পটল
পটল (ইংৰাজী: Pointed gourd, ইয়াৰ বৈজ্ঞানিক নাম হৈছে ট্ৰাইকোছান্ঠেছ ডায়োইকা (Trichosanthes Diocia), আৰু ই ‘কিউকাৰবিটেছি’(Cucurbitaceae) গোত্ৰৰ। ইয়াক ঠাইবিশেষে পৰৱল, পোটল, কুন্দুলি বুলিও কোৱা হয়। ভাৰত, বাংলাদেশ, নেপাল, থাইলেণ্ডকে ধৰি দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে খেতি কৰা গ্ৰীষ্মমণ্ডলীয় লতাজাতীয় গছ।[1]
পটল উদ্ভিদৰ ফুল একলিংগ। ইয়াৰ মতা ফুল যোৰ হিচাপে থাকে, আনহাতে মাইকী ফুলবোৰ একক হয়। মাইকী ফুলত পুষ্পদণ্ডবোৰ যথেষ্ট চুটি হয়। ইয়াৰ পুস্পনলৰ দৈৰ্ঘ্য প্ৰায় ৩ চে.মি। ইয়াৰ একাধিক প্ৰজাতি আছে। ইয়াৰ পাত, ঠাল-ঠেঙুলি, ফল, শিপা আদি আটাইবোৰেই ঔষধি গুণসমৃদ্ধ।[2]
প্ৰাচীন আয়ুৰ্বেদৰ গ্ৰন্থত এই কথাৰ উল্লেখ এনেদৰে আছে-
পোটল পত্ৰং পিত্তোঘ্নং, নাড়ীতস্যাঃকফাপহা। ফলং তস্যাঃ ত্ৰিদোষঘ্নং মূল্য তস্যাঃ বিৰেচনম।।
অৰ্থাৎ, এই পটলৰ পাত পিত্তনাশক, ডাল(ঠাল-ঠেঙুলি) কফনাশক, ফল(পটল) ত্ৰিদোষ(বায়ু, পিত্ত আৰু কফ) নাশক আৰু ইয়াৰ মূল(শিপা) বিৰেচক।
পটল এনে এবিধ পাচলি, য’ত একত্ৰে বিভিন্ন খনিজ লৱণ আৰু খাদ্যপ্ৰাণ পোৱা যায়। ইয়াত ভিটামিন বি১, বি২, ভিটামিন আৰু কেলচিয়াম থাকে। পটলত ছেপ’নিন(Saponin), হাইড্ৰ’কাৰ্বন(পেন্ট্ৰিয়াকণ্টেন) ষ্টেৰল, গ্লাইক’ছাইড, উদ্বায়ী তেল, কম পৰিমাণত টেনিন আদি থাকে। যিবোৰ উপাদান দেহৰ বাবে উপকাৰী।[3]
পটলে তেজ বিশুদ্ধ কৰে। কলেষ্টেৰল আৰু ৰক্ত শৰ্কৰা হ্ৰাস কৰে। আয়ুৰ্বেদ চিকিৎসাত, ঠাণ্ডা, জ্বৰ আৰু ডিঙিৰ বিষৰ ক্ষেত্ৰত পটল খাবলৈ কোৱা হয়। পটলত থকা আঁহে খাদ্য হজম কৰাত সহায় কৰে। লগতে, গেষ্ট্ৰোইনটেস্টাইনেল আৰু যকৃতৰ সমস্যা সমাধান কৰাত ই বিশেষজ্ঞ। তাৰোপৰি পটলৰ বীজে কোষ্ঠকাঠিন্য হ্ৰাস কৰে।[4]
ভাৰতত পটল
[সম্পাদনা কৰক]ভাৰতৰ পূব আৰু কিছু উত্তৰ অংশত বিশেষকৈ উত্তৰ-পূব অন্ধ্ৰ, ওড়িশা, বংগ, অসম, বিহাৰ, উত্তৰ প্ৰদেশত পটলৰ খেতি বহুলভাৱে কৰা হয়। ইয়াক চূপ, ষ্টু, তৰকাৰী, ভাজি, মাছৰ সৈতে দাৰ্মা বা ডলমাৰ বাবে উপাদান হিচাপে ব্যৱহাৰ কৰা হয়। হিন্দুস্তানী (হিন্দী-উৰ্দু)ত ইয়াক পৰৱাল বুলি কোৱা হয় (परवाल/)।[5]
বাংলাদেশত পটল
[সম্পাদনা কৰক]বাংলাদেশত পোইণ্টেড গাৰ্ডক স্থানীয়ভাৱে পটল বুলি জনা যায়। বাংলাদেশত ই এক অতি প্ৰয়োজনীয় গ্ৰীষ্মকালীন পাচলি৷ দেশৰ প্ৰায় প্ৰতিখন জিলাতে ইয়াৰ খেতি কৰা হয়। ই বহুবৰ্ষজীৱী শস্য আৰু অক্টোবৰ মাহৰ শেষৰ ফালে যেতিয়া বিভিন্ন ধৰণৰ বিকল্প শাক-পাচলি নাথাকে তেতিয়া ইয়াক বিকল্প পাচলি হিচাপে বিক্ৰী কৰা হয়।[6]
পুষ্টিকৰ উপাদান
[সম্পাদনা কৰক]পটল স্থানীয় পৰম্পৰাগত চিকিৎসাত ব্যৱহৃত হয়৷ পটলৰ উপাদানসমূহ হ'ল খনিজ পদাৰ্থ (মেগনেছিয়াম, ছডিয়াম, পটাছিয়াম, তাম আৰু চালফাৰ), ভিটামিন, টেনিন, চেপনিন, এলকেল'ইড, গ্লাইকোচাইড, ফ্লেভন'ইড, ষ্টেৰইড, পেন্টাচাইক্লিক ট্ৰাইটাৰ্পিন আৰু অন্যান্য জৈৱসক্ৰিয় যৌগসমূহে প্ৰমাণ কৰিছে যে পটল আশাব্যঞ্জক।[7][8]
পটল ভিটামিন আৰু খনিজ পদাৰ্থৰ উত্তম উৎস। ই কাৰ্বহাইড্ৰেট, ভিটামিন এ, আৰু ভিটামিন চিৰ ভাল উৎস। ইয়াৰ উপৰিও ইয়াত প্ৰধান পুষ্টি আৰু ট্ৰেচ মৌল (মেগনেছিয়াম, পটাছিয়াম, তাম, চালফাৰ, আৰু ক্ল’ৰিন) থাকে যিবোৰ কম পৰিমাণে প্ৰয়োজনীয় কিন্তু মানুহৰ শৰীৰবিজ্ঞানত অপৰিহাৰ্য ভূমিকা পালন কৰে।[6]
মানৱ সংস্কৃতিত পটল
[সম্পাদনা কৰক]পোন্ধৰ শতিকাৰ হঠযোগ প্ৰদীপিকা ১.৬১–৬৫ পদত যোগীসকলৰ বাবে উপযোগী খাদ্য হিচাপে পটলৰ পৰামৰ্শ দিয়া হৈছে।[9]
পটল খেতিৰ পদ্ধতি
[সম্পাদনা কৰক]পটল এবিধ জনপ্ৰিয় পাচলি। বছৰটোৰ সকলো সময়তে ই কম বেছি পৰিমাণে উপলব্ধ। অসমৰ সকলো জিলাই পটল উৎপাদনৰ বাবে মোটামুটি উপযোগী। আয় আৰু ব্যয়ৰ ফালৰ পৰা ই এক অতি লাভজনক শস্য। প্ৰতি হেক্টৰত প্ৰায় এক ডেৰ লাখ টকা লাভ হয়। পটল হৃদৰোগীৰ বাবে সহজে হজম হোৱা আৰু উপকাৰী পাচলি। পটলৰ উৎপাদন জাতৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি হেক্টৰত চাৰি টনৰ পৰা ১৫ টনলৈকে হয়।
জাত
[সম্পাদনা কৰক]বিভিন্ন অঞ্চলত পটলৰ বিভিন্ন জাত পোৱা যায়। বৈচিত্ৰ্যৰ বাবে বিভিন্ন ধৰণৰ পটল দেখা যায়। যেনে দীঘল আৰু পাতল, চুটি আৰু শকত, গাঢ় সেউজীয়াৰ পৰা পাতল সেউজীয়া। ডাঠৰ পৰা পাতল ছাল, ৰেখাযুক্ত আৰু ৰেখাবিহীন ইত্যাদি৷
বংশবিস্তাৰ
[সম্পাদনা কৰক]ই কাণ্ড আৰু কন্দৰ মাজেৰে বিয়পি পৰে। গ্ৰাফ্টিঙৰ বাবে পূৰ্ণবয়স্ক কাণ্ড ব্যৱহাৰ কৰা হয়। ইহঁতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল কাণ্ডটো মৰিলেও শিপাবোৰ জীয়াই থাকে। ফলত এই শিপাৰ পৰাই গছজোপা পুনৰ গজি উঠে। ৰোপণৰ আগতে পটলৰ শিপা গজালে ভাল।
জলবায়ু আৰু মাটি
[সম্পাদনা কৰক]পটলৰ বাবে উষ্ণ আৰু আৰ্দ্ৰ জলবায়ুৰ প্ৰয়োজন। উচ্চ, মধ্যমীয়া উচ্চ, বানপানীমুক্ত আৰু ভালদৰে পানী ওলাই যোৱা মাটি পটলৰ বাবে উত্তম। বালিচহীয়া মাটিতো ই গজে, কিন্তু উৎপাদন কম হয়৷
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "potol - xobdo dictionary". xobdo.org. http://www.xobdo.org/dic/potol.
- ↑ "পটল - ইয়াৰ গুণাগুণ". onushilon.org. http://onushilon.org/biology/plant/potol.htm.
- ↑ "Health Tips: বজাৰলৈ আহিছে পটল ! এই পাচলিবিধ নিয়মীয়াকৈ খালে বহুতো জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাব". https://assam.news18.com/photogallery/health-well-being/health-tips-benefits-of-pointed-gourd-also-known-as-patol-kokil-s-203151.html.
- ↑ "ঔষধি গুণসমৃদ্ধ পাচলি পটল". বিকাশপেডিয়া. https://as.vikaspedia.in/health/nutrition/9949b79a79bf-9979c19a39b89ae9c39a69cd9a7-9aa9be99a9b29bf-9aa99f9b2.
- ↑ "Perwal: a vegetable for cultivation in Sindh" (en ভাষাত). Dawn. 29 October 2007. https://www.dawn.com/news/273243/perwal-a-vegetable-for-cultivation-in-sindh#:~:text=TRICHOSANTHES%20diocica%20is%20a%20vegetable,belongs%20to%20the%20family%20Cucurbitaceae.। আহৰণ কৰা হৈছে: 8 December 2024.
- ↑ 6.0 6.1 Malek, M., Miah, M. B., AL-Amin, M., Khanam, D., & Khatun, M. (2008), "In vitro regeneration in pointed gourd", Bangladesh Journal of Agricultural Research খণ্ড 32 (3): 461–471, doi:10.3329/bjar.v32i3.548
- ↑ "Next generation sequencing and transcriptome analysis for identification of ARF and Aux/IAA in pointed gourd (Trichosanthes dioica Roxb.), a non-model plant". Scientia Horticulturae খণ্ড 301: 111152. April 2022. doi:10.1016/j.scienta.2022.111152.
- ↑ "In vitro propagation of Trichosanthus dioica Roxb. for nutritional security". Journal of Crop Science and Biotechnology খণ্ড 20 (2): 81–87. June 2017. doi:10.1007/s12892-016-0059-0.
- ↑ Bernard, Theos (2007). Hatha yoga : the report of a personal experience. প্ৰকাশক Edinburgh: Harmony. পৃষ্ঠা. 92–93. ISBN 978-0-9552412-2-2. OCLC 230987898.