নিবেদিতা মেনন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিবেদিতা মেনন

২০১৫ চনৰ মে'ত নিবেদিতা মেনন
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা লেখক, অধ্যাপক


নিবেদিতা মেনন (ইংৰাজী: Nivedita Menon) এগৰাকী নাৰীবাদী লেখক আৰু দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক চিন্তাৰ অধ্যাপক। [1] পূৰ্বতে তেওঁ ‘লেডী শ্ৰী ৰাম কলেজ’ আৰু ‘দিল্লী বিশ্ববিদ্যালয়’ৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। [1] তেওঁক ‘পাৰমাণৱিক শক্তি’ আৰু ‘কাশ্মীৰ সংঘাত’কে ধৰি কেইবাটাও ৰাজনৈতিক বিষয়ত শক্তিশালী স্থিতিৰ বাবে জনা যায়।

পাণ্ডিত্যপূৰ্ণ কৰ্মজীৱন[সম্পাদনা কৰক]

মেনন এগৰাকী নাৰীবাদী বিদ্বান, যি ২০০৯ চনৰপৰা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(জে এন ইউ)ৰ আন্তৰ্জাতিক অধ্যয়ন বিভাগত(ইণ্টাৰনেচনেল ষ্টাডিজ স্কুল)ত অধ্যাপনা কৰি আহিছে।[1][2][3][4] জে এন ইউলৈ যোৱাৰ আগতে তেওঁ ১৫ বছৰ লেডী শ্ৰী ৰাম কলেজত আৰু সাত বছৰ দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল।[1] মেননে কয় যে, কলেজত পঢ়ি থকা সময়তে তেওঁ যি ভাৰতীয় নাৰীবাদী আন্দোলন সম্পৰ্কে অৱগত হৈছিল- সেই আন্দোলনসমূহে আৰু লগতে নাৰীবাদীসকলৰ বিশ্ববিশ্ৰুত লিখনিয়ে তেওঁক যৌনতা আৰু ৰাজনীতি আদি বিষয় সন্দৰ্ভত এক উচ্চ চেতনা বিকশিত কৰাত সহায় কৰিছিল।[1] বেটি ফ্ৰিডনান, জাৰ্মেইন গ্ৰেয়াৰ আৰু গ্লোৰিয়া ষ্টিনেমৰ দৰে বিশ্ববিশ্ৰুত নাৰীবাদীসকলৰ কামৰ দ্বাৰা তেওঁ গভীৰভাৱে প্ৰভাৱিত হৈছিল।[1]

২০০৪ চনত প্ৰকাশিত ৰিকভাৰিং চাবভাৰছন: ফেমিনিষ্ট পলিটিক্স বিয়ণ্ড দ্য ল’কে ধৰি মেননে নাৰীবাদ আৰু ৰাজনীতি বিষয়ক বহু সংখ্যক কিতাপ লিখিছে আৰু সম্পাদন কৰিছে। [5] তেওঁ ‘ইকন’মিক এণ্ড পলিটিকেল ৱিকলী’ শীৰ্ষক পত্ৰিকা, ‘খ’লিফা ডট অৰ্গ’ নামৰ অনলাইন নিউজ ব্ল’গ আৰু বহুসংখ্যক বাতৰি কাকতত সাম্প্ৰতিক সমস্যাসমূহ সম্পৰ্কত লিখা-মেলা কৰিছে। [6][7]

মেননৰ ২০১২ চনত উন্মোচিত চিয়িং লাইক আ ফেমিনিষ্ট গ্ৰন্থই ইতিবাচক সমালোচনা লাভ কৰিছিল। ২০১২ চনৰ দিল্লীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ পাছত হোৱা হুলস্থূলে আশিংকভাৱে কিতাপখনৰ বিক্ৰীত প্ৰভাৱ পেলাইছিল আৰু কিতাপখনৰ বিক্ৰী ভাল হৈছিল।[8] ‘দ্য হিন্দু’ৰ এটি সমীক্ষাত কোৱা হৈছে যে, “কিতাপখনে ‘লিংগীকৰণ’ৰ প্ৰক্ৰিয়াটো কেনেধৰণে ঘটে সেয়া ব্যাখ্যা কৰিবলৈ সামাজিক প্ৰতিষ্ঠান, নীতি আৰু প্ৰচলিত সাধাৰণ ধাৰণাবোৰৰ অস্ত্ৰোপচাৰ কৰিছে আৰু ইয়াত ‘যৌনতা’ক জৈৱিক বৈশিষ্ট হিচাপে আৰু ‘লিংগ’ক সময়ৰ লগে লগে অহা সাংস্কৃতিক অৰ্থৰ সংহতি হিচাপে বিভাজিত কৰা হৈছে।[4] ‘ইকনমিক এণ্ড প্লিটিকেল ৱিকলি’ পত্ৰিকাত নাৰীবাদী বিদ্বান মেৰী জনে লিখিছে; “কিতাপখন অত্যন্ত আকৰ্ষণীয় শৈলীত লিখা হৈছে, যি পঢ়ুৱৈক হাঁহিৰ খোৰাক দিয়াৰ লগতে বহুতো গুৰুত্বপূৰ্ণ বিষয়লৈ টানি নিয়ে। ছটা অধ্যায়ত বিভাজিত কিতাপখনত সংকলিত, সংক্ষিপ্ত প্ৰতিফলনৰ এটা শৃংখলাৰ জৰিয়তে, সমসাময়িক ভাৰত আৰু অন্য ঠাইসমূহত মহিলা আন্দোলনে সন্মুখীন হোৱা জটিল প্ৰত্যাহবানৰ মোকাবিলা কৰিবলৈ নিবেদিতা মেনন সক্ষম হৈছে।[9][10][11]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  1. পাৱাৰ এণ্ড কনটেষ্টেচন: ইণ্ডিয়া চিনচ্‌ নাইটিন এইট্টি নাইন (গ্ল’বেল হিষ্ট্ৰী অৱ দ্য পেজেণ্ট) [12]
  2. চিয়িং লাইক আ ফেমিনিষ্ট (২০১২) [13]
  3. ৰিকভাৰিং চাবভাৰছন: ফেমিনিষ্ট পলিটিক্স বিয়ণ্ড দ্য ল’ (২০০৪) [14]
  4. জেণ্ডাৰ এণ্ড পলিটিক্স ইন ইণ্ডিয়া [15]
  5. ছেক্সুৱেলিটিচ্‌ (সংগৃহীত সংকলন)[16]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 Dixit, Neha. "The Instigator: A Portrait of Nivedita Menon - The Wire". thewire.in. http://thewire.in/29345/the-instigator-a-portrait-of-nivedita-menon/। আহৰণ কৰা হৈছে: 2016-10-18. 
  2. Menon, Nivedita (1970-01-01). "Nivedita Menon | Jawaharlal Nehru University - Academia.edu". Jnu.academia.edu. https://jnu.academia.edu/NiveditaMenon। আহৰণ কৰা হৈছে: 2013-11-15. 
  3. "Nivedita Menon: We're witnessing new interventions by feminists of all genders". The Times of India. 2013-01-07. Archived from the original on 2013-12-03. https://web.archive.org/web/20131203011329/http://articles.timesofindia.indiatimes.com/2013-01-07/interviews/36174182_1_feminism-young-women-liberates-women। আহৰণ কৰা হৈছে: 2013-11-15. 
  4. 4.0 4.1 "Training the eye". The Hindu. 2013-02-14. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/training-the-eye/article4413132.ece. 
  5. ":::Welcome to the official website of Women Unlimited". Womenunlimited.net. http://www.womenunlimited.net/authors/authors_niveditamenon.htm। আহৰণ কৰা হৈছে: 2013-11-15. 
  6. "About". Kafila. 2011-08-28. http://kafila.org/about/। আহৰণ কৰা হৈছে: 2013-11-15. 
  7. "Search | Economic and Political Weekly". Economic and Political Weekly (Epw.in) খণ্ড 50, 50, 50, 50, 50 (23, 23, 23, 23, 23): 7, 7, 7, 7, 7–8, 8, 8, 8, 8. http://www.epw.in/search/apachesolr_search/nivedita%20menon। আহৰণ কৰা হৈছে: 2013-11-15. 
  8. "A manual for new feminists | The Asian Age". Archive.asianage.com. 2013-04-21. http://archive.asianage.com/books/manual-new-feminists-309। আহৰণ কৰা হৈছে: 2013-11-15. 
  9. "The Little Red Book of Feminism? | Economic and Political Weekly". Epw.in. 2013-05-04. http://www.epw.in/book-reviews/little-red-book-feminism.html। আহৰণ কৰা হৈছে: 2013-11-15. 
  10. Menon, Nivedita (2013-03-08). "It Comes Slowly Slowly...". Outlook. http://www.outlookindia.com/article.aspx?284288. 
  11. Neha Thirani Bagri. "Where is India's Feminist Movement Headed?". The New York Times. http://india.blogs.nytimes.com/2013/03/08/where-is-indias-feminist-movement-headed/?_r=1. 
  12. "Power and Contestation: India since 1989 by Nivedita Menon and Aditya Nigam". PopMatters. http://www.popmatters.com/review/120643-power-and-contestation-india-since-1989-by-nivedita-menon-and-aditya/. 
  13. Sharma, Nalini (2016-08-19). "Book Review: Seeing Like a Feminist by Nivedita Menon". Feminism in India. http://feminisminindia.com/2016/08/19/book-review-seeing-like-a-feminist-nivedita-menon/। আহৰণ কৰা হৈছে: 2016-10-18. 
  14. Menon, Nivedita. "UI Press | Nivedita Menon | Recovering Subversion: Feminist Politics beyond the Law". www.press.uillinois.edu. http://www.press.uillinois.edu/books/catalog/37ckh8qc9780252029691.html। আহৰণ কৰা হৈছে: 2016-10-18. 
  15. Menon, Nivedita (2001). Gender And Politics In India - Google Books. ISBN 9780195658934. https://books.google.com/books?id=qPcUAQAAIAAJ&q=nivedita+menon&pg=PA1। আহৰণ কৰা হৈছে: 2013-11-15. 
  16. Singh, Jyoti. "Feminist writings". The Tribune. http://www.tribuneindia.com/2007/20070708/spectrum/book2.htm। আহৰণ কৰা হৈছে: 20 August 2015.