নকছাৰি মহাবিদ্যালয়
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
নকছাৰি মহাবিদ্যালয় যোৰহাট জিলা আৰু যোৰহাট লোকসভা সমষ্টি অন্তৰ্গত ১০১ নং মৰিয়নি বিধান সভা সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বৃহত্তৰ নকছাৰি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান। ১৯৮৮ চনত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খনে[1] জন্মলগ্নৰ পৰাই বৃহত্তৰ নকছাৰি অঞ্চলত উচ্চ শিক্ষা প্ৰসাৰৰ বাবে নীৰৱচ্ছিন্নভাৱে সেৱা আগ বঢ়াই আহিছে।
ইতিহাস
[সম্পাদনা কৰক]ডেবেৰাপাৰ চাৰি আলি পৰিকল্পিত সম্প্ৰসাৰণ আৰু নকছাৰি উন্নয়ন সমিতিৰ উদ্যোগত ১৯৮৮ চনৰ ১৬ ফেব্ৰুৱাৰি মঙ্গলবাৰে নকছাৰি উচ্চ বালিকা বিদ্যালয়ত আহ্বান কৰা[2] ৰাজহুৱা সভাত সৰ্বসন্মতিক্ৰমে ১৯৮৮ চনৰ শিক্ষাবৰ্ষৰ পৰাই নকছাৰি মহাবিদ্যালয় আৰম্ভ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।[3] ২২ আগষ্ট ১৯৮৮ চনত সকলো প্ৰস্তুতি সম্পাদন কৰি তিৰুৱাল ভেটা প্ৰাথমিক বিদ্যালয়ত পুৱা ৭.৩০ বজাত নকছাৰি মহাবিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰথম বৰ্ষৰ পাঠদান শুভাৰম্ভ কৰা হৈছিল।[4] নকছাৰি অঞ্চলৰ ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী তথা সেই সময়ত মৰিয়নি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক বিনোদ কুমাৰ গগৈদেৱক নকছাৰি মহাবিদ্যালয়ৰ প্ৰথমজন অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল।[5][6] ১৯৮৮ চনৰ পৰা সুদীৰ্ঘ ১৪ বছৰ কাল তিৰুৱালভেটা প্ৰাথমিক বিদ্যালয় চৌহদত ওচমান আলি বৰাই নকছাৰি মহাবিদ্যালয়ক দান সূত্ৰে দিয়া তিনি কঠা মাটিত অস্থায়ীভাৱে মহাবিদ্যালয়খন চলাৰ পিছত[7] ২০০২ চনত অসম চৰকাৰে তিৰুৱাল গৰু চৰণীয়া পথাৰত দিয়া ৪৫ বিঘা মাটিত মহাবিদ্যালয়ৰ স্থায়ী গৃহত পাঠদান আৰম্ভ হ'ল।[8][9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "নকছাৰি মহাবিদ্যালয়". https://www.nakacharicollege.in/aboutus.php। আহৰণ কৰা হৈছে: 22 September 2024.
- ↑ প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি. ২০০৯. পৃষ্ঠা. ৭৮.
- ↑ প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি. ২০০৯. পৃষ্ঠা. ২৪.
- ↑ প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি. ২০০৯. পৃষ্ঠা. ২৪.
- ↑ প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি. ২০০৯. পৃষ্ঠা. ১৭.
- ↑ প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি. ২০০৯. পৃষ্ঠা. ১২.
- ↑ প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি. ২০০৯. পৃষ্ঠা. ৬৮.
- ↑ প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি. ২০০৯. পৃষ্ঠা. ৩৫.
- ↑ প্ৰমা. নকছাৰি মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ উদযাপন সমিতি. ২০০৯. পৃষ্ঠা. ৬৮.