নাও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক'ডাইকানাল হ্ৰদত এক পৰম্পৰাগত নাও
১৭ মিটাৰ দীঘল লাইফ ব'ট

নাও বা নৌকা (ইংৰাজী: Boat) হ'ল পানীত ওপঙি থাকিব পৰাকৈ, পানীত কাম কৰিবলৈ বা ভ্ৰমণ কৰিবলৈ সজা যিকোনো আকৃতিৰ জল-যান। দৃষ্টান্তস্বৰূপে সৰু নাওবোৰ বিল-সৰোবৰ বা সংৰক্ষিত উপকূল অঞ্চলত পোৱা যায়। যেইকি নহওক, তিমি নাওৰ দৰে নাওবোৰ সমুদ্ৰ তীৰৰ পৰা নিলগৰ পৰিবেশত এখন জাহাজৰ পৰা কাৰ্য চলাবলৈ তৈয়াৰ কৰা হৈছিল। সামুদ্ৰিক সংজ্ঞা অনুযায়ী, অন্য নাওবোৰৰ (জাহাজ) মজিয়াত কঢ়িয়াই নিব পৰাকৈ নাও হ’ল এক যথেষ্ট সৰু নাও। অন্য কম বাধাজনক সংজ্ঞা হ’ল নাও এক নাও যাক পানীৰ ওপৰত তুলি ধৰিব পাৰি। বোজা কঢ়িওৱা জাহাজবোৰে কোৱাৰ দৰে ১,০০০ ফুট (৩০০ মিটাৰ) দীঘল ডাঙৰ হ্ৰদত থকাবোৰেই নাও বুলি কিছুমান সংজ্ঞাই আকৃতিৰ পাৰ্থক্য দেখুওৱা নাই। প্ৰচলিত সামুদ্ৰিক ৰীতি অনুযায়ী চাবমেৰিনক ‘জাহাজ’ বুলি আখ্যা নিদি ‘ নাও’ বুলিহে কোৱা হয়।

নাওবোৰৰ অভিপ্ৰেত উদ্দেশ্য, তৈয়াৰ কৰা পদাৰ্থ, বা স্থানীয় প্ৰথা অনুযায়ী সেইবোৰৰ বহু প্ৰকাৰৰ গঠন, আকৃতি আৰু নিৰ্মাণ পদ্ধতি আছে। কাঠৰ নাওৰ দৰে নাওবোৰৰ এক দীঘলীয়া বুৰঞ্জী আছে আৰু সমগ্ৰ বিশ্বতে পৰিবহণ, মাছ ধৰা বা খেলৰ কাৰণে বিভিন্ন ধৰণৰ বিৱৰণ প্ৰয়োগ কৰা হয়। স্থানীয় অৱস্থাসমূহৰ লগত ৰজিতা খোৱাকৈ ব্যাপক ভাৱে ভিন্ন ৰকমৰ হয়। প্ৰমোদ নৌকাই স্কী ব'ট, দলং নাও অৱসৰ বিনোদন বা নিৰূপিত বাসগৃহ স্বৰূপে নৌকাগৃহসমূহ ব্যৱহাৰ কৰিব পাৰি। সৰু নাওবোৰে বৃহৎ জাহাজৰ পৰা অহা যোৱা কৰাত পৰিবহণ আৰু পোহৰ যোগানৰ কাম কৰিব পাৰে। লাইফব'টবোৰৰ উদ্ধাৰ আৰু ৰক্ষা কাম আছে।

বুৰঞ্জী[সম্পাদনা কৰক]

পুৰাতত্ত্ববিদ সকলে বিচাৰি পাইছে যে Radomysl Castle, ইউক্ৰেইনৰ গা-গছ খুলি সজা নাওবোৰ আটাইতকৈ প্ৰচীন বিধৰ নাও আৰু সেই নাওবোৰে প্ৰাচীন কালৰ পৰা পৰিবহণ সেৱা আগ বঢ়াই আহিছে। অষ্ট্ৰেলিয়াৰ ৪০,০০০ বছৰৰ পূৰ্বে বসতি, Crete ৰ ১৩০,০০০ বছৰৰ পূৰ্বৰ আৱিষ্কাৰবোৰ আৰু Flores ৰ ৯০০,০০০ বছৰৰ প্ৰাচীন আৱিষ্কাৰবোৰৰ দৰে ঘটনামূলক আনুমানিক প্ৰমাণবোৰে ইংগিত দিয়ে যে প্ৰক-ঐতিহাসিক কালৰে পৰা নাও ব্যৱহাৰ হৈ আহিছে। ডুখৰীয়া কাঠেৰে তৈয়াৰী নাওবোৰেই সৰ্ব প্ৰথম নাও আছিল বুলি ভৱা হয় আৰু পুৰাতত্ত্ববিদ সকলে খনন কাৰ্যত বিচাৰি পোৱা সকলোতকৈ প্ৰাচীন নাওবোৰ ৭,০০০-ৰ পৰা ১০,০০০বছৰৰ আগৰ। Pinus sylvestris ৰ গা-গছ খুলি সজা কাঠৰ নাও আৰু ৮২০০ আৰু ৭৬০০ খৃঃ পূঃ ৰ ভিতৰত কোনোবা ঠাইত তৈয়াৰী Pesse canoe য়েই পৃথিবীত উদ্ধাৰ কৰা সকলোতকৈ প্ৰাচীন নাও। এই নাওখন নেডাৰলেণ্ডৰ Assen ৰ Drents Museum ত প্ৰদৰ্শন কৰা হৈছিল। আন বহুতো পুৰণি কাঠৰ নাওবোৰো উদ্ধাৰ হৈছে। কোয়েইটত এখন ৭,০০০ বছৰ পুৰণি সাগৰলৈ যোৱা নল-খাগৰিৰ নাও পোৱা গৈছে। পুৰণি ইজিপ্তৰ চুমাৰ(Sumer)ত আৰু ভাৰত মহাসাগৰত খৃঃ পূঃ ৪০০০ আৰু ৩০০০ মাজত নাওবোৰ ব্যৱহৃত হৈছিল। সিন্ধু উপত্যকাৰ সভ্যতা আৰু মেচুপ’টামিয়াৰ মাজত বাণিজ্যত নাওবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভালেমান সিন্ধু উপত্যকাৰ পুৰাতাত্ত্বিক স্থানত ভিন্ন গঠন প্ৰণালীৰ নাওবোৰৰ প্ৰমাণ পোৱা গৈছে। দক্ষিণ ভাৰতৰ কেৰেলাৰ দক্ষিণ কেলিকোটৰ বেইপুৰ নামৰ গাঁৱত Uruখন তৈয়াৰ কৰা হৈছিল। কোনো লোহা নোহোৱাকৈ , চেগুন কাঠ ব্যৱহাৰ কৰি এই বিশাল কাঠৰ জাহাজখন তৈয়াৰ কৰা হৈছিল আৰু ৪০০ টনৰ বহন ক্ষমতা আ্ছিল। প্ৰাচীন আৰবী আৰু গ্ৰীক সকলে এই নাওবোৰ বাণিজ্যিক জাহাজ হিচাপে ব্যৱহাৰ কৰিছিল। বুৰঞ্জীবিদ Herodotus, Pliny the Elder আৰু Straboৰ হিচাপ-নিকাচে ইংগিত দিয়ে যে এই নাওবোৰ বাণিজ্য আৰু ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

প্ৰকাৰ[সম্পাদনা কৰক]

নাওক তিনিটা প্ৰধান ভাগত ভগাব পাৰি।

শক্তিকৃত নকৰা বা মানৱ-শক্তিকৃত নাও।

এক পথ গামী ভটীয়নি যাত্ৰাৰ বাবে ব্যৱহাৰ কৰা কাঠৰ মাৰ নাও আৰু পুঙা নাওবোৰক শক্তিকৃত নকৰা নাওবোৰে সাঙুৰি লয়।

কাঠৰ নাও, কায়াক(kayaks),ভিনিচ দেশীয় সৰু নাও আৰু লগি বা দীঘল কাঠৰ মাৰিৰে আগলৈ চলাই নিয়া চাৰিচুকীয়া নাওবোৰক মানৱ-শক্তিকৃত নাৱে সাঙুৰি লয়।

কেৱল পালৰ উপায়েৰে আগলে চলাই নিয়া নাওল পাল-তৰা নাও বোলে।

ইঞ্জিনৰ দৰে কাৰিকৰি উপায়েৰে আগলৈ চলাই নিয়া নাওবোৰক মটৰ ব'ট বোলে।

এটা বা অধিক জল-স্তম্ভলৈ নিৰাপদে টানি নিবলৈ বিশেষভাৱে সজোৱা স্কি ব'টবোৰ হ’ল বিশেষ ধৰণৰ মটৰ ব'ট। স্বাভাৱিকতে মাজভাগত অৱস্থান কৰা আৰু সন্মুখলৈ ঠেলাটোক প্ৰত্যক্ষ চালনৰ যোগেদি শক্তিকৃত এক উচ্চ অশ্ব শক্তি, সামুদ্ৰিক স্বয়ংক্ৰিয় ইঞ্জিন ব্যৱহাৰ কৰি ইয়াক পোৱা গৈছে। নাওখনৰ খোলাৰ ওপৰ অংশত স্থাপিত আৰু মটৰ চালকৰ সন্মুখত থকা টনা ডাং এটাৰ লগত সংযুক্ত এক টনা ৰছিত এটা স্কীয়াৰ(skier) টনা হয়। আমেৰিকা যুক্ত ৰাষ্ট্ৰ জল স্কী ফেডাৰেশ্যন, পূৰ্বৰ আমেৰিকান জল স্কী সন্থা( The USA Water Ski Federation, formerly the American Water Ski Association, AWSA)ৰ দ্বাৰা সংজ্ঞাকৃত এক পূৰ্ব নিৰ্ধাৰিত এলানি মানদণ্ড স্বীকৃতিপ্ৰাপ্ত প্ৰত্যেকখন নাৱে পূৰ্ণ কৰিব লাগিব বা তাতকৈ বেছি কৰিব লাগিব।

অনেক মূল উপাদানে বেছি ভাগ নাৱৰ প্ৰধান গাঁথনিটো নিৰ্মাণ কৰে। চোকোৰাটোৱেই নাওখনৰ প্ৰধান গাঁথনিগত উপাদান আৰু ই ওপঙি থকাৰ শক্তি প্ৰদান কৰে। নাৱৰ দাঁতিবোৰ নিৰ্মাণ কৰা বাৰটোৱে পানীৰ পৰা ৰক্ষা কৰে আৰু নাওখনক ডুবি নাযাবলৈ কঠিন কৰে। মোটামুটিকৈ সমতল নাওখনৰ চোকোৰাৰ মাজৰ খোলকৃত গাঁথনিক নাৱৰ মজিয়া কোৱা হয়। এখন জাহাজৰ অনেক মজিয়া থাকে; কিন্তু এখন নাৱৰ, যদি ক’ৰবাত আছে, কেনেবাকৈহে এখনতকৈ বেছি মজিয়া থাকে। মজিয়াৰ ওপৰত ওপৰৰ গাঁঠনিবোৰ থাকে। মজিয়াৰ তলৰ ফালে মজিয়াৰ ওপৰ ভাগ থাকে। নাওখনৰ লগত সংযুক্ত হৈ থকা এডোখৰ ঠাইক কেবিন বুলি কোৱা হয়। এটা উন্নত কৰা কেবিনৰ ইমূৰৰ পৰা সিমূৰলৈ জোৰাকৈ কম ওজনৰ নিৰ্মাণ এখন যানৰ ছালকে ধৰি বহুতো গাঁথনিৰে যোগে এটা কেবিন তৈয়াৰ কৰা হয়। এটা কেবিনৰ মজিয়াক সঠিকভাৱে তলুৱা হিচাপে জনা যায়, বেছিকে ইয়াক মজিয়া বুলিহে কোৱা হয়। ভিতৰৰ ঠাইখিনিক ভাগ কৰি লম্বভাৱে থকা পিঠিৰ ফালটোক মাল বোজাই কৰা মূৰ(bulkheads) বুলি কয়। নাৱৰ তলিখন হ’ল দৈঘ্য অনুযায়ী এক গঠন সম্বন্ধীয় সদস্য যাৰ ওপৰত গাঁথনিবোৰ সংলগ্ন কৰা থাকে(কেতিয়াবা ৰাজহাড় বুলিও আখ্যা দিয়ে হয়)। নাৱৰ সন্মুখভাগক টিং বুলি কোৱা হয়।

তৈয়াৰ কৰা পদাৰ্থ[সম্পাদনা কৰক]

১৯ শতিকাৰ মাজ ভাগ পৰ্যন্ত বেছি ভাগ নাও প্ৰাকৃতিক পদাৰ্থৰে তৈয়াৰ কৰা হৈছিল, যদিওবা নল-খাগৰি, গছৰ বাকলি আৰু জন্তুৰ ছালো ব্যৱহাৰ হৈছিল প্ৰাথমিক ভাৱে কাঠেৰে তৈয়াৰ কৰা হৈছিল। পুৰণি ইজিপ্তত দেখা পোৱা নল-খাগৰি আৱদ্ধ ভঙ্গীৰ নাও, ভূৰ্জ বৃক্ষৰ বাকলিৰ সৰু নাও, জন্তুৰ চামৰাৰে আবৃত কয়াক(kayak), আৰু এডুখৰ কাঠৰ পৰা তৈয়াৰ কৰা কাঠৰ সৰু নাওবোৰেই আদিম নাওক সাঙুৰি লয়। ১৯ শতিকাৰ মাজভাগত লো বা তীখাৰ গাঁথনিৰে বহুতো নাও তৈয়াৰ কৰা হৈছিল কিন্তু তেতিয়াও কাঠৰ তক্টা দিয়া হৈছিল। ফৰাচীসকলে ১৮৫৫ চনত লো-চিমেণ্ট নাও নিৰ্মাণৰ স্বত্ব্ব ৰেজিষ্টাৰি কৰিছিল। তেওঁলোকে ‘ফাৰচিমেণ্ট’(ferciment) নামটো তাত খুদিত কৰিছিল। ই এক এনে পদ্ধতি যাৰ দ্বাৰা এটা ষ্ট্ৰীল বা লোহাৰ গাঁথনি নাৱৰ চোকোৰা বা খোলাৰ আকৃতিত তৈয়াৰ কৰা হয় আৰু চিমেণ্টেৰে আৱৰি(লেপি) দিয়া হয়। ফাইবাৰগ্লাচ(Fiberglass)নাওবোৰ মজবুত, আৰু মামৰে নধৰে, ক্ষয়কাৰক নহয়, বা পচি নাযায়। যেইকিনহওক সেই নাওবোৰৰ জীৱনকালত সূৰ্যৰ পোহৰ আৰু চূড়ান্ত তাপত গাঁথনিগত অধোগতিৰ বাবে সেইবোৰ অনুভৱক্ষম হয়। নাও বা পানী জাহাজবোৰ ফেন বা প্লাষ্টিকৰ দৰ পদাৰ্থৰে ও নিৰ্মাণ কৰা হ’য়, কিন্তু আজি কালি গৃহ নিৰ্মিত নাও প্লাইউডেৰে সজা হয় আৰু ৰং কৰা হয় নতুবা ফাইবাৰ গ্লাছ আৰু ধূনাৰ এটা প্ৰলেপেৰে আৱৰি দিয়া হয়।

চালন শক্তি (Propulsion)[সম্পাদনা কৰক]

নাও চলোৱাৰ বেছি সাধাৰণ উপায়বোৰ হ’লঃ মানৱ শক্তি(ব’ঠা মাৰি, পেডেল মাৰি , লগি ইত্যাদিৰে) বায়ু শক্তি(পাল তৰি) যন্ত্ৰ শক্তিৰ চালকবোৰ নাৱৰ ভিতৰৰ নাৱৰ ভিতৰৰ/বাহিৰৰ(পিছলৈ চলাই নিয়া) নাৱৰ বাহিৰৰ পেডেল চকা জল জেট(ব্যক্তিগত জল জাহাজ বা নাও, জেট ব'ট) বায়ু পাঙ্খা(উৰিব পৰা সৰু নাও, উৰণীয়া নাও) এক পুৰণি অসাধাৰণ নাও চলাই নিয়াৰ উপায় পানীৰ ভুৰ পোকে প্ৰতিনিধিত্ব কৰি্ছে। পানীত ইয়াক ঠেলিবলৈ তলিৰ লগত শিকলিত থকা এলানি পেডেলে নাওখনক গতি প্ৰদান কৰে সঙ্কীৰ্ণ পথত চলা যান-বাহনৰ উন্নয়নত ই অগ্ৰবৰ্তী হয়।

ওপঙি থাকিব পৰা শক্তি (Buoyancy)[সম্পাদনা কৰক]

এখন ওপঙি থকা নাৱে পানীত ইয়াৰ ভৰ বা ওজন অপসাৰিত কৰে। নাওখনৰ চোকোৰাৰ ঘনত্ব পানীতকৈ বেছি হ’বও পাৰে, কিন্তু কথাটো এইটো হ’লেও, তেতিয়া ই বাহিৰৰ তৰপটোহে কেৱল গঠন কৰে। যদিহে নাওখন ওপঙে, সামগ্ৰিক ভাৱে নাওখনৰ সমূহকে(ভিতৰতৰ বস্তুসহ)জল স্তৰৰ তলৰ আয়তনেৰে বিভাজন কৰিলে পানীৰ ঘনত্বৰ সমান হ’ব(১কেজি/লি)। যদি নাওখনত ওজন সংযোগ কৰা হয়, ওজনৰ সমতা ৰক্ষাৰ বাবে জল স্তৰৰ তলৰ আয়তন বাঢ়িব, আৰু তাৰ ক্ষতিপূৰণৰ বাবে নাওখন অলপমান ডুব যাব।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

1. ^ Bogomolets O. Radomysl Castle-Museum on the Royal Road Via Regia. Kyiv, 2013 ISBN 978-617-7031-15-3

2. ^ Roger Francis Bridgman (2006). 1000 Inventions and Discoveries. Dorling Kindersley Children's. ISBN 978-1-4053-1419-0.

3.^ a b c Robert A. Denemark, ed. (2000). World system history: The social science of long-term change (1 ed.). London [u.a.]: Routledge. p. 208. ISBN 0-415-23276-7.

4. ^ "Plakias Survey Finds Mesolithic and Palaeolithic Artifacts on Crete". www.ascsa.edu.gr. Retrieved 2011-10-28.

5. ^ First Mariners – Archaeology Magazine Archive. Archive.archaeology.org. Retrieved on 2013-11-16.

6. ^ McGrail, Sean (2001). Boats of the World. Oxford, UK: Oxford University Press. p. 11. ISBN 0-19-814468-7.

7.^ Van der Heide, G.D. (1974). Scheepsarcheologie in Nederland (Archeology of Ships in the Netherlands). Naarden, Netherlands: Strengholt. p. 507.

8.^ "World's oldest boat". Retrieved 2013-11-08.

9. ^ "Oldest Boat Unearthed". China.org.cn. Retrieved 2008-05-05.

10. ^ McGrail, Sean (2001). Boats of the World. Oxford, UK: Oxford University Press. p. 431. ISBN 0-19-814468-7.

11. ^ "8,000-year-old dug out canoe on show in Italy". Stone Pages Archeo News. Retrieved 2008-08-17.

12. ^ Lawler, Andrew (June 7, 2002). "Report of Oldest Boat Hints at Early Trade Routes". Science (AAAS) 296 (5574): 1791–1792. doi:10.1126/science.296.5574.1791. PMID 12052936. Retrieved 2008-05-05.

13. ^ McGrail, Sean (2001). Boats of the World. Oxford, UK: Oxford University Press. pp. 17–18. ISBN 0-19-814468-7.

14 ^ McGrail, Seán (2004). Boats of the world: From the Stone Age to medieval times (Paperback ed.). Oxford: Oxford University Press. p. 251. ISBN 0-19-927186-0.

15. a b McGrail, Seán (2004). Boats of the world : From the Stone Age to medieval times (Paperback ed.). Oxford: Oxford University Press. pp. 50–51. ISBN 0-19-927186-0.

16. ^ "Beypore History – The Dhows of Beypore". historicalleys.blogspot.com. 6 February 2009.

17. ^ "The Boat Name Game". Retrieved 2014-10-08.

18. ^ Streever, Bill (2009). Cold: Adventures in the World's Frozen Places. New York: Little, Brown and Company. p. 154.

19. ^ "Are They Fiberglass Boats Anymore? by David Pascoe, Marine Surveyor". Yachtsurvey.com. 2000-01-12. Retrieved 2013-01-28.

20. ^ Bonnier Corporation (December 1918). The Caterpillar Is Now Being Applied to Ships. Popular Science. Bonnier Corporation. p. 68.