নামিবিয়াৰ নাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নামিবিয়াৰ নাৰী

নামিবিয়াৰ নাৰীক (ইংৰাজী: Women in Namibia) স্বাস্থ্য, লিংগভিত্তিক হিংসা আৰু শিক্ষাৰ সুবিধাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখা যায়। অৱশ্যে নামিবিয়া চৰকাৰে মহিলাসকলক সম-অধিকাৰ প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ য'ত লিংগ সমতাৰ প্ৰতিশ্ৰুতি আৰু নামিবিয়াৰ সংবিধানত সংসদৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ প্ৰতিশ্ৰুতিও অন্তৰ্ভুক্ত হৈছে।[1][2] বৰ্তমান সংসদৰ সকলো আসনৰ প্ৰায় আধাসংখ্যকতে মহিলাই কাৰ্যনিৰ্বাহ কৰি আছে আৰু ২০১৫ চনত নামিবিয়াই দেশৰ প্ৰধানমন্ত্ৰী হিচাপে এগৰাকী মহিলাক নিৰ্বাচিত কৰিছিল।[3]

স্বাস্থ্য[সম্পাদনা কৰক]

এইচ আই ভি/এইডছ ৰোগৰ নামিবিয়াত বিস্তৃতি অধিক। ২০০৪ চনত এইচআইভিৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই শিখৰ স্পৰ্শ কৰে৷ সেইসময়ত ১২,০০০ লোকৰ মৃত্যু হৈছিল৷ অৱশ্যে পাছলৈ ২০২১ চনত মৃতকৰ সংখ্যা প্ৰায় ২,৯০০ লোকলৈ হ্ৰাস পায়।[4]

মহিলাৰ আৰ্থ-সামাজিক অৱস্থা এইচআইভিৰ অৱস্থাৰ এক উল্লেখযোগ্য সূচক হৈয়েই আছে।[5]নামিবিয়াৰ দৰিদ্ৰতম মহিলাসকলৰ ভিতৰত এইচআইভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ২১.৪%৷ আনহাতে ধনী পৰিয়ালৰ ক্ষেত্ৰত এইচআইভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ৩.৭%।[5]

নামিবিয়াত মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ যোৱা দশকত কিছুমান পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ২০০৪ চনত এক লাখ জীৱিত শিশুৰ বিপৰীতে মৃত শিশুৰ সংখ্যা আছিল ৩৫৮ টা ৷ কিন্তু ২০১৭ চনত এই সংখ্যা কমি প্ৰতি এক লাখ জীৱিত শিশুৰ ভিতৰত ১৯৫ হৈছেগৈ৷[6] নামিবিয়াত মহিলাৰ আয়ুসৰো উন্নতি হৈছে। ২০২০ চনত মহিলাৰ আয়ুস হৈছে ৬৭ বছৰ আনহাতে ২০০৪ চনত মহিলাৰ আয়ুস আছিল ৫৩ বছৰ৷[7]

ঘৰুৱা হিংসা[সম্পাদনা কৰক]

ছাৰা কুউগংগেলেভা, নামিবিয়াৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী

১৯৯০ চনৰ ৰাষ্ট্ৰখনৰ সংবিধানে মহিলাসকলক আইনৰ অধীনত সমান সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰে আৰু লিংগ বৈষম্য নিষিদ্ধ কৰে।[8][9] তৎস্বত্ত্বেও নামিবিয়াত পুৰুষ আৰু মহিলাৰ মাজত লিংগ ব্যৱধান হ্ৰাস কৰিবলৈ এতিয়াও বহু কাম কৰিবলগীয়া আছে।

নামিবিয়াত ঘৰুৱা হিংসা এতিয়াও এক বৃহৎ চিন্তাৰ বিষয়৷ গড়ে ১৫-৪৯ বছৰৰ ভিতৰৰ নামিবিয়াৰ ২৬.৭% মহিলাই অন্ততঃ এবাৰ ঘৰুৱা আৰু/বা যৌন হিংসাৰ সন্মুখীন হৈছে৷ এই মহিলাসকলৰ ৫২%য়েই ১৫-১৯ বছৰ বয়সৰ।[10]

২০০০ চনত নামিবিয়াই বৈবাহিক ধৰ্ষণ নিষিদ্ধ কৰিছিল।

আইনী অধিকাৰ আৰু সংসদীয় প্ৰতিনিধিত্ব[সম্পাদনা কৰক]

যোৱা দশকৰ ভিতৰত নামিবিয়াত সংসদত মহিলাৰ প্ৰতিনিধিত্বৰ গুৰুত্ব বৃদ্ধি পাইছে। ২০০৪ চনত সংসদত মহিলাৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত নামিবিয়াক বিশ্বৰ সোতৰ নম্বৰ স্থানত ৰখা হৈছিল।.[11]২০১৪ চনত দক্ষিণ পশ্চিম আফ্ৰিকা পিপলছ অৰ্গেনাইজেশ্যনে সংসদৰ আধা আসন মহিলাৰে পূৰণ কৰাৰ প্ৰতিশ্ৰুতিৰ নীতি প্ৰৱৰ্তন কৰে৷ ইয়াৰ উপৰিও নামিবিয়াত "জেব্ৰা" ব্যৱস্থা আছে য'ত এজন পুৰুষ প্ৰধানমন্ত্ৰীৰ এগৰাকী মহিলা উপমন্ত্ৰী থাকিব নাইবা এগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ এগৰাকী পুৰুষ উপমন্ত্ৰী থাকিব।[2]২০২১ চনলৈকে নামিবিয়াৰ সংসদৰ ৪৪% আসন মহিলাই পূৰণ কৰিছে।[3]

২০১৫ চনৰ মাৰ্চ মাহত ছাৰা কুউগংগেলেভাই নামিবিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে৷ তেখেত নামিবিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।[12]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Namibia" (en ভাষাত). UN Women. http://www.unwomen.org/en/get-involved/step-it-up/commitments/namibia। আহৰণ কৰা হৈছে: 2019-02-24. 
  2. 2.0 2.1 O'Riordan, By Alexander; Service, from the South African Civil Society Information; AllAfrica.com, through; network, part of the Guardian development (2014-07-08). "Namibia's 'zebra' politics could make it stand out from the global herd | Alexander O'Riordan" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/global-development/2014/jul/08/namibia-gender-equality-zebra-politics. 
  3. 3.0 3.1 "Country Fact Sheet | UN Women Data Hub". data.unwomen.org. https://data.unwomen.org/country/namibia। আহৰণ কৰা হৈছে: 2023-02-06. 
  4. "Namibia" (en ভাষাত). www.unaids.org. https://www.unaids.org/en/regionscountries/countries/namibia। আহৰণ কৰা হৈছে: 2023-01-21. 
  5. 5.0 5.1 Ekholuenetale, Michael; Onuoha, Herbert; Ekholuenetale, Charity Ehimwenma; Barrow, Amadou; Nzoputam, Chimezie Igwegbe (2021). "Socioeconomic Inequalities in Human Immunodeficiency Virus (HIV) Sero-Prevalence among Women in Namibia: Further Analysis of Population-Based Data" (en ভাষাত). International Journal of Environmental Research and Public Health খণ্ড 18 (17): 9397. doi:10.3390/ijerph18179397. ISSN 1660-4601. PMID 34501987. 
  6. "Maternal mortality ratio (modeled estimate, per 100,000 live births) - Namibia | Data". data.worldbank.org. https://data.worldbank.org/indicator/SH.STA.MMRT?end=2017&locations=NA&start=2000&view=chart। আহৰণ কৰা হৈছে: 2023-02-06. 
  7. "Life expectancy at birth, female (years) - Namibia | Data". data.worldbank.org. https://data.worldbank.org/indicator/SP.DYN.LE00.FE.IN?locations=NA। আহৰণ কৰা হৈছে: 2023-02-06. 
  8. "Women's Property Rights In Namibia: An Investigative Report to Determine The Potential for Litigation". University of Wyoming Human Rights Clinic. January 2015. https://www.uwyo.edu/law/experiential/_files/intl-files/namibia.pdf. 
  9. "| Human Development Reports". hdr.undp.org. http://hdr.undp.org/en/composite/GII। আহৰণ কৰা হৈছে: 2019-02-24. 
  10. "Proportion of ever-partnered women and girls aged 15-49 years subjected to physical and/or sexual violence by a current or former intimate partner in the previous 12 months" (en ভাষাত). www.who.int. https://www.who.int/data/gho/data/indicators/indicator-details/GHO/proportion-of-ever-partnered-women-and-girls-aged-15-49-years-subjected-to-physical-and-or-sexual-violence-by-a-current-or-former-intimate-partner-in-the-previous-12-months। আহৰণ কৰা হৈছে: 2023-02-06. 
  11. Bauer, Gretchen (2004). "'The Hand That Stirs the Pot Can Also Run the Country': Electing Women to Parliament in Namibia". The Journal of Modern African Studies খণ্ড 42 (4): 479–509. doi:10.1017/S0022278X04000370. ISSN 0022-278X. https://www.jstor.org/stable/3876136. 
  12. "Saara Kuugongelwa-Amadhila" (en ভাষাত). Council of Women World Leaders. https://www.councilwomenworldleaders.org/saara-kuugongelwa-amadhila.html। আহৰণ কৰা হৈছে: 2023-01-21.