ধেমচা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ধেমচা (ইংৰাজী: Dhemsa) মধ্য ভাৰত, দক্ষিণ ওড়িশা আৰু ছত্তীশগড় আৰু অন্ধ্ৰ প্ৰদেশৰ কাষৰীয়া অঞ্চলৰ জনজাতীয় লোকসকলৰ এক পৰম্পৰাগত লোকনৃত্য।[1] নৃত্যশিল্পীসকলে ইজনে সিজনক কান্ধ আৰু কঁকালত শিকলিৰ দৰে ধৰি, পৰম্পৰাগত বাদ্যযন্ত্ৰৰ ছন্দত নৃত্য কৰে। ধেমচা দলবদ্ধভাৱে পৰিৱেশন কৰা হয়। ধেমচা নৃত্যৰ ৰচনা, ছন্দ, শৰীৰৰ ভাষা, পৰম্পৰাগত সাজ-পোছাক, চুলিৰ ষ্টাইল আৰু নৃত্য প্ৰদৰ্শনৰ সুকীয়া শৈলীৰ বাবে আকৰ্ষণৰ বিন্দু হৈ আহিছে৷[2]

বৰ্ণনা[সম্পাদনা কৰক]

এই নৃত্যত ব্যৱহাৰ কৰা পৰম্পৰাগত লোকবাদ্যসমূহ হ’ল ঢোল, তামাক’, চাংগু আৰু মাহুৰী। ঢোল প্ৰায় বেছ ড্ৰামৰ সমতুল্য আৰু তামাক’ হৈছে বংগোৰ দৰে বাদ্যযন্ত্ৰ, যিটো ছন্দৰ গতি ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। মহুৰি জৰুণাৰ দৰে পৰম্পৰাগত এক বাদ্যযন্ত্ৰ। এই নৃত্য সাধাৰণতে "দেশীয়া" বা "আদিবাসী" নামৰ জনজাতিৰ লোকসমূহে তেওঁলোকৰ বাৰ্ষিক অনুষ্ঠান "চৈত পৰব" আৰু "পুছ পুনি" বা "পুছ পৰব"কে ধৰি সকলো অনুষ্ঠানতে গভীৰ নিশা পৰিৱেশন কৰে। মহুৰি বজোৱা ব্যক্তিজনক সুৰ বজোৱা "মহুৰিয়া" বুলি কোৱা হয়, আৰু ঢোলবাদকসকলেও তেওঁক অনুসৰণ কৰি বাদ্য সংগত কৰে। ধেমচা নৃত্য উৎসৱৰ সময়ৰ উপৰি, দৈনন্দিন ক্লান্তি আঁতৰাবলৈ অৱসৰ বিনোদন হিচাপেও পৰিৱেশন কৰা হয়৷[3]

উৎপত্তি[সম্পাদনা কৰক]

ধেমচা নৃত্য

ধেমচা নৃত্যৰ উৎপত্তি সম্বন্ধে কোনো প্ৰামাণিক তথ্য পোৱা নাযায়। এই নৃত্য কোৰাপুট জিলাৰ জনজাতিসকলৰ মাজত এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ পৰম্পৰাগতভাৱে চলি আহিছে আৰু ক্ৰমান্বয়ে ই ভোত্ৰা, ভূমিয়া, কান্ধ, গদাবা আদি আন জিলালৈও বিয়পি পৰিছে।

বিদৰ্ভ অঞ্চলৰ পূৰ্ব প্ৰান্তৰ মহাৰাষ্ট্ৰ ৰাজ্যত এই নৃত্যৰ ধাৰা ব্যাপকভাৱে প্ৰসাৰিত হৈছে। শেহতীয়াকৈ কোছ’ডুম ৱেলফেয়াৰ প্ৰাইভেট লিমিটেডে মেট্ৰ’ অঞ্চলত প্ৰাচীন নৃত্যৰ প্ৰচাৰৰ বাবে মুম্বাই অঞ্চলত ধেমচা এণ্ড ৰেলা অনুষ্ঠানৰ আয়োজন কৰিছে। গাডচিৰোলি জিলাৰ জনজাতীয় শিল্পীসকলে এই অনুষ্ঠানত পৰিৱেশন কৰিব।[4]

বিশেষত্ব[সম্পাদনা কৰক]

এই অনন্য লোকনৃত্য কেৱল শৰীৰৰ গতিবিধি বা ছন্দৰ বাবেই নহয়, ইয়াত একাধিক বিষয়ে গুৰুত্ব পাইছে, যেনে, অনন্য চুলিৰ ষ্টাইল, পৰম্পৰাগত সাজ-পোছাক, দলীয় পৰিৱেশন আৰু কোৰিঅ’গ্ৰাফী শৈলীৰ সংমিশ্ৰণ ঘটিছে। নেপথ্যত এটা সাধাৰণ লোকসংগীতৰ সৈতে এই নৃত্য কৰা হয়। ই এক সহজ নৃত্যৰ ৰূপ যি ওড়িশাৰ জনজাতিসকলৰ জীৱনৰ সৰলতাৰ প্ৰতিফলন। ধেমচা কেৱল বিশেষ অনুষ্ঠান আৰু উৎসৱত সীমাবদ্ধ নহয়, বৰঞ্চ ই জনজাতীয় জনগোষ্ঠীৰ দৈনন্দিন কাম-কাজৰ এটা অংশ। স্থানীয় জনজাতীয় লোকসকলৰ মতে, ই শাৰীৰিকভাৱে টান শ্ৰমৰ শেষত শাৰীৰিক অৱসন্নতা লাঘৱ হোৱাত সহায় কৰে আৰু মনোৰঞ্জনৰ মূল উৎস হিচাপেও কাম কৰে। যিহেতু ই এটা দলীয় নৃত্য, সেয়েহে ই জনজাতীয় সমাজৰ লোকসকলক একত্ৰিত হৈ ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ অনুভূতি বৃদ্ধি কৰাত সহায় কৰে। ধেমচা তেওঁলোকৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ যিটো উদযাপনৰ অংশ হিচাপে শিশুৰ জন্মৰ সময়তো কৰা হয়, আৰু পৰিয়ালৰ কোনো সদস্যক হেৰুৱাৰ সময়ত পৰিয়ালটোক দুখৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ কৰা হয়। বিবাহৰ সময়ত ইয়াৰ বিশেষ তাৎপৰ্য আছে, কাৰণ ই দৰা-কইনাক দাম্পত্য জীৱনত এক শক্তিশালী বান্ধোনত বান্ধি ৰাখে।[3] ই উৰিষ্যাৰ জনজাতিসকলে পালন কৰা প্ৰতিটো পৰম্পৰাৰ এক অংশ। ​ ধেমচা নৃত্য সকলোৰে বাবে, ৰেলা কৰিবলৈ বিশেষজ্ঞ হ’ব নালাগে - পদচালনাবোৰ সহজ আৰু এবাৰ নাচিবলৈ আৰম্ভ কৰিলে কোৱা হয় যে, আপুনি ইয়াৰ দ্বাৰা মন্ত্ৰমুগ্ধ হ’ব। নৃত্যশিল্পীসকলে ইজনে সিজনৰ লগত হাত ধৰি বা আন নৃত্যশিল্পীৰ সৈতে কান্ধ আৰু কঁকালত আলিংগন কৰি এডাল শিকলিৰ দৰে থিয় হয়। খালী ভৰিৰে মাটি চুই থাকে, উদ্দেশ্য, পৃথিৱী মাতৃৰ সৈতে সংযোগ স্থাপন আৰু প্ৰণাম কৰা হয়। বিবাহ অনুষ্ঠানৰ দৰে অনুষ্ঠানত ইয়াক সম্পন্ন কৰা হয় আৰু গোটেই ৰাতিটো নীৰৱচ্ছিন্নভাৱে কৰা হয়। এই নৃত্যৰ ধৰণটো প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু ভাৰতৰ মধ্য অংশৰ পূব বিদৰ্ভ অঞ্চলৰ বিভিন্ন ঠাইত গণ্ড আৰু পৰধান জনগোষ্ঠীয়ে পৰিৱেশন কৰে।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Pattnaik, Satyanarayan (January 30, 2011). "Dhemsa continues to catch fancy of foot-tapping tribals". The Times of India. http://timesofindia.indiatimes.com/city/bhubaneswar/-Dhemsa-continues-to-catch-fancy-of-foot-tapping-tribals/articleshow/7393270.cms। আহৰণ কৰা হৈছে: 16 August 2016. 
  2. "Dhemsa Dance". https://www.amarchitrakatha.com/history_details/dancing-the-dhemsa/। আহৰণ কৰা হৈছে: 10 February 2024. 
  3. 3.0 3.1 "ধেমচা". https://timesofindia.indiatimes.com/city/bhubaneswar/dhemsa-continues-to-catch-fancy-of-foot-tapping-tribals/articleshow/7393270.cms। আহৰণ কৰা হৈছে: 10 February 2024. 
  4. "Kosodum Tribal Dance Series , Series 1 Dhemsa & Rela". https://insider.in/kosodum-tribal-dance-series-series-1-dhemsa-rela-may5-2022/event.