নিজামছ্ গেৰাণ্টিড ষ্টেট ৰেলৱে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিজামছ্ গেৰাণ্টিড ষ্টেট ৰেলৱে
System map
হায়দৰাবাদ প্ৰদেশ
অঞ্চল হায়দৰাবাদ প্ৰদেশ, ভাৰত
কাৰ্যকাল ১৮৭০ (১৮৭৯ চনৰ পৰা সম্পূৰ্ণৰূপে নিজামৰ মালিকানাধীন হয়)–১৯৫০ (ৰাষ্ট্ৰীয়কৰণ আৰু ভাৰতীয় ৰেলৰ সৈতে চামিল)
উত্তৰসূৰি মধ্যৰেল (১৯৫১)
দক্ষিণ মধ্যৰেল (১৯৬৬)
ট্ৰেক গজ মিহলি
দৈৰ্ঘ্য ৩৫১ মাইল (565 km) (১৯০৫)
৬৮৮ মাইল (1,107 km) (1943)
মুখ্য কাৰ্যালয় চেকেন্দ্ৰাবাদ ৰেল ষ্টেচন (১৮৭০-১৯১৬)
কাচিগুড়া ৰেল ষ্টেচন (১৯১৬-১৯৫০)

নিজামছ্ গেৰাণ্টিড ষ্টেট ৰেলৱে (ইংৰাজী: Nizam's Guaranteed State Railway; NGSR) ১৮৭৯ চনৰ পৰা ১৯৫০ চনলৈকে ভাৰতত সক্ৰিয় হৈ থকা এটা ৰেল কোম্পানী আছিল। ই হায়দৰাবাদ প্ৰদেশৰ নিজামৰ মালিকানাধীন আছিল। ইয়াৰ সম্পূৰ্ণ নাম আছিল হিজ এক্সেলটেড হাইনেছ, দ্য নিজামছ্ গেৰাণ্টিড্ ষ্টেট ৰেলৱে। হায়দৰাবাদৰ নিজামে ব্যক্তিগতভাৱে নিৰ্মাণ কৰা এটা লাইনৰ দ্বাৰা কোম্পানীটোৰ আৰম্ভণি হৈছিল আৰু এই গেৰাণ্টিড কোম্পানীটো আছিল হায়দৰাবাদ ষ্টেটৰ মালিকানাধীন , যিটোৱে ব্ৰিটিছ কৰ্তৃপক্ষক যথেষ্ঠ হতাশ কৰি তুলিছিল। ৰিডিমেবল মৰ্টগেজ ডিবেঞ্চাৰ জাৰী কৰি ৰেলপথটোৰ বাবে মূলধন সংগ্ৰহ কৰা হৈছিল। পিছলৈ নিজামৰ ৰেলপথক হায়দৰাবাদ-গোদাবৰী ভেলী ৰেলৱেৰ (HGVR) সৈতে একত্ৰিত কৰে। ১৯৫১ চনত NGS আৰ আৰু HGVR দুয়োটাকে ৰাষ্ট্ৰীয়কৰণ কৰি ভাৰতীয় ৰেলত চামিল কৰা হয়।

ইতিহাস[সম্পাদনা কৰক]

চেকেন্দ্ৰাবাদ ৰেল ষ্টেচন (আনুমানিক ১৮৭৪)
কাচিগুড়া ৰেল ষ্টেচন (আনুমানিক ১৯২২)
হায়দৰাবাদ ডেক্কান ৰেল ষ্টেচন (১৯০৫ চনৰ পূৰ্বে)

নিজামছ্ গেৰাণ্টিড ষ্টেট ৰেলৱে[সম্পাদনা কৰক]

হায়দৰাবাদ ভাৰতৰ অন্যতম বৃহৎ ৰাজকীয় প্ৰদেশ আছিল, সেয়েহে হায়দৰাবাদৰ ষষ্ঠ নিজামে নিজৰ প্ৰদেশখনক ব্ৰিটিছ ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ৰেলপথ নিৰ্মাণ কৰিব বিচাৰিছিল। প্ৰাৰম্ভিক প্ৰস্তাৱ আছিল হায়দৰাবাদৰ বৰ্তমানৰ চেকেন্দ্ৰাবাদ ৰেলৱে ষ্টেচনৰ পৰা ৱাডী জংচনলৈ ৰেলপথ নিৰ্মাণ। নিজামে প্ৰাৰম্ভিক ৰেলপথ নিৰ্মাণৰ বাবে ধন দিবলৈ সন্মত হয়। পৰৱৰ্তী শাখা ৰেলপথসমূহৰ বাবে অন্যান্য উপায়েৰে পূঁজি কৰিবলৈ এৰি দিয়া হয়। ১৮৭০ চনত চেকেন্দ্ৰাবাদ-ৱাডী ৰেলপথ নিৰ্মাণ আৰম্ভ হয় আৰু ১৮৭৪ চনত ই সম্পূৰ্ণ হয়। ১৮৭৪ চনৰ পৰা ১৮৮৯ চনৰ ভিতৰত এই পথ কাজিপেট আৰু তাৰ পিছত বিজয়াৱাড়ালৈ সম্প্ৰসাৰিত হয়।

১৮৭৯ চনত নিজাম মেহবুব আলী খান, আছাফ জাহ ষষ্ঠই কোম্পানীটোৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ দায়িত্বভাৰ লয় আৰু ইয়াক গেৰাণ্টিড ষ্টেট ৰেলৱে হিচাপে চৰকাৰী প্ৰশাসনৰ সৈতে একত্ৰিত কৰে।[1][2] ১৮৮৩ চনৰ পৰা এই আংশিক চৰকাৰীকৰণৰ এক বিপৰীত প্ৰক্ৰিয়া আৰম্ভ হয়, যেতিয়া হায়দৰাবাদ প্ৰদেশৰ নিজাম চৰকাৰৰ গেৰাণ্টিৰ অধীনত ক্ৰমান্বয়ে ৰেলপথসমূহ চমজি লব’লৈ এটা পৰিচালনা কোম্পানী গঠন কৰা হয়।

১৮৯৯ চনত বেজৱাদা (বিজয়াৱাড়া) আৰু মাদ্ৰাচৰ (চেন্নাই চেণ্ট্ৰেল) মাজত ব্ৰডগেজ সংযোগ মুকলি কৰে; যাৰ ফলত হায়দৰাবাদ আৰু চেন্নাইৰ মাজত ৰেল যাত্ৰা সম্ভৱ হৈ উঠিল। এইদৰে প্ৰদেশখনত ১৮৯১ চনৰ পূৰ্বেই ৪৬৭ মাইল (৭৫২ কিলোমিটাৰ) ব্ৰডগেজ ৰেলপথ নিৰ্মিত হ’ল। ১৮৯৯ চনৰ পৰা ১৯০১ চনৰ ভিতৰত মুকলি কৰা মিটাৰগেজ ৰেলপথৰ দৈৰ্ঘ্য আছিল ৩৯১ মাইল (৬২৯ কিলোমিটাৰ)। ১৯০৪ চনৰ শেষৰ ফালে ষ্টেট ৰেলৱে মূলধন নিয়োজিত হৈছিল ৪.৩ কোটি। সেইটো বছৰত উপাৰ্জন হৈছিল প্ৰায় ২৮ লাখ; অৰ্থাৎ ব্যয়ৰ প্ৰায় ৬.৫ শতাংশ।

১৯১৬ চনত ৰেলৱেৰ মুখ্য কাৰ্যালয় আন এটা ৰেলৱে টাৰ্মিনাছ কাচিগুড়া ৰেল ষ্টেচন নিৰ্মাণ কৰা হয়।[3] তাৰ পিছত নিজামৰ ৰেলৱে বিভিন্ন বিভক্ত কৰা হৈছিল। প্ৰত্যেকটো বিভাগ নিজামে নিযুক্ত কৰা এজন মুখ্য বিষয়াৰ অধীনস্থ আছিল।

হায়দৰাবাদ-গোদাৱৰী ভেলী ৰেলৱে[সম্পাদনা কৰক]

হায়দৰাবাদ-গোদাৱৰী ভেলী ৰেলৱে আছিল মিটাৰগেজ (১০০০ মিলিমিটাৰ বহল) ৰেলপথ। উগাণ্ডা ৰেলৱেৰ জৰীপৰ কাম সম্পূৰ্ণ কৰা[4] জন ৱালেছ প্ৰিংগলক ১৮৯৬ চনত অধীক্ষক অভিযন্তা হিচাপে নিযুক্তি দিয়া হয়। একে বছৰতে হায়দৰাবাদ মহানগৰৰ পৰা মনমাদ জংচনলৈ নিৰ্মিত ৩৯১ মাইল (৬২৯ কিঃমিঃ) দৈৰ্ঘ্যৰ এই ৰেলপথ মুকলি হয়। অৱশেষত এই ৰেলপথৰ দৈৰ্ঘ্য ব্ৰডগেজ ৪৬৭ মাইললৈ (৭৫২ কিঃমিঃ) আৰু মিটাৰগেজ ৩৯১ মাইললৈ (৬২৯ কিঃমিঃ) বৃদ্ধি পায়। হায়দৰাবাদ-গোদাবৰী ভেলী ৰেলৱেৰ ব্যয় হৈছিল ২.৬ কোটি আৰু একে বছৰতে ই ৭.৭ লাখ উপাৰ্জন কৰে; অৰ্থাৎ ব্যয়ৰ প্ৰায় ৩ শতাংশ। ১৯০১ আৰু ১৯০২ চনৰ উপাৰ্জন আছিল প্ৰায় ৩.৫ শতাংশ।

বিংশ শতিকাৰ আৰম্ভণিতে হায়দৰাবাদ প্ৰদেশৰ সৰ্ববৃহৎ ৰপ্তানি হিচাপে কপাহ উদ্যোগে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল। ১৮৮৯ চনত ঔৰংগাবাদত এটা কপাহী সুতা কটা কাৰখানা আৰু বয়ন কাৰখানা স্থাপন কৰা হয়, য’ত মুঠ ৭০০ জন লোকে কৰ্মসংস্থাপন লাভ কৰিছিল। কেৱল জালনাতে ৯টা কপাহ গিনিং (ginning) আৰু পাঁচটা কপাহ প্ৰেছিং কাৰখানা আছিল। ঔৰংগাবাদ আৰু কন্নাডত আছিল আৰু দুটা গিনিং কাৰখানা আছিল। ১৯০১ চনত কপাহ প্ৰেছিং আৰু গিনিং কাৰখানাত মুঠ ১০১৬ জন লোকে কৰ্মসংস্থাপন লাভ কৰিছিল। ১৯১৪ চনত কপাহৰ খেতি কৰা মাটিৰ পৰিমাণ আছিল তিনি মিলিয়ন একৰ (১২,০০০ কিলোমিটাৰ বৰ্গফুট) আৰু বেছিভাগ কপাহৰ খেতি মাৰাথৱাড়া জিলাত কৰা হৈছিল। কাৰণ জিলাখনৰ মাটি কপাহ খেতিৰ বাবে বিশেষভাৱে ইয়াৰ বাবে উপযুক্ত আছিল।[5]

তথ্যউৎস[সম্পাদনা কৰক]

  1. Umashankar, JBS (27 April 2013). "Nizam was way ahead of his time" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/content/328902/he-way-ahead-his-time.html। আহৰণ কৰা হৈছে: 10 July 2020. 
  2. "Inspecting Officers (Railways) – Pringle, (Sir) John Wallace". SteamIndex. http://www.steamindex.com/people/inspoff.htm। আহৰণ কৰা হৈছে: 2011-07-10. 
  3. "Hyderabad Godavari Valley Railway: Buldana, Aurangabad & Parbhanai Districts, Sheet No.56 A/N.W - Unknown" (en ভাষাত). Google Arts & Culture. https://artsandculture.google.com/asset/hyderabad-godavari-valley-railway-buldana-aurangabad-parbhanai-districts-sheet-no-56-a-n-w/VgGD0xllzz7OBA। আহৰণ কৰা হৈছে: 14 July 2020. 
  4. J, Nikhil (29 November 2018). "Hyderabad–Godavari Valley Railway and Cotton Industry". CityKatta. https://citykatta.com/hyderabad-godavari-valley-railway/. 
  5. Sivaramakrishnan, R (18 August 2008). "'Hyderabad' by Mirza Mehdy Khan in the Provincial Series of the Imperial Gazetteer of India, Government Printing Press, Calcutta, 1909". Indian Railways Fan Club [IRFCA]. https://www.irfca.org/docs/history/hyderabad.html। আহৰণ কৰা হৈছে: 28 April 2019.