতামূলক পথ লাভৰ উপায় অৰ্থতে ইয়াত সন্নিবিষ্ট গাথাসমূহক একেলগে ‘ধৰ্ম্মপদ' বুলি কোৱা হৈছে।[1] এইসমূহ নৈতিক আৰু আধ্যাত্মিক ভাবমূলক বিভিন্ন গাথাৰ সংগ্ৰহ। ধম্মপদত ৪২৩টা গাথা আছে আৰু এইবিলাক ২৬টা বগত (বৰ্গত) বিভক্ত কৰা হৈছে।
ধম্মপদৰ বিষয়বস্তু
[সম্পাদনা কৰক]ধম্মপদে বৌদ্ধসাহিত্যৰ লগতে সমগ্ৰ ভাৰতীয় চিন্তা আৰু সাধনাকো অমৰ কৰি ৰাখিছে। বৌদ্ধধৰ্ম গ্ৰন্থৰ ভিতৰুৱা যদিও ইয়াত সন্নিবিষ্ট বাণীসমূহ সম্প্ৰদায়গত ধৰ্মৰ আদৰ্শৰ পৰা উৰ্ধত অৱস্থান কৰিছে। ইয়াৰ বাণীসমূহত চিৰকালীন সৰ্বমানবিক কল্যাণ-মৈত্ৰীৰ আদৰ্শ পৰিলক্ষিত হয়।[1] সেয়েহে ধৰ্ম্মপদৰ খ্যাতি সমগ্ৰ বিশ্বতে পৰিলক্ষিত হয়।
ধম্মপদৰ গুৰুত্ব
[সম্পাদনা কৰক]বৌদ্ধসকলৰ বিশ্বাস যে ধৰ্ম্মপদৰ সমস্ত বচন বুদ্ধ-বচন আৰু বৌদ্ধধৰ্মৰ মূল সূত্ৰসমূহেই ধম্মপদৰ বক্তব্য। অৱেশ্য ধম্মপদৰ বেছিভাগ গাথাই ত্ৰিপিটকৰ বিভিন্ন অংশৰ পৰাই সংগ্ৰহ আৰু বুদ্ধবচন বুলি কোৱা হ'লেও বহু গাথা হিন্দু আৰু জৈন ধৰ্মশাস্ত্ৰৰ লগত সম্পৰ্কযুক্ত; সেয়েহে এইবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা বুলি ক'ব পাৰি। বিভিন্ন উৎসৰ পৰা নীতি-নৈতিকতামূলক কথা সংগ্ৰহ কৰি জনসাধাৰণৰ সু-উচ্চ জীৱন-যাপনৰ অৰ্থে জনসাধাৰণৰ মাজত নৈতিক আৰু আধ্যাত্মিক জ্ঞান প্ৰচাৰ কৰাই এই সংকলনৰ মূল লক্ষ্য আছিল।[1] হিন্দু ধৰ্মত গীতাৰ যি স্থান বৌদ্ধধৰ্মতো ধম্মপদৰ স্থান একে বুলি কোৱা হয়।
ধম্মপদৰ অনুবাদ
[সম্পাদনা কৰক]ধম্মপদ এখন অতি জনপ্ৰিয় গ্ৰন্থ। এই বাণীসমূহ প্ৰথমে পালি ভাষাত লিখা হৈছিল। পিছলৈ প্ৰাকৃত, সংস্কৃত, বৌদ্ধ-সংস্কৃত আদি ভাষাত ইয়াৰ অনুবাদ পোৱা যায়। প্ৰাচীন কালতে সংস্কৃত অথবা বৌদ্ধসংস্কৃতৰ আধাৰত চীনীয়, তিব্বতী আদি ভাষাতো অনূদিত হৈ প্ৰচাৰ হৈছিল।[1] অসমীয়া ভাষালৈ ধম্মপদৰ অনুবাদ হৈছে। সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে প্ৰথম ধম্মদৰ অসমীয়া অনুবাদ কৰে।
ধম্মপদৰ বগ্গসমূহ
[সম্পাদনা কৰক]ধম্মপদত ৪২৩টা গাথা আছে আৰু এইবিলাক
২৬টা বগত (বৰ্গত) বিভক্ত কৰা হৈছে:
- যমক
- অপমাদ (অপ্ৰমাদ),
- চিত্ত,
- পুপ্ফ (পুষ্প),
- বাল,
- পণ্ডিত,
- অৰহণ্ত,
- সহস (সহস্ৰ),
- পাপ,
- দণ্ড,
- জৰা,
- অত্ত (আত্ম),
- লোক,
- বুদ্ধ,
- সুখ,
- পিয়(প্ৰিয়),
- কোধ (ক্ৰোধ),
- মল,
- ধম্ম,
- মগ (মাৰ্গ),
- পকিল্পক (প্ৰকীৰ্ণক—বিবিধ),
- নিৰয় (নৰক),
- নাগ,
- তন্থা (তৃষ্ণা),
- ভিক্খু আৰু
- ব্ৰাহ্মণবগো।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 নগেন ঠাকুৰ (২০০২). পালি-প্ৰাকৃত-অপভ্ৰংশ ভাষা আৰু সাহিত্য. প্ৰকাশক গুৱাহাটী: কে.এম. পাব্লিচিং. পৃষ্ঠা. ৯৪ - ৯৫. ISBN 81-85916-36-5.