ধাইনাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

ধাইনাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা ভাগ। শিশুৰ সংগীতপ্ৰিয়তা আৰু সংগীতৰ স্বাভাৱিক মাধুৰ্যকে ধাইনামৰ প্ৰাণ বুলি কোৱা হয়। শিশুৰ আমনি ভাঙি টোপনিৰ বাণ মাৰিবলৈ প্ৰয়াস কৰোঁতেই ধাইনামৰ জন্ম। ধাইনাম বা মাকে শিশুক নিচুকাবলৈ এই গীত ব্যৱহাৰ কৰাৰ বাবে এই গীতসমূহক ধাইনাম বা নিচুকনি গীত বোলে। ধাইনামৰ বিষয়বস্তু শিশুৰ উন্মাদ কল্পনা,মাকৰ উজ্জ্বল আশা আৰু বিশ্বাস-আত্মবিশ্বাসৰ শিশু-সুলভ সাঁথৰ। ধাইনামত মাতৃ-হৃদয়ৰ অভিব্যক্তি, আশা-আকাংক্ষা, মৰম-চেনেহ আদিৰ ইংগিত পোৱা যায়। [1]

ভোকাতুৰ শিশু এটিৰ কান্দোন শুনি এগৰাকী মাকৰ অন্তৰত যিটি মাতৃ স্নেহৰ নিজৰা বৈছে-
লাই হালে জালে আবেলি বতাহে
লফা হালে জালে পাতে;
আমাৰে মইনাই হালিছে জালিছে
কলি আবেলিৰে ভাতে।[2]

এইয়া এগৰাকী অসমীয়া মাতৃৰ মতৃত্বৰ মধুৰ চিত্ৰৰ চানেকি হ'লেও বিশ্বৰ সকলো মাতৃকেই প্ৰতিনিধিত্ব কৰিছে।

শিশু মনস্তত্ত্বৰ উচিত বিচাৰ কৰা হৈছে ধাইনামবোৰত। [3]

সংসাৰলৈ নতুনকৈ অহা শিশু-মন হেজাৰ প্ৰশ্নৰে ভৰপূৰ। শিশুৰ কল্পনা বাস্তৱ এৰি উৰি যায়, দিঠকৰ অভাৱ-অভিযোগ পাহৰি পেলায়,টোপনি আহি সাৱটি লয়; বিষয়ৰ পৰা বিষয়ান্তৰলৈ প্ৰশ্ন বাগৰি যায়।

জোনবাই এ, এটি তৰা দিয়া,
এটি তৰা নেলাগে দুটি তৰা দিয়া।
হালধীয়া চৰায়ে বাওধান খায়,
শহুৰৰ পুতেকে নাও মেলি যায়।
নাৱে বোলে টুলুং ভুটুং
বঁঠাই বোলে টুলুং ভুটুং
গধূলিতে গধূলিতে ডবা কোবায়।[4]

মানুহ আশাত জীয়াই থাকে। শিশুৰ মূৰত সেই আশা সুমুৱাই দিয়ে--

আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকী সৰি যাব
আমাৰে মইনাই বুটলি খাব।[5]

মোৰ বোপাই লাহৰী
নেপাইছো আহৰি
বৰা জুৰিছো আহু;
সেই বৰা বানি
পিঠাগুড়ি সানি
বোপাইলৈ লৈ যাম লাৰু।[6]

শিশুৱে সঙ্গীতৰ মধুৰ ধ্বনিত ভোল যায়। সেইবাবে শিশুক ভাত খুৱাওঁতে, গা ধুৱাওঁতে আৰু মূৰ ধুৱাওঁতে একোফাকি নাম গায়। যেনে-

লাও ক'লি ক'লি
জিকা ক'লি ক'লি
মইনাই ভাত খালে বৰপীৰাত বহি।
মইনাই ভাত খালে ককায়েকে চক।
মাহীয়তী পেহীয়তী ঠেং তলে যক।

চিলাই নিয়ক কোৱাই নিয়ক
আমাৰ বোপা ডাঙৰ দীঘল হ'ক।

চিলনীয়া বিলনীয়া
আমাৰ আইটিৰ চুলি বঢ়াই নিয়া।
চুঁচি-মাজি দিওঁ মই
বাৰহতীয়া হ'বি তই।[7]

ধাইনামৰ ৰচনাকাল নিৰ্ণয় কৰা টান। ধাইনামত মধ্যযুগৰ বুৰঞ্জীৰ সাঁচ পৰিছে। উদাহৰণ্বৰূপে-

এফালে বান্ধিছে চেউৰী কাজলী
এফালে বান্ধিছে হাতী;
হাতীৰে ওপৰত কোনে কাঁহ কোবা য়
ভৰালী বৰুৱাৰ নাতি।
ভৰালী বৰুৱাৰ ছজনী তিৰোতা
তাৰে সৰুজনী কাজী;
কাজীৰে জীয়েকক আনিব খুজিলোঁ
মাটিৰে মৃদংগ সাজি।
মাটিৰে মৃদংগ ঘিটিঙাই বাজিলে
গড়গাঁও দেশলৈ শুনি;
গড়গাঁও দেশতে কোঁৱৰ বহি আছিল
কটা দাঁড় যেন দেখি।[8]

ৰতনপুৰ প্ৰাক্-আহোম যুগত ভূঞাসকলৰ কৃষ্টি-সংস্কৃতিৰ কেন্দ্ৰ আছিল। ধাইনাম ৰতনপুৰ শিশু কল্পনাৰ ছঁয়া-ময়া ছবি হৈ জিলিকি উঠিছে। যেনে-

ঢোল বায় ক’ত ৰতনপুৰত
তাল বায় ক’ত ৰতনপুৰত
কোৱাই কেলকেলায় বান্দৰী নচুৱায়
বাঁহবাৰী বাঁহবাৰী গোসাঁইঘৰত।[9]

শিয়ালীৰ মূৰতে মৰুৱা ফুলে,
শিয়ালী পালেগৈ ৰতনপুৰ।[10]

শিয়ালী,হালধীয়া চৰাই, দৰকী, শালিকী, কামচৰাই, জোনবাই, তৰা, বাঁহৰ আগৰ বগলী, বকুল ফুল, পলাশ, মদাৰ, ভেকুলী, পৰুৱা আদি শিশুৰ চকুৰ আগত থকা চিত্ৰবোৰ ধাইনামত সজীৱ হৈ উঠিছে। কাব্য- চিত্ৰৰ মাজেৰে শিশুৱে কল্পনা শক্তি বঢ়াবলৈকো থল পাইছে।[11]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা, লীলা গগৈ, বনলতা,২০১১,পৃষ্ঠা নং-৫৫
  2. অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ,বনলতা,২০১১,পৃষ্ঠা নং-৫৫
  3. অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ,বনলতা,২০১১,পৃষ্ঠা নং-৫৬
  4. অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ, বনলতা ২০১১, পৃষ্ঠা নং-৫৬
  5. অসমীয়া লোক- সাহিত্যৰ ৰূপৰেখা,বনলতা ২০১১, পৃষ্ঠা নং-৫৬
  6. অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ, বনলতা ২০১১,পৃষ্ঠা নং-৫৬
  7. অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ, বনলতা ২০১১,পৃষ্ঠা নং-৫৭
  8. অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ, বনলতা ২০১১,পৃষ্ঠা নং-৬০
  9. অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ, বনলতা ২০১১,পৃষ্ঠা নং-৬০
  10. অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা, লীলা গগৈ, বনলতা ২০১১,পৃষ্ঠা নং-৬০
  11. অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা,লীলা গগৈ, বনলতা ২০১১,পৃষ্ঠা নং-৬১