সমললৈ যাওক

নাজী নিৰ্যাতন শিবিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাচচেনহাউজেন শিবিৰত বন্দীসকল

নাজী নিৰ্যাতন শিবিৰ (ইংৰাজী: Nazi Concentration Camps) জাৰ্মানীৰ নাজীসকলৰ দ্বাৰা নিৰ্মাণ কৰা এক ধৰণৰ শিবিৰক বুজায় য'ত, লোকসকলক আটক বা আৱদ্ধ কৰি ৰখা হৈছিল। এই শিবিৰত সাধাৰণতে সাংবিধানিক গণতন্ত্ৰত গ্ৰহণযোগ্য গ্ৰেপ্তাৰ আৰু কাৰাদণ্ডৰ আইনী নীতি-নিয়মৰ প্ৰতি লক্ষ্য নৰখাকৈ কঠোৰ পৰিস্থিতিত মানুহক আটক কৰি ৰখা হৈছিল। ১৯৩৩ চনৰ পৰা ১৯৪৫ চনলৈ নাজীবাহিনীয়ে জাৰ্মানীৰ ভূখণ্ড আৰু জাৰ্মানসকলে দখল কৰা ইউৰোপৰ কিছু অংশত এক হাজাৰতকৈও অধিক নাজী নিৰ্যাতন শিবিৰ স্থাপন আৰু পৰিচালনা কৰিছিল। প্ৰথমতে, বেছিভাগ বন্দীয়ে জাৰ্মানীৰ কমিউনিষ্ট পাৰ্টিৰ সদস্য আছিল, কিন্তু সময় যোৱাৰ লগে লগে বিভিন্ন গোটক গ্ৰেপ্তাৰ কৰা হৈছিল। যাৰ ভিতৰত আছিল অভ্যাসগত অপৰাধী, অসামাজিক কাম কৰা লোক, আৰু ইহুদীসকল।

দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছত জাৰ্মান অধিকৃত ইউৰোপৰ লোকসকলক এনে শিবিৰত বন্দী কৰি ৰখা হৈছিল। এনে শিবিৰত প্ৰায় ১.৬৫ নিযুত লোক পঞ্জীভুক্ত হৈছিল, যাৰ ভিতৰত প্ৰায় এক নিযুত লোক শিবিৰৰ কাৰাবাসৰ সময়তেই মৃত্যুবৰণ কৰিছিল। বেছিভাগ মৃত্যু দ্বিতীয় বিশ্বযুদ্ধৰ দ্বিতীয়াৰ্ধত সংঘটিত হৈছিল। যাৰ ভিতৰত আছিল ১৯৪৫ চনৰ জানুৱাৰী লৈকে পঞ্জীয়ন কৰা ৭,০০,০০০ বন্দীৰ কমেও এক তৃতীয়াংশ। মিত্ৰশক্তিৰ সামৰিক বিজয়ৰ পিছত, ১৯৪৪ আৰু ১৯৪৫ চনত শিবিৰসমূহ ক্ৰমান্বয়ে মুক্ত কৰা হৈছিল, যদিও মৃত্যু পদযাত্ৰাত লাখ লাখ বন্দীৰ মৃত্যু হৈছিল। আন এক সুত্ৰ অনুসৰি, মুঠতে, প্ৰায় দহ লাখ ইহুদীকে ধৰি প্ৰায় ২০ লাখ বন্দীক হত্যা কৰা হৈছিল, আৰু তাৰ ভিতৰত অশ্বিট্জ শিবিৰ সকলোতকৈ ডাঙৰ আৰু মাৰাত্মক আছিল।[1]

পটভূমি আৰু ইতিহাস[সম্পাদনা কৰক]

১৯৩০ চনত নাজী নামৰ জাৰ্মানীৰ ৰাজনৈতিক দল ক্ষমতালৈ অহাৰ পিছত ১৯৩৩ চনৰ ৩০ জানুৱাৰীত এডল্ফ হিটলাৰ এই দলৰ চাঞ্চেলৰ হিচাপে নিযুক্ত হৈছিল। এডল্ফ হিটলাৰএ পূৰ্বৰ চ্যান্সেলৰ ফ্ৰান্স ভন পেপেনৰ সৈতে চুক্তি কৰি জাৰ্মানীৰ চ্যান্সেলৰ হয়।[2] নাজীসকলে ক্ষমতা দখল কৰাৰ আগতে কনচেনট্ৰেচন কেম্পৰ কোনো পৰিকল্পনা নাছিল।[3]জাৰ্মানীত লাখ লাখ নাজী বিৰোধীক দমন কৰাৰ ইচ্ছাৰ বাবেই পৰৱৰ্তী মাহকেইটাত কনচেনট্ৰেচন কেম্প ব্যৱস্থাৰ সৃষ্টি হৈছিল।নাজীসকল ক্ষমতালৈ অহাৰ কেইসপ্তাহমানৰ ভিতৰতেই, এছ. এ. (ষ্টুৰ্মাবটেইলুং; যাক সাধাৰণতে ষ্টৰ্ম ট্ৰুপাৰ বুলি জনা যায়), এছ.এছ. (শ্বুটজষ্টাফেল; সুৰক্ষা স্কোয়াড্ৰন- নাজী দলৰ অভিজাত ৰক্ষী), আৰক্ষী আৰু স্থানীয় অসামৰিক কৰ্তৃপক্ষই মিলি নাজী নীতিৰ বিৰোধীসকলক কাৰাগাৰত ৰাখিবলৈ অসংখ্য নিৰ্যাতন শিবিৰৰ তৈয়াৰ কৰিছিল। এই শিবিৰসমূহ হিটলাৰৰ নেতৃত্বত পৰিচালিত হৈছিল। হিটলাৰ জাৰ্মানীৰ চান্সেলৰ হোৱাৰ লগে লগে ১৯৩৩ চনৰ মাৰ্চ মাহত প্ৰথমটো শিবিৰ স্থাপন কৰা হৈছিল।[4]শ্বুটজষ্টাফেল বা এছ.এছ. নামৰ এক সংগঠনৰ [টোকা 1] অৰ্থনৈতিক আৰু প্ৰশাসনিক সহায়ৰ জৰিয়তে এই শিবিৰ বা কেম্পসমূহ পৰিচালনা কৰা হৈছিল। কনচেনট্ৰেচন কেম্প ব্ৰিটিছে উদ্ভাৱন কৰা বুলি ধৰা হয় যদিও ইতিহাসবিদ ডেন ষ্টোনে যুক্তি আগবঢ়ায় যে আন দেশতো ইয়াৰ নজিৰ আছিল।[5]যদিও নাজী কনচেনট্ৰেচন কেম্পৰ বাবেই "কনচেণ্ট্ৰেচন কেম্প" শব্দটোৱে "হত্যা"ৰ অৰ্থ লাভ কৰিছে, তথাপিও দক্ষিণ আফ্ৰিকাৰ ব্ৰিটিছ কেম্পবোৰত হত্যাকাণ্ড জড়িত নাছিল। ১৯৩৩–১৯৩৪ চনত নাজী বিৰোধী দমনৰ নামত আটক কৰা বন্দীসকলৰ সংখ্যা নিৰ্ণয় কৰাটো কঠিন। তথাপিও ইতিহাসবিদ জেন কেপলানে বন্দীৰ সংখ্যা ৫০,০০০ বুলি অনুমান কৰিছিল, গ্ৰেপ্তাৰৰ সংখ্যা হয়তো ১ লাখতকৈও অধিক।আশী শতাংশ বন্দী জাৰ্মানীৰ কমিউনিষ্ট পাৰ্টিৰ সদস্য আৰু দহ শতাংশ জাৰ্মানীৰ ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টিৰ সদস্য আছিল।[6]

তথ্যউৎস[সম্পাদনা কৰক]

  1. Goeschel, C., & Wachsmann, N. (2010). Before Auschwitz: the formation of the nazi concentration camps, 1933-9. Journal of Contemporary History, 45(3), 515-534.
  2. White, Joseph Robert (2009). "Introduction to the Early Camps". Early Camps, Youth Camps, and Concentration Camps and Subcamps under the SS-Business Administration Main Office (WVHA). Encyclopedia of Camps and Ghettos, 1933–1945. Vol. 1. Indiana University Press. pp. 3–16. ISBN 978-0-253-35328-3.
  3. Wachsmann, Nikolaus (2009). "The Dynamics of Destruction: The Development of the Concentration Camps, 1933–1945". In Jane Caplan; Nikolaus Wachsmann (eds.). Concentration Camps in Nazi Germany: The New Histories. Routledge. pp. 17–43. ISBN 978-1-135-26322-5.
  4. "CONCENTRATION CAMPS, 1933–39". Holocaust Encyclopedia. https://encyclopedia.ushmm.org/content/en/article/concentration-camps-1933-39#. 
  5. Stone, Dan (2017). Concentration Camps: A Very Short Introduction. Oxford University Press. ISBN 978-0-19-103502-9.
  6. White, Joseph Robert (2009). "Introduction to the Early Camps". Early Camps, Youth Camps, and Concentration Camps and Subcamps under the SS-Business Administration Main Office (WVHA). Encyclopedia of Camps and Ghettos, 1933–1945. Vol. 1. Indiana University Press. pp. 3–16. ISBN 978-0-253-35328-3

টোকা[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল