সমললৈ যাওক

নয়না লাল কিদৱাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নয়না লাল কিদৱাই {ইংৰাজী: Naina Lal Kidwai, জন্ম ১৪ এপ্ৰিল, ১৯৫৭) এগৰাকী ভাৰতীয় বেংকাৰ, চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু ব্যৱসায়িক কাৰ্যবাহী। তেওঁ এগৰাকী গ্ৰুপ জেনেৰেল মেনেজাৰ আৰু এইচএছবিচি (HSBC)ইণ্ডিয়াৰ মুখ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[1] [2][3]তেওঁ ফেডাৰেচন অফ ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (এফআইচিচিআই)ৰ এগৰাকী প্ৰাক্তন সভাপতি।[4] ২০১৫ চনত কিদৱাই পদ্মশ্ৰী বঁটা লাভ কৰিছিল।[5]

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

[সম্পাদনা কৰক]

নয়না লাল কিদৱাই ১৯৫৭ চনৰ ১৪ এপ্ৰিলত[6] এটা পাঞ্জাৱী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। কিদৱাইৰ দেউতাক সুৰিন্দৰ লাল এটা বীমা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল। [7]কিদৱাইৰ মাতৃ থাপাৰ গ্ৰুপ অফ কোম্পানীৰ প্ৰতিষ্ঠাপক কৰমচান্দ থাপাৰৰ কন্যা আছিল। [8]কিদৱাইৰ এগৰাকী ভগ্নী ননিতা লাল কুৰেছি, এগৰাকী গল্ফ খেলুৱৈ আৰু ১৯৮৯ চনত অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু পাকিস্তানী গল্ফ চেম্পিয়ন ফৈজল কুৰেছিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[9][10]

কিদৱায়ে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহিলা মহাবিদ্যালয় লেডী শ্ৰী ৰাম কলেজ ফৰ ৱমেনৰ পৰা ১৯৭৭ চনত অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছে। [11] তাৰ পিছত তেওঁ হাৰ্ভাৰ্ড বিজনেছ স্কুললৈ (এইচবিএছ) মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেচন (এমবিএ) কৰিবলৈ গৈছিল, আৰু ১৯৮২ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল। [ কিদৱাই এইচবিএছৰ(HSBC) ৰ পৰা স্নাতক হোৱা প্ৰথম ভাৰতীয় মহিলা। তেওঁ এগৰাকী যোগ্য চাৰ্টাৰ্ড একাউণ্টেণ্টো।

কৰ্মজীৱন

[সম্পাদনা কৰক]

কিডৱাইৰ প্ৰথম চাকৰি আছিল প্ৰাইচ ৱাটাৰহাউচত, যি পিছলৈ প্ৰাইচ ৱাটাৰহাউচ কুপাৰচ (পিডব্লিউচি) হৈ পৰে। তেওঁ এএনজেড(ANZ) গ্ৰিণ্ডলেজত যোগদান কৰাৰ সময়ত বেংকিং উদ্যোগত প্ৰৱেশ কৰিছিল। বেংকিং উদ্যোগত তেওঁ ১৯৮২ চনৰ পৰা ১৯৯৪ চনলৈ কাম কৰিছিল। ১৯৯৪ চনৰ পৰা ২০০২ চনলৈ কিদৱাই মৰ্গান ষ্টেনলী ইণ্ডিয়াত কাম কৰে আৰু ১৯৯৭ চনত তেওঁক বিনিয়োগ বেংকিংৰ মুৰব্বী হিছাপে দায়িত্বভাৰ গ্ৰহণ কৰে।

স্বীকৃতি

[সম্পাদনা কৰক]

কিদৱায়ে ২০১৫ চনত বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। তেওঁ বেঙ্কিংত উৎকৃষ্টতাৰ বাবে 'অল লেডিজ লীগৰ দিল্লী ৱমেন অফ দা ডিকেড এচিভাৰ্ছ এৱাৰ্ড ২০১৩ লাভ কৰে। কিদৱাই কেইবাবাৰো ব্যৱসায়ৰ শীৰ্ষ মহিলাৰ ফৰ্চুন গোলকীয় তালিকাত স্থান লাভ কৰিছে। তেওঁ ৱাল ষ্ট্ৰীট জাৰ্নেল ২০০৬ গ্লোবেল লিষ্টিং অৱ ৱমেন টু ৱাচত দ্বাদশ স্থানত আছিল আৰু টাইম আলোচনীয়ে তেওঁলোকৰ ১৫টা গ্লোবেল ইম্পেলেন্সিভ ২০০২ ৰ ভিতৰত এটা হিচাপে তালিকাভুক্ত হৈছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কিদৱাই হৈছে ৰছিদ কিদৱাইৰ দ্বিতীয় পত্নী। ৰছিদ কিদৱাই 'গ্ৰাছৰুট ট্ৰেডিং নেটৱৰ্ক ফৰ ৱমেন' নামৰ এটা বেচৰকাৰী সংগঠন চলায়। তেওঁলোকৰ কেমায়া কিদৱাই নামেৰে এজনী ছোৱালী আছে। ৰছিদ কিদৱাইৰ পূৰ্বৰ বিবাহৰ পৰা এজন পুত্ৰও আছে। কিদৱাইয়ে এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে তেওঁ 'গধুৰ ধাতুৰ বাহিৰে সকলো সংগীত' শুনিছে আৰু এজন প্ৰকৃতি প্ৰেমী বুলি দাবী কৰে আৰু হিমালয়লৈ ট্ৰেকিং ভ্ৰমণলৈ যাবলৈ ভাল পায়।

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "Sheila Dikshit, Shobhana Bhartia and Sharmila Tagore among women achievers honoured". India Today. 23 July 2013. https://www.indiatoday.in/india/north/story/sheila-dikshit-shobhana-bhartia-and-sharmila-tagore-among-women-achievers-honoured-171358-2013-07-23.
  2. "Naina Lal Kidwai – TIME". 14 December 2008. Archived from the original on 2013-08-25. https://web.archive.org/web/20130825152858/http://www.time.com/time/magazine/article/0,9171,1003813,00.html আহৰণ কৰা হৈছে: 2024-12-31.
  3. "Naina Lal Kidwai to head HSBC India ops". 17 April 2009. https://indianexpress.com/article/news-archive/web/naina-lal-kidwai-to-head-hsbc-india-ops/ আহৰণ কৰা হৈছে: 14 October 2022.
  4. "Naina Lal Kidwai – President – FICCI blog". http://blog.ficci.com/office-bearers/naina-lal-kidwai আহৰণ কৰা হৈছে: 22 December 2012.
  5. "আৰ্কাইভ কপি". Archived from the original on 2017-10-19. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 2024-12-31.
  6. "Naina Lal Kidwai - 17806 Director Info" (en ভাষাত). MyCorporateInfo. https://mycorporateinfo.com/director/naina-lal-kidwai-17806 আহৰণ কৰা হৈছে: 2024-11-17.
  7. Mathur, Nandita (4 May 2018). "Naina Lal Kidwai: Banking on wonder women". Mint. https://www.livemint.com/Companies/u1NkBKJeXXxMzF4daVmFkL/Naina-Lal-Kidwai-Banking-on-wonder-women.html আহৰণ কৰা হৈছে: 14 November 2024.
  8. Das Gupta, Surajeet; Bhandari, Bhupesh (20 January 2013). "The right chemistry". Business Standard. https://www.business-standard.com/article/beyond-business/the-right-chemistry-112012800016_1.html আহৰণ কৰা হৈছে: 14 November 2024.
  9. "Indian golf ace Nonita Lall and Pakistani numero uno Faisal Qureshi to tie the knot" (en ভাষাত). India Today. 1991-04-15. https://www.indiatoday.in/magazine/eyecatchers/story/19910415-indian-golf-ace-nonita-lall-and-pakistani-numero-uno-faisal-qureshi-to-tie-the-knot-814351-1991-04-14 আহৰণ কৰা হৈছে: 2024-11-13.
  10. "Golden leaf from yesteryears". Hindustan Times. 9 June 2010. https://www.hindustantimes.com/education/golden-leaf-from-yesteryears/story-wP3JslQ5bqJBqlsMw5XdqN.html আহৰণ কৰা হৈছে: 14 November 2024.
  11. "Naina Lal Kidwai". Harvard Business School. https://www.hbs.edu/creating-emerging-markets/interviews/Pages/profile.aspx?profile=nlkidwai আহৰণ কৰা হৈছে: 2024-11-14.