ধ্ৰুৱী আচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ধ্ৰুৱী আচাৰ্য, জন্ম: ১৯৭১ চন,[1] যি তেওঁৰ মানসিকভাৱে জটিল আৰু দৃশ্যগতভাৱে স্তৰিত চিত্ৰকলাৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় শিল্পী।[2] শেহতীয়াকৈ তেওঁ চিৰামিক তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছে।[3] তেওঁৰ ঘৰ ভাৰতৰ মুম্বাইত।[4]

জন্ম, বিবাহ আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৭১ চনত ভাৰতত জন্মগ্ৰহণ কৰা ধ্ৰুৱী আচাৰ্য মুম্বাইত ডাঙৰ-দীঘল হৈছিল।[5] তেওঁ মুম্বাইৰ ৱালচিংহাম হাউচ স্কুল নামৰ ব্যক্তিগত ছোৱালীৰ বিদ্যালয়ত পঢ়িছিল।[6] আচাৰ্যই ১৯৯৩ চনত মুম্বাইৰ ছফিয়া পলিটেকনিকত প্ৰয়োগ কলা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[1][7] ১৯৯৮ চনত মেৰিলেণ্ডৰ বাল্টিমোৰৰ মেৰিলেণ্ড ইনষ্টিটিউট কলেজ অৱ আৰ্ট (MICA)ৰ হফবাৰ্গাৰ স্কুল অৱ পেইন্টিঙৰ পৰা চাৰু কলাৰ স্নাতকোত্তৰ (MFA) ডিগ্ৰী লাভ কৰে।[1] MICAত তেওঁ চিত্ৰশিল্পী গ্ৰেচ হাৰ্টিগানৰ ওচৰত অধ্যয়ন কৰিছিল।[5] চলচ্চিত্ৰ নিৰ্মাতা মনীষ আচাৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁৰ দুটি পুত্ৰ সন্তান জন্ম হয়। ২০১০ চনত এক দুৰ্ঘটনাত মনীষ আচাৰ্যৰ মৃত্যু হয়।[8][9]

কৰ্ম[সম্পাদনা কৰক]

২০০৫ চনৰ জানুৱাৰী মাহত ইণ্ডিয়া টুডে বাতৰি আলোচনীত আচাৰ্যক “সফলতাৰ দ্ৰুত পথেৰে আগবঢ়া’’ ৩৫ বছৰৰ তলৰ ৫০জন ভাৰতীয়ৰ ভিতৰত এগৰাকী হিচাপে প্ৰকাশ কৰিছিল।[10] তেওঁ নিউয়ৰ্কৰ কুইন্স মিউজিয়াম অৱ আৰ্ট, ছান জোছ মিউজিয়াম অৱ আৰ্ট, মুম্বাইৰ নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্ট, মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ বাস্তু সংগ্ৰহালয় মিউজিয়াম, গ্ৰীফিথ বিশ্ববিদ্যালয়, ব্ৰিজবেনৰ ছেইণ্ট লুইছৰ ৱেবষ্টাৰ বিশ্ববিদ্যালয় আৰু মিলানৰ পূৰ্বৰ স্পাজিঅ' অবেৰডানত প্ৰদৰ্শনী কৰিছে।[11] ২০১৭ চনত আচাৰ্যই মুম্বাইৰ এছিয়া ছ'চাইটি ইণ্ডিয়া চেণ্টাৰত পোষ্ট-বুম: আৰ্টিষ্টছ এণ্ড থেৰ প্ৰেকটিছ নামৰ পেনেলত অংশগ্ৰহণ কৰে।[12] আচাৰ্যৰ বিশেষ প্ৰকল্পসমূহৰ ভিতৰত আছে "পেইণ্টিং এজ পাৰফৰমেন্স", চিত্ৰ গণেশৰ সৈতে ২০১৫ চনত ভাৰত কলা মেলা আৰু "জে এছ ডব্লিউ", জিন্দাল ষ্টীল ৱৰ্কছ চেণ্টাৰ, মুম্বাইৰ ৩২ ফুটৰ মিউৰেল।[13] ইনষ্টলেচনৰ শিৰোনাম "যি আছিল, এতিয়াও আছে, কিন্তু নহয়..." য'ত আচাৰ্যই দিল্লীৰ মৰ্টে গেলেৰীত কপাহী কাপোৰেৰে গেলেৰীৰ কোঠাটো বুৰাই পেলাইছিল।[14][15]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Dhruvi Acharya Biography". www.artnet.com. http://www.artnet.com/artists/dhruvi-acharya/biography। আহৰণ কৰা হৈছে: 2019-10-17. 
  2. "Painting, Still Lively - Slide 4 of 13". The New York Times. 2010. http://archive.nytimes.com/www.nytimes.com/slideshow/2010/03/25/arts/20100328-painting-slideshow_4.html?_r=0। আহৰণ কৰা হৈছে: 2019-10-17. 
  3. Deodhar, Neerja (December 10, 2023). "Ladies first". Mid-day. https://www.mid-day.com/sunday-mid-day/article/ladies-first-23324175. 
  4. Agrawal, Ravin (2009). "Transcript of "10 young Indian artists to watch"" (en ভাষাত). TedIndia. https://www.ted.com/talks/ravin_agrawal_10_young_indian_artists_to_watch/transcript। আহৰণ কৰা হৈছে: 2019-10-17. 
  5. 5.0 5.1 "People: Dhruvi Acharya" (en-GB ভাষাত). The Floating Magazine. 2016-09-15. http://thefloatingmagazine.com/people-dhruvi-acharya/। আহৰণ কৰা হৈছে: 2019-10-17. 
  6. "The Universality of the Human Experience". magzter.com. Archived from the original on 2019-10-17. https://web.archive.org/web/20191017071025/https://www.magzter.com/articles/32/218501/58f3b7736c567। আহৰণ কৰা হৈছে: 2019-10-17. 
  7. "Dhruvi Acharya". Saffronart. https://www.saffronart.com/artists/dhruvi-acharya। আহৰণ কৰা হৈছে: 2019-10-17. 
  8. Mishra, Manish D. (2013-10-20). "Take risks & trust your intuition: Dhruvi Acharya" (en ভাষাত). DNA India. https://www.dnaindia.com/lifestyle/report-take-risks-trust-your-intuition-dhruvi-acharya-1905993। আহৰণ কৰা হৈছে: 2019-10-17. 
  9. "Losing her father and husband in one year, here's how this artist fought back" (en-US ভাষাত). Elle India. https://elle.in/article/dhruvi-acharya-on-how-her-sense-of-absurd-helped-her/। আহৰণ কৰা হৈছে: 2019-10-17. 
  10. "Young guns who represent the changing face of India" (en ভাষাত). India Today. 2005-01-31. https://www.indiatoday.in/magazine/cover-story/story/20050131-young-leaders-who-represent-the-changing-face-of-india-788368-2005-01-31। আহৰণ কৰা হৈছে: 2019-10-17. 
  11. "India Arte Oggi Spazio Oberdan Milano" (it ভাষাত). 1995-2015.undo.net. http://1995-2015.undo.net/it/mostra/60772। আহৰণ কৰা হৈছে: 2020-10-21. 
  12. "Post-Boom: Artists and Their Practices" (en ভাষাত). Asia Society. https://asiasociety.org/india/events/post-boom-artists-and-their-practices। আহৰণ কৰা হৈছে: 30 October 2021. 
  13. "There's accounting for taste" (en ভাষাত). Mumbai Mirror. December 7, 2015. https://mumbaimirror.indiatimes.com/opinion/columnists/mortimer-chatterjee/Theres-accounting-for-taste/articleshow/50071142.cms। আহৰণ কৰা হৈছে: 2020-10-21. 
  14. "Filling a Vacuum" (en ভাষাত). The Indian Express. 2020-01-30. https://indianexpress.com/article/lifestyle/art-and-culture/dhruvi-acharya-exhibition-permeated-absence-6241626/। আহৰণ কৰা হৈছে: 2021-03-20. 
  15. Deepak, Sukant (2020-01-14). "Dhruvi Acharya and art of dealing with loss" (en ভাষাত). www.thehansindia.com. https://www.thehansindia.com/featured/womenia/dhruvi-acharya-and-art-of-dealing-with-loss-597008। আহৰণ কৰা হৈছে: 2021-03-20.