নাভিত জমাহোৱা আৱৰ্জনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাভিত জমাহোৱা আৱৰ্জনা

নাভিত জমাহোৱা আৱৰ্জনা (ইংৰাজী: Navel lint ) হৈছে মানুহৰ নাভিত থকা কোমল আঁহৰ এক অংশ। সাধাৰণতে দিনটোৰ আৰম্ভণি আৰু শেষত মানুহৰ নাভিৰ গহ্বৰত সৰু সৰু আঁ‌হৰ গোট এটা জমা হয়। বহু বছৰ ধৰি মানুহে এনে হোৱাৰ কাৰণ চিন্তা কৰি আহিছে। ২০০১ চনত অষ্ট্ৰেলিয়াৰ ছিডনী বিশ্ববিদ্যালয়ৰ ডাঃ কাৰ্ল ক্ৰুজেলনিকিয়ে এনে কিয় হয় সেই বিষয়ে জানিবলৈ এক সমীক্ষা কৰিছিল। এই সমীক্ষাত তেওঁ এটা সিদ্ধান্তত উপনিত হৈছিল:[1]

  • নাভিৰ লিণ্টৰ বেছিভাগেই মানুহে পিন্ধা নিজৰ কাপোৰৰ পৰা বিচ্যুত আঁহ, কিছুমান মৃত ছালৰ কোষ আৰু শৰীৰৰ চুলিৰ সৈতে মিহলি হৈ থাকা এক অংশ।
  • এই আৱৰ্জনাখিনি মানুহৰ চোলাৰ পৰা আহে। শৰীৰৰ চুলিৰ ঘৰ্ষণৰ পৰা আঁহবোৰ তালৈ গতি কৰে।
  • মহিলাৰ শৰীৰৰ চুলি মিহি আৰু চুটি হোৱাৰ বাবে নাভিৰ এনে আৱৰ্জনা কম হয়।
  • বয়সস্থ পুৰুষৰ চুলি বেছি হোৱাৰ বাবে এই পৰিমাণ বেছি আৰু ডাঠ হয়।
  • নাভিত জমাহোৱা এনে আৱৰ্জনাৰ থূপটোৰ ৰং সাধাৰণতে নীলা-ধূসৰ হয়। এই ৰংটো সম্ভৱতঃ পিন্ধা সকলো কাপোৰৰ ৰঙৰ এক সমষ্টি।[2]
  • নাভিত জমাহোৱা এনে আৱৰ্জনা একেবাৰে স্বাভাৱিক আৰু নিৰাপদ তথা ইয়াক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই।

অষ্ট্ৰিয়াৰ বিজ্ঞানী জৰ্জ ষ্টেইনহাউজাৰেও নাভিত জমাহোৱা এনে আৱৰ্জনাৰ ওপৰত গৱেষণা কৰিছিল।[3][4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Fluff gazing". BBC News. 2001-12-11. Archived from the original on 2009-02-08. https://web.archive.org/web/20090208220923/http://news.bbc.co.uk/60seconds/hi/english/your_views/newsid_1703000/1703851.stm. 
  2. Graham Barker. "The Incredible World of Navel Fluff". Graham's Paddock. Archived from the original on 2004-10-09. https://web.archive.org/web/20041009194623/http://www.feargod.net/fluff.html। আহৰণ কৰা হৈছে: 2009-04-21.  – Barker is the Guinness world record holder for collecting Belly Button Fluff.
  3. Sawer, Patrick (2009-03-01). "Revealed: The secrets of belly button fluff". The Daily Telegraph. https://www.telegraph.co.uk/news/newstopics/howaboutthat/4883791/Revealed-The-secrets-of-belly-button-fluff.html। আহৰণ কৰা হৈছে: 2009-03-02. 
  4. Steinhauser, Georg (24 February 2009). "The nature of navel fluff". Medical Hypotheses খণ্ড 72 (6): 623–625. doi:10.1016/j.mehy.2009.01.015. PMID 19231087. http://www.medical-hypotheses.com/article/S0306-9877(09)00047-4. 

অতিৰিক্ত সংযোগ[সম্পাদনা কৰক]