নেপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নেপুৰ এবিধ অসমীয়া অলংকাৰ৷ নেপুৰক ঠাই বিশেষে নূপুৰ বুলিও কোৱা হয়৷ এই অলংকাৰবিধ ভৰিত পিন্ধা হয়৷ নেপুৰ সাধাৰণতে ৰূপ আৰু সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয়৷ কোনো কোনো নেপুৰত ঝুমকাও থাকে, যাতে খোজ কাঢ়িলে ঝুমকাবোৰ বাজি উঠে৷ এইবিধ অলংকাৰ সৰু সৰু ল’ৰা-ছোৱালীৰ পৰা বিবাহিতা মহিলালৈকে সকলোৱে পৰিধান কৰে৷ ইয়াৰ এটা মূৰত এটা আঙঠি লগোৱা থাকে আৰু আনটো মূৰত থাকে এডাল বেঁকা শলখা৷ আজিকালি নেপুৰৰ নামৰ পৰিৱৰ্তন হৈ সকলোৱে ইয়াক পায়েল বুলিয়েই জানে৷ আগৰ দিনত নেপুৰক পো-জোপা বুলি কোৱা হৈছিল৷ ইয়াক অভিজাত মহিলাসকলেহে পৰিধান কৰিছিল৷ এইবিধ গহনাৰ আন এটা নাম পাওপদ্মা[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী (২০১৪). নেপুৰ বা নূপুৰ. প্ৰাগজ্যোতিষ মহাবিদ্যালয়. পৃষ্ঠা. ৩৭৩.