সমললৈ যাওক

নিকাহ হালালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নিকাহ হালালা (উৰ্দু: نکاح حلالہ‎‎; তাহলিল বিবাহ নামেৰেও পৰিচিত)[1] এনে এক প্ৰথা য'ত এগৰাকী মহিলাই তিন তালাক লাভ কৰি অন্য এজন পুৰুষক বিয়া কৰাই যৌন সম্পৰ্ক কৰে, শেষত বিবাহ সমাপ্ত কৰি পূৰ্বৰ স্বামীক পুনৰ বিয়া কৰায়। বিশেষকৈ যিহেতো বেলেগৰ ঘৰলৈ বা বেলেগ পৰিয়াললৈ নিজৰ ছোৱালী বা বোৱাৰী জনীক যৌন সম্পৰ্ক বাবে পঠোৱাত সন্মান আৰু আত্মসন্মানৰ কথা আহি পৰে বা মনে নকয় সেইবাবে হালালা ঘৰৰ পৰিয়ালৰ মানুহৰ মাজতেই কৰাই থোৱা দেখা যায় ।নিকাহ মানে বিবাহ আৰু হালালাৰ অৰ্থ হ'ল হালাল বা হালাল কৰাৰ উপায়।

মূলতঃ তিন তালাকক স্বীকৃতি প্ৰদানকাৰী মুছলিম সংখ্যালঘু দেশসমূহৰ দ্বাৰা নিকাহ হালালা অনুশীলন কৰা হয়।[2][3]

ভাৰতকে ধৰি বহু দেশত নিকাহ হালালাক চৰকাৰে নিষিদ্ধ কৰিছে কাৰণ ইয়াৰ অপব্যৱহাৰ আৰু শোষণৰ সম্ভাৱনা আছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]