নিশ্চিতকৰণ পক্ষপাতিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
A drawing of a man sitting on a stool at a writing desk
নিশ্চিতকৰণ পক্ষপাতিতাক অভ্যন্তৰীণ "হয় হুজুৰ"(yes man) বুলিও চিহ্নিত কৰা হয়, যিয়ে চাৰ্লছ ডিকেন্সসৃষ্ট চৰিত্ৰ "উৰিয়া হিপ"ৰ দৰে নিজৰ বিশ্বাসবোৰ প্ৰতিধ্বনিত কৰে[1]

নিশ্চিতকৰণ পক্ষপাতিতা (en-Confirmation bias) হৈছে এনে এটা প্ৰৱণতা যাৰ তাড়নাত মানুহ এজনে সেইবোৰ তথ্যকে স্মৰণ কৰে, সন্ধান কৰে, অথবা সেইবোৰ তথ্যৰ পক্ষেই সমৰ্থন আগবঢ়ায় যিবোৰে তথ্যয়েই তেওঁৰ পূৰ্ব-আৰোপিত ব্যক্তিগত বিশ্বাস অথবা প্ৰমূল্যবোৰক শক্তি যোগাব। ই একপ্ৰকাৰৰ বোধগত বা জ্ঞানীয় পক্ষপাতিতা। যেতিয়া মানুহে কিছুমান তথ্য আংশিকভাৱে মনত পেলায় বা পক্ষপাতিত্বমূলকভাৱে তাক আহৰণ কৰে, তেতিয়া তেওঁলোকে এইধৰণৰ পক্ষপাতিতাটো প্ৰদৰ্শন কৰে। বাঞ্ছিত ফলাফল, আৱেগিকভাৱে দৃঢ় হৈ থকা বিষয়, আৰু গভীৰভাৱে মানি চলা বিশ্বাসৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ সৰ্বাধিক। মানুহে কেতিয়াবা দ্ব্যৰ্থক প্ৰমাণ একোটাকো নিজৰ স্থিতিৰ সমৰ্থনত আগবঢ়াব বিচাৰে। দৃষ্টিভংগী মেৰুকৰণ (attitude polarization:একে প্ৰমাণ ব্যৱহাৰ কৰাৰ পাছতো যেতিয়া ভিন্ন গোটৰ মাজত বিৰোধিতাটো অতি চৰম পৰ্যায়ৰ হৈ পৰে। ), বিশ্বাস উদ্যমশীলতা (belief perseverance:ভুল বুলি প্ৰমাণিত হোৱাৰ পাছতো বিশ্বাস একোটাৰ অস্তিত্ব থকাটো), যুক্তিবিহীন প্ৰাথম্য প্ৰভাৱ (irrational primacy effect:শ্ৰেণী এটাৰ আৰম্ভণিতে উদ্ভৱ হোৱা এটা মাত্ৰ তথ্যৰ ওপৰতে অধিক নিৰ্ভৰশীলতা) আৰু বিভ্ৰমজনক সংগতি (illusory correlation:দুটা বিশেষ ঘটনা আৰু পৰিস্থিতিৰ সংযোগক অশুদ্ধভাৱে কৰা উপলব্ধি) বুজাবলৈও কেতিয়াবা পক্ষপাতিত্বমূলক গৱেষণা, ব্যাখ্যা আৰু স্মৃতিৰ সহায় লোৱা হয়।[2]

'৭০ৰ দশকৰ এক বিশেষ শ্ৰেণীৰ মনোবৈজ্ঞানিক পৰীক্ষাই কয় যে-বিদ্যমান বিশ্বাসবোৰৰ নিশ্চিতকৰণৰ প্ৰতি মানুহে পক্ষপাতিতা দেখুৱায়। পৰৱৰ্তী সময়ৰ গৱেষণাই পুনৰ-ব্যাখ্যা আগবঢ়ালে যে, এই ফলাফলসমূহে একপক্ষীয়ভাৱে নিজৰ ধাৰণাবোৰ পৰীক্ষা কৰিব বিচাৰে, য'ত এটা মাত্ৰ সম্ভাৱনাত গুৰুত্ব আৰোপ কৰি বাকীবোৰ বিকল্পক আওকান কৰা হৈছে। কিছুমান নিৰ্দিষ্ট পৰিস্থিতিত, এনে প্ৰৱণতাই মানুহৰ মীমাংসাবোৰত পক্ষপাতিতাৰ সৃষ্টি কৰিব পাৰে। প্ৰদৰ্শিত পক্ষপাতিতাৰ ব্যাখ্যা হিচাপে বাঞ্ছাপূৰ্ণ চিন্তা আৰু তথ্য-আহৰণত মানুহৰ সীমাৱদ্ধতাৰ কথাটো আঙুলিওৱা হয়। এটা নিৰপেক্ষ, বৈজ্ঞানিক পদ্ধতিৰ অনুসন্ধান-কাৰ্যতকৈ ভুল প্ৰমাণিত হ'লে বহন কৰিবলগীয়া হোৱা পৰিণামটোৰ প্ৰতি মানুহ অধিক চিন্তান্বিত। নিশ্চিতকৰণ পক্ষপাতিতাৰ এইটো আন এটা ব্যাখ্যা। উল্লেখযোগ্য যে, কেতিয়াবা বিজ্ঞানী আৰু বুদ্ধিমান মানুহো নিশ্চিতকৰণ পক্ষপাতিতাৰ চিকাৰ হ'ব পাৰে।[3]

সংজ্ঞা আৰু প্ৰসংগ[সম্পাদনা কৰক]

ইংৰাজ মনোবিজ্ঞানী পিটাৰ ৱাছনে পোনপ্ৰথমবাৰৰ বাবে নিশ্চিতকৰণ পক্ষপাতিতা (Confirmation bias) শীৰ্ষক পৰিভাষাটো প্ৰয়োগ কৰিছিল। ই হৈছে মানুহৰ এনে এক প্ৰৱণতা যাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ তেওঁলোকে নিজৰ বিশ্বাস, ধাৰণা, মূল্যবোধৰ সমৰ্থনত থকা তথ্যবোৰকে অগ্ৰাধিকাৰ দিয়ে-যিবোৰ এবাৰ নিশ্চিত হৈ যোৱাৰ পাছত আওকান কৰাটো কষ্টসাধ্য হৈ উঠে।[4] নিশ্চিতকৰণ পক্ষপাতিতা হৈছে একপ্ৰকাৰৰ বোধগত পক্ষপাতিতা, লগতে সম্পৰ্কহীন বস্তুৰ মাজৰ অশুদ্ধ সংযোগ আৰু অৰ্থ স্থাপন কৰাৰ প্ৰৱণতা-যাক "এপ'ফেনিয়া" (apophenia) হিচাপে আখ্যায়িত কৰা হয়।

নিশ্চিতকৰণ পক্ষপাতিতাক মোৰ ফালৰ পক্ষপাতিতা(myside bias) বুলিও কোৱা হয়।[Note 1]

টোকা[সম্পাদনা কৰক]

  1. David Perkins, a professor and researcher at the Harvard Graduate School of Education, coined the term "myside bias" referring to a preference for "my" side of an issue (Baron 2000, পৃষ্ঠা 195).

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Zweig, Jason (November 19, 2009), "How to ignore the yes-man in your head", Wall Street Journal, https://www.wsj.com/articles/SB10001424052748703811604574533680037778184, আহৰণ কৰা হৈছে: 2010-06-13 
  2. https://books.google.co.in/books?id=3o7RCgAAQBAJ&pg=PA89&lpg=PA89&dq=People+also+tend+to+interpret+ambiguous+evidence+as+supporting+their+existing+position.+Biased+search,+interpretation+and+memory+have+been+invoked+to+explain+attitude+polarization+(when+a+disagreement+becomes+more+extreme+even+though+the+different+parties+are+exposed+to+the+same+evidence),+belief+perseverance+(when+beliefs+persist+after+the+evidence+for+them+is+shown+to+be+false),+the+irrational+primacy+effect+(a+greater+reliance+on+information+encountered+early+in+a+series)+and+illusory+correlation+(when+people+falsely+perceive+an+association+between+two+events+or+situations).&source=bl&ots=9kYyANNY1r&sig=ACfU3U1GhqUafZh9qHsXFBeh0bvSbsMAEA&hl=en&sa=X&ved=2ahUKEwjs8uWh7LrpAhVRVH0KHcMxAbUQ6AEwCXoECA0QAQ#v=onepage&q=People%20also%20tend%20to%20interpret%20ambiguous%20evidence%20as%20supporting%20their%20existing%20position.%20Biased%20search%2C%20interpretation%20and%20memory%20have%20been%20invoked%20to%20explain%20attitude%20polarization%20(when%20a%20disagreement%20becomes%20more%20extreme%20even%20though%20the%20different%20parties%20are%20exposed%20to%20the%20same%20evidence)%2C%20belief%20perseverance%20(when%20beliefs%20persist%20after%20the%20evidence%20for%20them%20is%20shown%20to%20be%20false)%2C%20the%20irrational%20primacy%20effect%20(a%20greater%20reliance%20on%20information%20encountered%20early%20in%20a%20series)%20and%20illusory%20correlation%20(when%20people%20falsely%20perceive%20an%20association%20between%20two%20events%20or%20situations).&f=false
  3. Lee, C.J.; Sugimoto, C.R.; Zhang, G.; Cronin, B. (2013), "Bias in peer review", Journal of the Association for Information Science and Technology খণ্ড 64: 2–17, doi:10.1002/asi.22784 
    *Mahoney, Michael J.; DeMonbreun, B.G. (1977), "Psychology of the scientist: An analysis of problem-solving bias", Cognitive Therapy and Research খণ্ড 1 (3): 229–38, doi:10.1007/BF01186796 
    *Mitroff, I. I. (1974), "Norms and counter-norms in a select group of the Apollo moon scientists: A case study of the ambivalence of scientists", American Sociological Review খণ্ড 39 (4): 579–95, doi:10.2307/2094423 
  4. Plous, Scott (1993), The Psychology of Judgment and Decision Making. New York: McGraw Hill, p. 233