নেপাল নাগ
নেপাল নাগ বা নেপালচন্দ্ৰ নাগ (ইংৰাজী: Nepal Nag) ভাৰতৰ বৃটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এক ব্যক্তিত্ব, অগ্নিযুগৰ বিপ্লৱী আৰু কমিউনিষ্ট কৰ্মী আছিল। তেওঁৰ জন্ম ১৯০৫ চনৰ ১৯ ছেপ্তেম্বৰ আৰু মৃত্যু ১৯৭৮ চনৰ ৫ অক্টোবৰ।[1]
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]নেপাল নাগৰ জন্ম হৈছিল ঢাকাৰ তেজগাঁও নামে ঠাইত। তেওঁৰ পিতৃৰ নাম সুৰেশচন্দ্ৰ নাগ। তেওঁৰ পোছাকী নাম শৈলেশচন্দ্ৰ হ’লেও নেপাল নামেই তেওঁ পৰিচিত আছিলে। কম বয়সৰ পৰাই তেওঁ দেশপ্ৰমিক মনোভাবৰ আছিল। আই.এ. পাছ কৰাৰ পিছৰ পৰাই তেওঁ বিপ্লবী কাজকৰ্মত সক্ৰিয় হয়ে উঠে। [1]
বিপ্লৱী জীৱন
[সম্পাদনা কৰক]১৯২৩-২৪ চনত লীলা নাগ পৰিচালিত "শ্ৰী সংঘ"ত তেওঁ যোগ দিয়ে। ঢাকা চহৰত যিসকলে অনুসন্ধানকাৰী পুলিচৰ সহায় কৰি খবৰ যোগান ধৰিছিল, সেইসকলক দমন কৰিবলৈ অন্যান্য বিপ্লৱী সুপতি ৰায়, জিতেন দে আদিৰ লগতে তেঁৱো আছিল। ১৯৩২ চনৰ ২১ এপ্ৰিল তাৰিখে তেওঁ পুলিচৰ হাতত ধৰা পৰে[1] আৰু ৰাজস্থানৰ দেউলি বন্দী নিবাসত তেওঁক সাত বছৰ আটক কৰি ৰখা হয়। তাৰ পৰা মুক্তি পায়েই তেওঁ সেইসময়ৰ ভাৰতৰ কমিউনিষ্ট দলৰ সদস্য হয়। দেউলি কাৰাগাৰত বন্দী অৱস্থাতে মাৰ্ক্সবাদী পণ্ডিত আৰু প্ৰবীণ বিপ্লৱী ৰেৱতী বৰ্মনৰ ওচৰত তেওঁ কমিউনিষ্ট মতাদৰ্শত দীক্ষা গ্ৰহণ কৰে। কাৰাগাৰতেই তেওঁ কমিউনিষ্ট একত্ৰীকৰণত যোগ দিয়ে। ১৯৩৮ চনত তেওঁ জেলৰ পৰা মুক্তি লাভ কৰে।[2]
শ্ৰমিক আন্দোলন
[সম্পাদনা কৰক]জেলৰ পৰা মুক্তি লাভ কৰিয়েই তেওঁ কমিউনিষ্ট নেতা মুজফ্ফৰ আহমেদ, প্ৰমোদ দাশগুপ্তৰ পৰামৰ্শত শ্ৰমিক সংগঠনৰ কামত বিহাৰলৈ যায়। তাত সফলতা লাভ হোৱাত তেওঁক ঢাকাৰ নাৰায়ণগঞ্জ এলেকাৰ সূতা মিলৰ শ্ৰমিকসকলৰ মাজলৈ পঠিওৱা হয়। সাধাৰণ মানুহৰ সৈতে শীঘ্ৰে মিলি যাব পৰা গুণ আছিল বাবে নাৰায়ণগঞ্জত সোনকালেই বলিষ্ঠ শ্ৰমিক আন্দোলন, শ্ৰমিক ইউনিয়ন আৰু কমিউনিষ্ট পাৰ্টিৰ ঘাটি গঢ়ি তুলি অবিসংবাদী নেতাৰূপে পৰিচিত হয়। সেইসময়তে তেওঁ গোপনে অন্যতম বিপ্লৱী জ্ঞান চক্ৰৱৰ্তীৰ লগত কাম কৰি শ্ৰমিকসকলৰ মাজত কমিউনিষ্ট পাৰ্টিৰ সদস্যসংখ্যা বৃদ্ধি কৰে।[2] ১৯৪০ চনত তেওঁ পুনৰ গ্ৰেপ্তাৰ হয়। সেইবছৰতে মুক্তিলাভ কৰি ঢাকাৰ নিজাগৃহত গৃহবন্দী হৈ থাকে। কিছুদিনৰ পিছতেই গৃহবন্দীত্বৰ জাল ফালি নাৰায়ণগঞ্জৰ সূতা মিল এলেকালৈ যায় আৰু আত্মগোপন কৰি থাকিয়েই শ্ৰমিক আন্দোলনৰ নেতৃত্ব দিয়ে।[3]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]দেশ বিভাজনৰ পিছত ১৯৪৮-১৯৬২ চন পৰ্যন্ত তেওঁ “ৰহমান ভাই’’ নামে আত্মগোপন কৰি পূব-পাকিস্তানৰ প্ৰাদেশিক কমিউনিষ্ট পাৰ্টিৰ ৰাজনৈতিক কাৰ্যকলাপ পৰিচালনা কৰে। ১৯৪৭ চনত ট্ৰেড ইউনিয়ন ফেডাৰেচনৰ প্ৰতিষ্ঠাপক উপ-সভাপতি নিৰ্বাচিত হয়। ১৯৫০ চনত পূব পাকিস্তান প্ৰাদেশিক কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়।[3]
১৯৬০ চনত মস্কোত অনুষ্ঠিত হোৱা বিশ্ব কমিউনিষ্ট মহাসম্মিলনত পূব পাকিস্তান প্ৰাদেশিক কমিউনিষ্ট পাৰ্টিৰ হৈ গোপনে প্ৰতিনিধিত্ব কৰে। পিছৰ বছৰ ১৯৬১ চনত সোভিয়েত ইউনিয়নৰ কমিউনিষ্ট পাৰ্টিৰ ২২তম কংগ্ৰেছতো পূব পাকিস্তান কমিউনিষ্ট পাৰ্টিৰ হৈ প্ৰতিনিধিত্ব কৰে। এইসময়ত হো চি মিন, চৌ এন লাই প্ৰমুখ্যে ব্যক্তিৰ লগত পূব বাংলাৰ স্বাধীনতা সম্বন্ধে আলোচনা কৰে।[2][3]
১৯৪৯ চনত ৰেল ধৰ্মঘটৰ প্ৰয়াস, ১৯৫২ চনত ভাষাৰ দাবীত ছাত্ৰ-জনতাৰ বিপ্লবী অভ্যুত্থান আৰু ১৯৫৪ চনৰ সাধাৰণ নিৰ্বাচনত সংযুক্ত ফ্ৰণ্টৰ বিজয়ৰ ক্ষেত্ৰত নেপাল নাগৰ উদ্যোগ আৰু সক্ৰিয়তা স্মৰণীয়।[3]
মৃত্যু
[সম্পাদনা কৰক]দুৰাৰোগ্য ডায়বেটিছ ৰোগত আক্ৰান্ত হৈ ১৯৬২ চনত ৰাজনীতিৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে। কলকাতাত ৪ অক্টোবৰ ১৯৭৮ চনত মৃত্যুবৰণ কৰে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 সুবোধ সেনগুপ্ত ও অঞ্জলি বসু সম্পাদিত, সংসদ বাঙালি চৰিতাভিধান, প্ৰথম খণ্ড, সাহিত্য সংসদ, কলকাতা, দ্বিতীয় মুদ্ৰণ, নভেম্বৰ ২০১৩, পৃষ্ঠা ৩৭৯-৩৮০, আই.এচ.বি.এন. 978-81-7955-135-6
- ↑ 2.0 2.1 2.2 "স্বাধীনতা সংগ্ৰামী ও বীৰ বিপ্লবী নেপাল নাগ". এইবেলা. ১৯ ছেপ্তেম্বৰ ২০১৬. http://eibela.com/mobile/article/স্বাধীনতা-সংগ্ৰামী-ও-বীৰ-বিপ্লবী-নেপাল-নাগ। আহৰণ কৰা হৈছে: ১৬ জানুৱাৰী ২০১৭.
- ↑ 3.0 3.1 3.2 3.3 3.4 সেলিনা হোসেন ও নুৰুল ইসলাম সম্পাদিত; বাংলা একাডেমী চৰিতাভিধান; ফেব্ৰুয়াৰি, ১৯৯৭; পৃষ্ঠা- ২১৮-২১৯, আই.এচ.বি.এন. 984-07-4354-6