সমললৈ যাওক

পনীৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পনীৰ

পনীৰ (ইংৰাজী: Cheese) হৈছে এবিধ দুগ্ধজাত সামগ্ৰী। গাখীৰৰ পৰা আহৰণ কৰা প্ৰ'টিনত বিভিন্ন ধৰণৰ সুগন্ধি যোগ কৰি পনীৰ উৎপাদন কৰা হয়। ইয়াত গাখীৰত পোৱা প্ৰ'টিন আৰু চৰ্বি থাকে। পনীৰ প্ৰস্তুত কৰিবলৈ সাধাৰণতে গৰু, ম'হ, ছাগলী বা ভেড়াৰ গাখীৰ ব্যৱহাৰ কৰা হয়। উৎপাদনৰ সময়ত, সাধাৰণতে গাখীৰৰ আম্লিকতা বৃদ্ধি কৰা হয় আৰু ৰেনেটৰ এনজাইম (বা একে ধৰণৰ কাৰ্যকলাপ থকা বেক্টেৰিয়াৰ এনজাইম) যোগ দিয়া হয় যাৰ ফলত গাখীৰৰ প্ৰ'টিন (কেচিন) জমা হয়। এই জমাহোৱা প্ৰ'টিনবোৰ (দৈ) তৰলৰ পৰা পৃথক কৰা হয় আৰু চাপ প্ৰয়োগ কৰি পনীৰ তৈয়াৰ কৰা হয়।[1] আকৰ্ষণীয় হ'বৰ বাবে কিছুমান পনীৰত সুগন্ধি তথা ৰং যোগ কৰা হয়। বেছিভাগ পনীৰ সাধাৰণ ৰন্ধন উষ্ণতাত গলে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Fankhauser, David B. (2007). "Fankhauser's Cheese Page". http://biology.clc.uc.edu/fankhauser/Cheese/CHEESE.HTML আহৰণ কৰা হৈছে: September 23, 2007.