নোৰা ফটেহী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নোৰা ফটেহী (ইংৰাজী: Nora Fatehi) (জন্ম: ৬ ফেব্ৰুৱাৰী ১৯৯২) ভাৰতত বাস কৰা এগৰাকী কানাডিয়ান নৃত্যশিল্পী আৰু অভিনেত্ৰী। তেওঁ হিন্দী, তেলেগু আৰু মালয়ালম ছবিত অভিনয় কৰিছে। ফটেহীয়ে হিন্দী ছবি ৰ'ৰ: টাইগাৰছ অৱ দ্য সুন্দৰবনছৰ যোগেদি ছবি অভিনয়ত আত্মপ্ৰকাশ কৰে।[1][2]

টেম্পাৰ, বাহুবলী:দ্য বিগিনিং আৰু কিক-২ আদি ছবিত আইটেম গীতৰ বাবে তেলেগু ছবিত জনপ্ৰিয়তা লাভ কৰা ফটেহীয়ে মালয়ালম ছবি ডাবল বেৰেল আৰু কয়ামকুলাম কোচুন্নীতো অভিনয় কৰিছে। ২০১৫ চনত ফটেহীয়ে ৰিয়েলিটি টেলিভিছন শ্ব’ বিগ বছ ৯ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল। ২০১৬ চনত ৰিয়েলিটি টেলিভিছন ডান্স শ্ব’ ঝলক দিখলা জাত অংশগ্ৰহণ কৰে। তেওঁ বলীউডৰ ছবি সত্যমেৱ জয়তেত অভিনয় কৰিছিল য'ত তেওঁক "দিলবৰ" গীতটোৰ পুনৰনিৰ্মিত সংস্কৰণত অভিনয় কৰোৱা হৈছিল[3] আৰু মুক্তিৰ প্ৰথম ২৪ ঘণ্টাত ইউটিউবত ই ২ কোটি দৰ্শন অতিক্ৰম কৰি ভাৰতত এনে সংখ্যা লাভ কৰা প্ৰথম হিন্দী গীত হিচাপে পৰিগণিত হৈছিল। ইয়াৰ উপৰিও তেওঁ মৰক্কোৰ হিপ-হপ গ্ৰুপ Fnaïreৰ সৈতে সহযোগিতা কৰি দিলবৰ শীৰ্ষক গীতৰ আৰবী সংস্কৰণ মুকলি কৰে।[4][5]

২০১৯ চনত তাঞ্জানিয়াৰ সংগীতজ্ঞ তথা গীতিকাৰ ৰেভানিৰ সহযোগত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ইংৰাজী গীত পেপেটা মুকলি কৰে। ২০২২ চনৰ অক্টোবৰ মাহত তেওঁ ২০২২ চনৰ কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ গীত লাইট দ্য স্কাইত শিল্পী ৰেডৱান, মানাল, বালকিছ আৰু ৰেহমা ৰিয়াদৰ সৈতে একেলগে অভিনয় কৰিবলৈ নিৰ্বাচিত হয়৷[6] ইয়াৰ পিছত ফাটেহীয়ে হিন্দী ছবি ষ্ট্ৰীট ডান্সাৰ থ্ৰীডি (২০২০) আৰু ভুজ: দ্য প্ৰাইড অৱ ইণ্ডিয়া (২০২১)ৰ সহযোগী চৰিত্ৰত অভিনয় কৰে। ইয়াৰ উপৰিও টেলিভিছন শ্ব’ ডান্স দীৱানা জুনিয়ৰ আৰু ঝলক দিখলা জা-১০ৰ বিচাৰক হিচাপে কাম কৰিছে।

কানাডাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ফটেহীৰ পিতৃ-মাতৃ মৰক্কোৰ। তেওঁ টৰন্টোৰ ৱেষ্টভিউ চেণ্টেনিয়েল ছেকেণ্ডাৰী স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ইয়ৰ্ক বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত অধ্যয়ন কৰে।[7] তেওঁ সাক্ষাৎকাৰত উল্লেখ কৰিছে যে তেওঁ নিজকে "মনে-প্ৰাণে ভাৰতীয়" বুলি গণ্য কৰে।[8]

কৰ্ম জীৱন[সম্পাদনা কৰক]

হিন্দী ছবি ৰ’ৰ: টাইগাৰছ অৱ দ্য সুন্দৰবনছত প্ৰথমবাৰৰ বাবে অভিনয় কৰি ফটেহীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ পুৰী জগন্নাধৰ ছবি টেম্পাৰত আইটেম ছং "ইট্টাগে ৰেছিপোধাম"ৰে তেলেগু ছবিৰ কামত যোগদান কৰে।[9] বিক্ৰম ভাটৰ পৰিচালিত আৰু মহেশ ভাটৰ প্ৰযোজনা মিষ্টাৰ এক্স ছবিখনত ইমৰাণ হাছমী আৰু গুৰমীত চৌধুৰীৰ সৈতেও বিশেষ অভিনয় কৰিছিল। ফটেহীয়ে বাহুবলী: দ্য বিগিনিঙৰ আইটেম ছং "মনোহাৰী"[10] আৰু কিক-২ৰ গীত "কুক্কুৰুকুৰু" আদি ছবিৰ আইটেম ছঙত অভিনয় কৰে।[11] ​ ২০১৫ চনৰ জুন মাহৰ শেষৰ ফালে তেওঁ শ্বেৰ নামে এখন তেলেগু ছবিত স্বাক্ষৰ কৰে। ২০১৫ চনৰ আগষ্টৰ শেষৰ ফালে তেওঁ আন এখন তেলেগু ছবি লোফাৰত স্বাক্ষৰ কৰে যিখন ছবিৰ পৰিচালক হৈছে পুৰী জগন্নাধে৷ বৰুণ তেজ নামৰ অভিনেতাৰ বিপৰীতে তেওঁ অভিনয় কৰিছে। ২০১৫ চনৰ নৱেম্বৰৰ শেষৰ ফালে Oopiri নামৰ আন এখন ছবিতো স্বাক্ষৰ কৰে৷[12] ২০১৫ চনৰ ডিচেম্বৰ মাহত ফটেহীয়ে বিগ বছ-ছিজন ৯ত ৱাইল্ড কাৰ্ড প্ৰৱেশকাৰী হিচাপে বিগ বছৰ ঘৰত প্ৰৱেশ কৰে।[13] ২০১৬ চনত ঝলক দিখলা জা নামৰ ৰিয়েলিটি টেলিভিছন শ্ব'তো অংশগ্ৰহণ কৰিছিল। ​ ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ৰেকৰ্ড লেবেল “টি-ছিৰিজ’’ৰ সৈতে একচেটিয়া শিল্পী হিচাপে চুক্তিবদ্ধ হয়, তেওঁলোকৰ আগন্তুক ছবি, মিউজিক ভিডিঅ', ৱেব ছিৰিজ, আৰু ৱেব ছবিত অভিনয় কৰাৰ বাবে। তাৰ পিছত তেওঁ ২০২০ চনৰ ডান্স ছবি ষ্ট্ৰীট ডান্সাৰ থ্ৰীডিত অভিনয় কৰে যিখনত তেওঁৰ সহযোগী চৰিত্ৰত অভিনয় কৰা প্ৰথম ছবি হিচাপে ধৰা হয়।[14] ২০২১ চনৰ ৬ মাৰ্চত ফটেহীয়ে প্ৰথমগৰাকী আফ্ৰিকান-আৰব মহিলা শিল্পী হিচাপে পৰিচিত হয়, যাৰ "দিলবৰ" শীৰ্ষক গীতটোৰ ইউটিউবত এক বিলিয়ন দৰ্শন অতিক্ৰম কৰে।[15] ইয়াৰ উপৰিও জেক নাইটৰ সহযোগত "ডাৰ্টি লিটল ছিক্ৰেট" গীতটোৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় একক গীতত আত্মপ্ৰকাশ কৰে যিটো পৰৱৰ্তী সময়ত তেওঁ ২২ সংখ্যক আই-আই-এফ-এ বঁটা অনুষ্ঠানত পৰিবেশন কৰে।[16][17][18] ​ ২০২২ চনত ফটেহীয়ে য়োহানীয়ে গোৱা থেংক গড ছবিখনৰ বাবে "মানিকে" গীতটোত অংশ লৈছিল, যিটো ছবিখন মূল শ্ৰীলংকাৰ গীত "মানিকে মাংগে হিথে"ৰ ৰিমিক্স আছিল৷[19][20] এন একচন হিৰো ছবিৰ "জেহদা নাছা" গীততো আয়ুষ্মান খুৰানাৰ সৈতে অভিনয় কৰিছিল৷[21][22] সেই বছৰতে তেওঁ ২০২২ ফিফা বিশ্বকাপৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।[23][24]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Roar : Tigers Of The Sundarbans – Cast". roarthefilm.com. http://roarthefilm.com/cast.html। আহৰণ কৰা হৈছে: 8 January 2021. 
  2. "Make way for Moroccan model Nora Fatehi as she makes her debut with Roar" (en ভাষাত). India Today. 14 October 2014. https://www.indiatoday.in/movies/bollywood/story/moroccan-model-nora-fatehi-debut-with-roar-tigers-of-the-sunderbans-223157-2014-10-14. 
  3. "Dilbar – YouTube". https://www.youtube.com/watch?v=TRa9IMvccjg। আহৰণ কৰা হৈছে: 15 January 2019. 
  4. "Nora Fatehi's Arabic version of Dilbar has set the internet on fire and how! Watch video" (en ভাষাত). Times Now. 5 December 2018. https://www.timesnownews.com/entertainment/news/bollywood-news/article/nora-fatehis-arabic-version-of-dilbar-has-set-the-internet-on-fire-and-how-watch-video/324543. 
  5. "Dilbar Arabic Version". https://www.youtube.com/watch?v=_108FB3SLuk। আহৰণ কৰা হৈছে: 15 January 2019. 
  6. "FIFA World Cup Qatar 2022™ Official Soundtrack release: all-female line-up inspires the globe to Light The Sky". qatar2022.qa. 7 October 2022. Archived from the original on 18 February 2023. https://web.archive.org/web/20230218200144/https://www.qatar2022.qa/en/news/all-female-lineup-inspires-the-globe-to-light-the-sky। আহৰণ কৰা হৈছে: 18 February 2024. 
  7. "Who are Nora Fatehi's parents? Know everything about her family" (en ভাষাত). PINKVILLA. 26 December 2022. https://www.pinkvilla.com/entertainment/news/who-are-nora-fatehis-parents-know-everything-about-her-family-1204802। আহৰণ কৰা হৈছে: 27 December 2022. 
  8. "I'm an Indian at heart: Bigg Boss 9 contestant Nora Fatehi". The Indian Express. 9 February 2016. https://indianexpress.com/article/entertainment/bollywood/im-an-indian-at-heart-bigg-boss-9-contestant-nora-fatehi/. 
  9. Kumar, Hemanth (15 January 2017). "NTR dances like a dream: Nora Fatehi" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/NTR-dances-like-a-dream-Nora-Fatehi/articleshow/45435183.cms. 
  10. "Nora Fatehi signed for a special song in 'Baahubali'". CNN-IBN. Archived from the original on 2015-03-30. https://web.archive.org/web/20150330020643/http://ibnlive.in.com/news/nora-fatehi-signed-for-a-special-song-in-baahubali/536504-8-66.html. 
  11. Pasupulate, Karthik (15 January 2017). "Nora Fatehi to groove with Ravi Teja in Kick 2" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/Nora-Fatehi-to-groove-with-Ravi-Teja-in-Kick-2/articleshow/46849131.cms. 
  12. Jonnalagedda, Pranita (16 January 2017). "Nora Fatehi's item song will add a desi tadka to the Intouchables remake" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/Nora-Fatehis-item-song-will-add-a-desi-tadka-to-the-Intouchables-remake/articleshow/49909012.cms. 
  13. Tungekar, Samreen (30 September 2017). "Bigg Boss is just entertainment, shouldn't be taken so seriously: Nora Fatehi's secrets" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/brunch/bigg-boss-is-just-entertainment-shouldn-t-be-taken-so-seriously-nora-fatehi-s-secrets/story-dPX6UB9HKjFGdM46kaEWXN.html. 
  14. "ষ্ট্ৰীট ডান্সাৰ". Archived from the original on 13 February 2019. https://web.archive.org/web/20190213183815/https://www.in.com/entertainment/street-dancer-varun-dhawan-kicks-off-the-london-schedule-of-the-film-in-style-312957.htm। আহৰণ কৰা হৈছে: 18 February 2024. 
  15. IANS (6 March 2021). "Nora Fatehi is the first African-Arab female artiste to hit 1 billion mark with 'Dilbar'". Mid Day. https://www.mid-day.com/entertainment/bollywood-news/article/nora-fatehi-is-the-first-african-arab-female-artiste-to-hit-1-billion-mark-with-dilbar-23162436. 
  16. "Nora Fatehi who turned director for 'Dirty Little Secret' opened up about challenges of being behind the camera" (en ভাষাত). Free Press Journal. https://www.freepressjournal.in/entertainment/nora-fatehi-who-turned-director-for-dirty-little-secret-opened-up-about-challenges-of-being-behind-the-camera। আহৰণ কৰা হৈছে: 24 April 2023. 
  17. "Nora Fatehi's new international single 'Dirty Little Secret' out". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/nora-fatehis-new-international-single-dirty-little-secret-out/articleshow/92121045.cms. 
  18. Dhiman, Nikshey (9 September 2022). "Nora Fatehi Video: Nora's 'Dirty Little Secret' is making records, Have you watched it yet?" (en-GB ভাষাত). DNP INDIA. https://www.dnpindia.in/entertainment/nora-fatehi-video-noras-dirty-little-secret-is-making-records-have-you-watched-it-yet/94513/। আহৰণ কৰা হৈছে: 24 April 2023. 
  19. "Thank God song 'Manike': Ajay Devgn tells Sidharth Malhotra to control his lust for Nora Fatehi; he fails miserably" (en ভাষাত). The Indian Express. 16 September 2022. https://indianexpress.com/article/entertainment/bollywood/thank-god-song-manike-ajay-devgn-tells-sidharth-malhotra-to-control-his-lust-for-nora-fatehi-8154401/। আহৰণ কৰা হৈছে: 24 April 2023. 
  20. "Not an item song! Sidharth Malhotra defends Thank God's Manike ft Nora Fatehi" (en ভাষাত). India Today. https://www.indiatoday.in/movies/bollywood/story/not-an-item-song-sidharth-malhotra-defends-thank-gods-manike-ft-nora-fatehi-2289992-2022-10-27। আহৰণ কৰা হৈছে: 24 April 2023. 
  21. "Ayushmann Khurrana and Nora's Jheda Nasha to be out soon, disappointed fans react" (en ভাষাত). India Today. https://www.indiatoday.in/movies/bollywood/story/ayushmann-khurrana-and-noras-upcoming-song-jheda-nasha-leave-fans-disappointed-2297909-2022-11-16। আহৰণ কৰা হৈছে: 24 April 2023. 
  22. "An Action Hero song Jehda Nasha teaser: Ayushmann Khurrana and Nora Fatehi sizzle in dance track" (en ভাষাত). The Indian Express. 16 November 2022. https://indianexpress.com/article/entertainment/bollywood/jehda-nasha-teaser-from-an-action-hero-ayushmann-khurrana-and-nora-fatehi-8272145/। আহৰণ কৰা হৈছে: 24 April 2023. 
  23. "Nora Fatehi Dazzles Fans With Her Performance At FIFA World Cup 2022 Final". NDTV.com. https://www.ndtv.com/offbeat/nora-fatehi-dazzles-fans-with-her-performance-at-fifa-world-cup-2022-final-3618639। আহৰণ কৰা হৈছে: 27 December 2022. 
  24. "FIFA World Cup 2022: Nora Fatehi's sizzling performance burns the stage, watch video". The Economic Times. https://economictimes.indiatimes.com/news/new-updates/fifa-world-cup-2022-nora-fatehis-sizzling-performance-burns-the-stage-watch-video/articleshow/96335701.cms?from=mdr.