নিষ্ঠা (চৰকাৰী আঁচনি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিষ্ঠা (ইংৰাজী: National Initiative for School Heads' and Teachers' Holistic Advancement, NISHTHA) হৈছে ভাৰত চৰকাৰৰ এখন আঁচনি। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে নিষ্ঠা নামৰ এই সংহত শিক্ষক প্ৰশিক্ষণ ব্যৱস্থাপনা এটিৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত শিকন ফলাফল উন্নীতকৰণৰ বাবে ৰাষ্টীয় আঁচনি এখন হাতত লৈছে। এই আঁচনিখন কেন্দ্ৰীয়ভাৱে ২০১৯-২০ চনৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু ই সমগ্ৰ শিক্ষাৰ অধীনত। এই আঁচনি খনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে অংশ গ্ৰহণকাৰীসকলৰ সক্ষমতাক এক কংক্ৰিট ৰূপ প্ৰদান কৰা।[1]

নিষ্ঠা ব্যৱস্থাপনাটোত প্ৰায় ৪২ লাখ অংশগ্ৰহণকাৰী; সকলো চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, প্ৰধান শিক্ষক, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ SCERT (State Councils of Educational Research and Training) আৰু DIET (District Institutes of Education and Training)-ৰ প্ৰশিক্ষক সদস্যসকল, BRCs (Block Resource Centres) আৰু CRCs (Cluster Resource Centres)-ৰ বিষয়ববীয়া আৰু সমলব্যক্তিসকলক সামৰি লোৱা হৈছে।[1]

তথ্য উৎস[সম্পাদনা কৰক]