নৈৰাজ্যবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নৈৰাজ্যবাদ (ইংৰাজী: anarchism) হৈছে এক ধৰণৰ ৰাজনৈতিক দৰ্শন যি ৰাষ্ট্ৰক অপ্ৰয়োজনীয়,অনাকাংক্ষিত আৰু ক্ষতিকৰ বুলি বাখ্যা কৰে আৰু তাৰ পৰিৱৰ্তে ৰাষ্ট্ৰবিহীন সমাজৰ পোষকতা কৰে৷[1][2][3][4] নৈৰাজ্যবাদীসকলে সংস্কাৰপন্থী বামধাৰাক আদৰ্শ হিচাপে গ্ৰহণ কৰে।[5][6] বেছিভাগ নৈৰাজ্যবাদী অৰ্থনীতি আৰু নৈৰাজ্যবাদী আইনী দৰ্শনৰ দ্বাৰা সাম্যবাদ, সমবায়, ছিণ্ডিকেলিজম্ আৰু অংশীদাৰিত্বৰ অৰ্থনীতিৰ ৰাষ্ট্ৰবিহীন বাখ্যা প্ৰতিফলিত কৰা হয়৷[7]

ব্যুৎপত্তি[সম্পাদনা কৰক]

নৈৰাজ্যবাদৰ ইংৰাজী প্ৰতিশব্দ হৈছে Anarchism৷ এই শব্দটো Anarchy আৰু ism লগ হৈ গঠিত হৈছে।[8] Anarchy শব্দটো গ্ৰীক ভাষাৰ Anarchos (ἄναρχος) শব্দৰ পৰা আহিছে[9][10] [11] যাৰ অৰ্থ হৈছে শাসকবিহীন।[12] নৈৰাজ্যবাদ (Anarchism) শব্দটো ১৫৩৯ চনত প্ৰথম ব্যৱহাৰ কৰা হৈছিল বুলি জনা যায়।[13] ফ্ৰান্স বিপ্লৱৰ সহায়ত কিছুমান ৰাজনীতিকে বিৰোধী পক্ষক নৈৰাজ্যবাদী আখ্যা দিছিল৷ পিয়েৰি জোচেফ প্ৰৌধন হ’ল প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক যিয়ে নিজকে নৈৰাজ্যবাদী বুলি পৰিচয় দিয়ে৷ যাৰ ফলত ঊনবিংশ শতিকাৰ মাজভাগত নৈৰাজ্যবাদ শব্দটোৱে আনুষ্ঠানিকতা পায়৷

ইতিহাস[সম্পাদনা কৰক]

যীশুখ্ৰীষ্টৰ জন্মৰ ছশ বছৰ আগতে তাওৱিষ্ট (Taoist) দাৰ্শনিক লাওজিয়ে সৰ্বপ্ৰথম নৈৰাজ্যবাদ শব্দটো ব্যৱহাৰ কৰিছিল[14] আৰু তাৰ পিছৰ শতিকাত ঝুৱাংজি (Zhuangzi) আৰু বাও জিন্গ্যানে (Bao Jingyan) এই শব্দটো ব্যৱহাৰ কৰিছিল।[15] কোনোৱে যীশুখ্ৰীষ্টক প্ৰথমগৰাকী খ্ৰীষ্টিয়ান নৈৰাজ্যবাদী বুলি ঘোষণা কৰিছে৷ জৰ্জেচ লেকাৰ্টিয়া(Georges Lechartier)ৰে এই কথা লিখি গৈছে। [16] পূৰ্বৰ ইছলামিক বুৰঞ্জীটো নৈৰাজ্যবাদৰ ধাৰণা পোৱা যায়৷ মুছলমান পণ্ডিত আমেৰ আল-বাছৰী(Amer al-Basri) আৰু আবু হানিফাই শাসকক বৰ্জন কৰি ৱাকফ পৰম্পৰা আৰম্ভ কৰিছিল৷

সমসাময়িক নৈৰাজ্যবাদ[সম্পাদনা কৰক]

৬০ আৰু ৭০অৰ দশকত নৈৰাজ্যবাদ বৃদ্ধি পায়।[17] ১৯৬৮ চনত ইটালীৰ কৰাৰাত আন্তৰ্জাতিক নৈৰাজ্যবাদী ফেডাৰেশ্যন গঠিত হয়৷ আমেৰিকাৰ নাগৰিকৰ অধিকাৰ আন্দোলন আৰু ভিয়েটনাম যুদ্ধবিৰোধী আন্দোলনে উত্তৰ আমেৰিকাত নৈৰাজ্যবাদৰ উদ্ভৱ ঘটায়৷ বিংশ শতাব্দীৰ শেষৰপিনে শ্ৰমিক আন্দোলন আৰু প্ৰাণী অধিকাৰ আন্দোলনে নৈৰাজ্যবাদক নতুন মাত্ৰা প্ৰদান কৰে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "ANARCHISM, a social philosophy that rejects authoritarian government and maintains that voluntary institutions are best suited to express man's natural social tendencies." George Woodcock. "Anarchism" at The Encyclopedia of Philosophy
  2. "In a society developed on these lines, the voluntary associations which already now begin to cover all the fields of human activity would take a still greater extension so as to substitute themselves for the state in all its functions." Peter Kropotkin. "Anarchism" from the Encyclopædia Britannica
  3. "Anarchism." The Shorter Routledge Encyclopedia of Philosophy. 2005. p. 14 "Anarchism is the view that a society without the state, or government, is both possible and desirable."
  4. Sheehan, Sean. Anarchism, London: Reaktion Books Ltd., 2004. p. 85
  5. [^ a b Brooks, Frank H. (1994). The Individualist Anarchists: An Anthology of Liberty (1881–1908). Transaction Publishers. p. xi. ISBN 1-56000-132-1. "Usually considered to be an extreme left-wing ideology, anarchism has always included a significant strain of radical individualism, from the hyperrationalism of Godwin, to the egoism of Stirner, to the libertarians and anarcho-capitalists of today" ]
  6. [ ^ Joseph Kahn (2000). "Anarchism, the Creed That Won't Stay Dead; The Spread of World Capitalism Resurrects a Long-Dormant Movement". The New York Times (5 August).Colin Moynihan (2007). "Book Fair Unites Anarchists. In Spirit, Anyway". New York Times (16 April). ]
  7. [^ Stringham, Edward (2007). Stringham, Edward. ed. Anarchy and the Law. The Political Economy of Choice.. Transaction Publishers. p. 720. ]
  8. Anarchism, Online etymology dictionary.
  9. ἀναρχία. Liddell, Henry George; Scott, Robert; A Greek–English Lexicon at the Perseus Project.
  10. Anarchy, Merriam-Webster online.
  11. Anarchy, Online etymology dictionary.
  12. ἄναρχος. Liddell, Henry George; Scott, Robert; A Greek–English Lexicon at the Perseus Project.
  13. "Origin of ANARCHY Medieval Latin anarchia, from Greek, from anarchos having no ruler, from an- + archos ruler — more at arch- First Known Use: 1539" "Anarchy" at Merriam Webster dictionary online
  14. Peter Kropotkin, "Anarchism", Encyclopædia Britannica 1910.
  15. "Anarchism: A Documentary History of Libertarian Ideas, Volume One: From Anarchy to Anarchism (300CE-1939)". Robert Graham's Anarchism Weblog.
  16. Cited in George Woodcock, Anarchism: A History of Libertarian Ideas and Movements (Cleveland: Meridian Books, 1962), p. 38.
  17. [^ Thomas 1985, p. 4]