নামচিং
![](http://upload.wikimedia.org/wikipedia/commons/thumb/6/6b/Naamsing_%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A6%9A%E0%A6%BF%E0%A6%82.jpg/220px-Naamsing_%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A6%9A%E0%A6%BF%E0%A6%82.jpg)
নামচিং হ'ল মিচিংসকলৰ মাজত প্ৰচলিত এবিধ সুস্বাদু খাদ্য। বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা এই খাদ্য উপকৰণটি মিচিং অধ্যুষিত অঞ্চলত বহুলভাৱে পোৱা যায়। অনামিচিংসকলৰ মাজতো এনেধৰণৰ খাদ্য প্ৰচলিত যদিও বাকীসকল জনগোষ্ঠীৰ লোকে ইয়াক শুকতি বা চুঙাত থোৱা ছাটনি বুলিহে কয়। মিচিংসকলৰ মাজত বিশেষভাৱে জনপ্ৰিয় নামচিংৰ প্ৰস্তুত প্ৰণালী সুকীয়া আৰু স্বাদো ভিন্ন।
মিচিংসকলৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া লোকসকলৰ মাজতো নামচিঙৰ প্ৰচলন দেখা পোৱা যায়। ইয়াৰ ভিতৰত মণিপুৰীসকল অন্যতম। মণিপুৰীসকলৰ মাজত নামচিঙ ইৰোম্বা বুলি পৰিচিত।[1]
প্ৰস্তুত প্ৰণালী
[সম্পাদনা কৰক]নামচিং প্ৰস্তুত কৰাৰ পূৰ্বে মাছখিনিক জুইত বা ৰ'দত প্ৰথমে শুকুৱাই লোৱা হয়। সম্পূৰ্ণৰূপে শুকুৱাই লোৱাৰ পিছত মাছখিনিক কচু, মানধনিয়া আদি মিহলাই ঢেঁকীত খুন্দি মিহিকৈ গুড়ি কৰি লোৱা হয়। গুড়ি কৰি লৈ প্ৰস্তুত কৰা ছাটনি সদৃশ মিশ্ৰণটো বাঁহৰ চুঙা বা সৰু-সুৰা মাটিৰ টেকেলিত এনেধৰণে সোপা মাৰি থোৱা হয় যাতে পাত্ৰটোৰ ভিতৰৰ বায়ু বাহিৰলৈ ওলাই আহিব নোৱাৰে। দুই-তিনি সপ্তাহমানৰ পাছত নামচিংক খাদ্য হিচাপে গ্ৰহণ কৰিব পৰা যায়। সাৱধানতা অৱলম্বন আৰু যতনেৰে ৰাখিব পাৰিলে নামচিঙৰ দীৰ্ঘম্যাদী উপযোগিতা আছে।
সাধাৰণতে নামচিঙক পাতত দি অথবা জুইত পুৰি আৰু তাৰ লগত পোৰা আলু, বেঙেনা আদি মিহলাই বিশেষ ধৰণৰ ছাটনি প্ৰস্তুত কৰি মিচিংসকলে খোৱা দেখা যায়। গোন্ধৰ মাত্ৰাধিক্যৰ বাবে বহুতে ইয়াক নাখায় যদিও সম্প্ৰতি দুই-এক অনামিচিংবহুল অঞ্চললৈও এই খাদ্যবিধৰ উপযোগিতা প্ৰসাৰিত হৈছে। ঠাইবিশেষে নামচিঙক তেলেৰে ভাজি ধনিয়া, লোণ আদি দি খাদ্যৰ মুখ্য ব্যঞ্জন হিচাপেও ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।
নামচিঙৰ উপকাৰিতা:
[সম্পাদনা কৰক]বহু পাহাৰীয়া জনজাতিৰ মাজত অগাধ বিশ্বাস প্ৰচলিত যে নামচিং খালে মেলেৰিয়াৰ দৰে ভয়ংকৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। সুস্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত নামচিঙৰ পৰা যথেষ্ট পৰিমাণে সুফল লাভ কৰিব পাৰি।
তথ্যসূত্ৰ:
[সম্পাদনা কৰক]- ↑ 'নামচিং খাইছেনে?', যতীন মিলি, ঘৰুৱা, প্ৰান্তিক, ৩৫শ বছৰ,৪ৰ্থ সংখ্যা, পৃষ্ঠা নং:৪১