নিধানু ৰাজবংশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিধানু ৰাজবংশী (ইংৰাজী: Nidhanu Rajbongshi) ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৃটিছে অন্যায়ভাবে আৰোপ কৰা কৰ দিবলৈ অস্বীকাৰ কৰাৰ অপৰাধত পুলিচৰ গুলীত শ্বহীদ হয়৷ মাত্ৰ ২৮ বছৰ বয়সীয়া নিধানুৱে বৃটিছে আৰোপ কৰা পাইকাৰী জৰিমনা আদায় নিদিয়াৰ ফলত মৃত্যুমুখত পৰিবলগীয়া হৈছিল৷ এৱেঁই অবিভক্ত গোৱালপাৰা জিলাৰ স্বাধীনতা আন্দোলনৰ একমাত্ৰ শ্বহীদ৷[1]

১৯৪২ চনত বৃটিছ চৰকাৰে গোৱালপাৰাৰ কৃষকৰ ওপৰত ৫ নৱেম্বৰৰ দিনা পাইকাৰী জৰিমনা আদায়ৰ দিন ধাৰ্য কৰিছিল৷ নিধানু ৰাজবংশীৰ ওপৰত ৮টকা জৰিমনা বিহা হৈছিল৷ নিধানুৱে ইয়াৰ প্ৰতিবাদ কৰি জৰিমনা আদায় নিদিয়াৰ সিদ্ধান্ত লয়৷ চৰকাৰে তেওঁৰ হালৰ গৰুহাল কাঢ়ি লয়৷ নিধানুৱে এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰি সশস্ত্ৰ বাহিনীৰ ওপৰত জঁপিয়াই পৰে৷ পৰিণতিত পুলিচৰ গুলীত তেওঁ বাগৰি পৰে৷ গুলীত আহত নিধানু ৰাজবংশীক পুলিচে বন্দুকৰ বয়নেটেৰে খুঁচি খুঁচি হত্যা কৰে৷[2] তেওঁ গোৱালপাৰা জিলাৰ কাকিৰা গাঁৱৰ এজন সাধাৰণ কৃষক আছিল৷[3]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "স্বাধীনতা দিৱস উপলক্ষে সাজু দেশ". https://www.asomiyapratidin.in/assam/goalpara-swahid-ignored-by-govt। আহৰণ কৰা হৈছে: 22 August 2023. 
  2. "আজি গোৱালপাৰাৰ বৰবালাত শ্বহীদ নিধানুৰাম ৰাজবংশীৰ.....". https://assam.nenow.in/martyr-nidhanu-ram-rajbongshee-remembered-today/। আহৰণ কৰা হৈছে: 22 August 2023. 
  3. কলিতা, ড° ৰমেশ চন্দ্ৰ (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১০৩.