সমললৈ যাওক

পদুম পুখুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


তেজপুৰ চহৰৰ পশ্চিম দিশত, চিত্ৰলেখা উদ্যানৰ কাষতে এক বিস্তৃত অঞ্চল এই পুখুৰীয়ে আৱৰি লৈ তেজপুৰ চহৰৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰিছে। পুখুৰীৰ মাজত এটা গোলাকাৰ সৰু দ্বীপ আছে। বৃটিছসকলৰ দিনত এই পুখুৰীটো তৃতীয় জৰ্জৰ নামেৰে ’জৰ্জ লেক’ নামে পৰিচিত আছিল। এসময়ত ইয়াত প্ৰচুৰ পৰিমানে পদুম ফুল ফুলিছিল বাবে ই পদুম পুখুৰী নামে জনাজাত হৈ পৰে। পুখুৰীৰ মাজৰ দ্বীপটোত অসমৰ চাহ খেতিৰ আৱিস্কাৰক জৰ্জ চাৰ্লচ আলেকজেণ্ডাৰ ব্ৰুচৰ এটি আৱক্ষ মূৰ্তি স্থাপন কৰা আছে। বৰ্তমান এই পুখুৰীৰ মাজৰ দ্বীপটোত এখন সাকোঁ সাজি, নানান ফুল-লতা ৰোপন কৰি উদ্যানখন সুন্দৰকৈ সজাই তোলা হৈছে লগতে শিশু সকলৰ বাবেও এখন খেলা উদ্যান নিৰ্মান কৰা হৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]