সমললৈ যাওক

আন্তৰ্জাতিক ধাত্ৰী দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নাৰ্চ দিৱসৰ পৰা পুনঃনিৰ্দেশিত)
আন্তৰ্জাতিক ধাত্ৰী দিৱস
আন্তৰ্জাতিক ধাত্ৰী দিৱস
ফ্লোৰেন্স নাইটিংগেল
পালন কৰে বিভিন্ন দেশ
প্ৰকাৰ আন্তঃৰাষ্ট্ৰীয়
আৰম্ভ হয় ১৯৬৫
তাৰিখ ১২ মে'
পৰৱৰ্তী তাৰিখ same day each year
অৱধি 1 day
সংঘটন annual

আন্তৰ্জাতিক ধাত্ৰী দিৱস সমগ্ৰ বিশ্বতে প্ৰতিবছৰে ১২ মে’ তাৰিখে পালন কৰা হয়। ১৮২০ চনৰ আজিৰ তাৰিখত আধুনিক নাৰ্ছিং সেৱাৰ মাৰ্গদৰ্শক ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল। এই দিৱস পালনৰ যোগেদি ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে বিশ্বৰ ধাত্ৰীসকলে ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা হয়। [1]

নাৰ্চ সমাজৰ মাতৃ আছিল ফ্লোৰেন্স নাইটিংগেল। ইতিহাসত এক সন্মানীয় নাম। তেওঁ ১৮২০ চনৰ ১২ মে' ৰ দিনটোতে ইটালীত জন্ম গ্ৰহণ কৰিছিল। সৰুৰে পৰা তেওঁৰ অন্তৰত মানৱ সেৱাৰ প্ৰতি আগ্ৰহ জন্মিছিল। যেতিয়া কেমিয়া যুদ্ধ হৈছিল সেই সময়ছোৱাত বহুতো লোক মন্দিৰ,মছজিদ,গীৰ্জা আদিত যুদ্ধত আহত হৈছিল। এনে সময়ত তেওঁ যুদ্ধত আহত ৰোগীয়া সৈন্য বিলাকক উপযুক্ত শ্ৰদ্ধা আৰু শুশ্ৰূষা আগবঢ়াইছিল। লগৰ কেইগৰাকীমান পৰিচাৰীকাক লৈ তেওঁ যুদ্ধ শেষ নোহোৱালৈকে সেৱা আগবঢ়াই গ'ল।

আহত সৈন্যৰ দুখ-দুৰ্দশা দেখি সেইসময়ত মানৱতাবাদী নাৰী ফ্লোৰেঞ্জে বাৰুকৈয়ে আঘাত পাইছিল। সেইবাবে তেওঁ বহু অশিক্ষিত,অদ্ধশিক্ষিত,অসময়ত বিধবা,সমাজ বিভেচিত নাৰীক সংগঠিত কৰি তেওঁলোকক কিছুমান শিক্ষা দি আহত সৈন্য সকলক চিকিৎসাৰ ব্যৱস্থা কৰিছিল। আন্ধাৰ ৰাতি হাতত এটা লেম লৈ তেওঁ আহত সৈন্যক শুশ্ৰূষাৰ বাবে দূৰ-দূৰণিলৈ গৈছিল আৰু প্ৰত্যেকজন ৰোগীক চোৱা-চিতা কৰিছিল। সেইকাৰণে তেওঁক সৈন্য সকলক মৰমত "The lady with the lamp" মাতিছিল।

তেওঁ অনুভৱ কৰিছিল নাৰ্চ ৰ অভাৱ আৰু প্ৰয়োজনীয়তাৰ কথা যাৰ ফলত ১৯৬০ চনত তেওঁ "Nightengal school for Nurse" নামেৰে নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰ এখন প্ৰতিষ্ঠা কৰিছিল।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. "International Nurses Day". International Council of Nurses. Archived from the original on 19 May 2013. https://web.archive.org/web/20130519044608/http://www.icn.ch/publications/international-nurses-day/। আহৰণ কৰা হৈছে: 12 May 2013.