নিকটদৃষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিকটদৃষ্টি
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
আই.চি.ডি.-10 H52.1
আই.চি.ডি.-9 367.1
ডিজিজেছ ডে'টাবে'ছ 8729
মেডলাইন প্লাছ 001023
MeSH D009216

নিকটদৃষ্টি (ইংৰাজী: Myopia) চকুৰ দৃষ্টিশক্তিৰ এনে এক ত্ৰুটি য'ত দৃষ্টি ৰেখাৰ সমান্তৰাল ভাৱে আঁতৰৰ কোনো উৎসৰ পৰা অহা পোহৰ চকুৰ পৰ্দা (ৰেটিনা)ৰ সলনি পৰ্দাৰ সন্মুখত আপাতিত হয়। তাৰ ফলত আঁতৰৰ উৎসটো স্পষ্টকৈ দেখা পোৱা নাযায়। নিকটদৃষ্টিত আক্ৰান্ত লোকে সাধাৰণতে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায় ।

চকু চিকিৎসকসকলে চশমা বা কন্‌টেক্ট লেন্সৰ সহায়ত নিকটদৃষ্টি শুধৰায়। প্ৰতিসাৰক শল্য চিকিৎসাৰেও নিকটদৃষ্টি ঠিক কৰিব পাৰি কিন্তু ইয়াৰ কিছুমান কু-প্ৰভাৱ থাকিব পাৰে। শুধৰণি কৰা লেন্সৰ প্ৰতিসাৰক ক্ষমতা ঋণাত্মক (অৱতল লেন্স) যাতে ই মায়'পিক চকুৰ অতিমাত্ৰা ধনাত্মক ডায়'প্টাৰৰ মোকাবিলা কৰিব পাৰে। ঋণাত্মক ডায়'প্টাৰ নিকটদৃষ্টিৰ মাত্ৰা বুজাবলৈকো উল্লেখ কৰা হয় কাৰণ লেন্সৰ এই নিৰ্দিষ্ট ক্ষমতাইহে অৱস্থাটোৰ শুধৰণি কৰে। উচ্চ মাত্ৰাৰ নিকটদৃষ্টি বুলিলে -৬ ডায়'প্টাৰ বা তাতকৈ বেয়া অৱস্থাক বুজায়।[1]

নিকটদৃষ্টিৰ প্ৰতিৰূপ অৱস্থাক "দূৰদৃষ্টি" বোলে।

লক্ষণসমূহ[সম্পাদনা কৰক]

নিকটদৃষ্টি বা মায়'পিয়াত আক্ৰান্তজনে খুব কাষৰ বস্তু ভালকৈ দেখিলেও দূৰৰ বস্তু ভালকৈ নেদেখে। এনে চকুৰ নিকটবিন্দু ২৫ ছে:মি:তকৈও কম হব পাৰে।

কাৰণ[সম্পাদনা কৰক]

এই বিকাৰৰ পৰম্পৰাগতভাৱে মানি লোৱা কিছুমান কাৰণ: (ক) চকুৰ লেন্সৰ অত্যধিক বক্ৰতা (খ) অক্ষিগোলকৰ দীঘল অৱস্থা।[2]

২০১২ চনত কৰা এক পৰ্যালোচনাত নিকটদৃষ্টিৰ বাবে জগৰীয়া কোনো কাৰণৰে পক্ষত শক্তিশালী প্ৰমাণ পোৱা নাই।[3] যঁজা সন্তান আৰু তেজৰ সম্পৰ্ক থকা আত্মীয়সকল সমুহীয়াকৈ নিকটদৃষ্টিত ভোগাৰ বেছিকৈ উদাহৰণ থকাৰ বাবে বংশগত কাৰকৰ কথা ভবা হৈছে। আকৌ উন্নত দেশসমূহত এই বিকাৰ বেছিকৈ হোৱাৰ বাবে পৰিবেশজনিত কাৰকো জড়িত থাকিব পাৰে।[4]

প্ৰতিকাৰ[সম্পাদনা কৰক]

সহায়ক লেন্স ব্যৱহাৰ কৰি নিকটদৃষ্টি ত্ৰুটি দূৰীকৰণ

উপযুক্ত ক্ষমতাৰ অৱতল লেন্সৰ ব্যৱহাৰ কৰি এই বিকাৰ প্ৰতিকাৰ কৰিব পাৰি ৷[5][6]

প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা অৱতল চশমা

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]