পশ্চিমীয়া ধ্ৰুপদী সংগীত
পশ্চিমীয়া ধ্ৰুপদী সংগীত (ইংৰাজী: Classical music) বুলিলে সাধাৰণতে লোক-সংগীত বা জনপ্ৰিয় সংগীত পৰম্পৰাৰ পৰা পৃথক বুলি গণ্য কৰা পশ্চিমীয়া বিশ্বৰ শিল্প সংগীতক বুজায়। পশ্চিমীয়া ধ্ৰুপদী সংগীতৰ বৈশিষ্ট্য হৈছে ইয়াৰ সংগীতৰ ৰূপ আৰু সুৰৰ সংগঠনত আনুষ্ঠানিকতা আৰু জটিলতা ব্যৱহাৰ কৰা হয়।[1] অন্ততঃ নৱম শতিকাৰ পৰাই পশ্চিমীয়া ধ্ৰুপদী সংগীত মূলতঃ এটা লিখিত পৰম্পৰা হিচাপে গঢ় লৈ উঠিছে৷[2] এই পৰম্পৰাই এক অত্যাধুনিক স্বৰলিপি ব্যৱস্থাৰ জন্ম দিয়ে, লগতে বিশ্লেষণাত্মক, সমালোচনাত্মক, ইতিহাস-লেখক, সংগীতবিজ্ঞান আৰু দাৰ্শনিক অনুশীলনৰ লগত সংলগ্ন সাহিত্যৰো সৃষ্টি কৰিছে। পশ্চিমীয়া সংস্কৃতিৰ এক মূল উপাদান ধ্ৰুপদী সংগীতক সঘনাই ব্যক্তি বা সুৰকাৰৰ দলৰ দৃষ্টিকোণৰ পৰা দেখা যায়, যাৰ ৰচনা, ব্যক্তিত্ব আৰু বিশ্বাসে ইয়াৰ ইতিহাসক মৌলিকভাৱে গঢ় দিছে। পশ্চিম ইউৰোপৰ গীৰ্জা আৰু ৰাজদৰবাৰৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা[1] আৰম্ভণিৰ মধ্যযুগীয় সংগীত মূলতঃ ধৰ্মীয়, একধ্বনিযুক্ত আৰু কণ্ঠসমৃদ্ধ, প্ৰাচীন গ্ৰীচ আৰু ৰোমৰ সংগীতে ইয়াৰ চিন্তা আৰু তত্ত্বক প্ৰভাৱিত কৰে। প্ৰাচীন বিদ্যমান সংগীত পাণ্ডুলিপিসমূহৰমতে কেৰ'লিঞ্জিয়ান সাম্ৰাজ্যৰ (৮০০–৮৮৮) আশে-পাশে উপলভ্য পশ্চিমীয়া প্লেইনচেণ্টবোৰ ক্ৰমান্বয়ে গ্ৰেগ'ৰিয়ান গীতৰ সৈতে একত্ৰিত হৈছিল।[3]
অন্য পৰম্পৰাৰ সৈতে সম্পৰ্ক
[সম্পাদনা কৰক]জনপ্ৰিয় সংগীত
[সম্পাদনা কৰক]ধ্ৰুপদী সংগীতত প্ৰায়ে গীতিকাৰৰ সময়ৰ জনপ্ৰিয় সংগীতৰ উপাদান বা সামগ্ৰী সন্নিৱিষ্ট কৰা হয়। উদাহৰণস্বৰূপে ব্ৰাহ্মছেৰ (Brahms) তেওঁৰ একাডেমিক ফেষ্টিভেল অভাৰচাৰত (Academic Festival Overture) ছাত্ৰৰ ড্ৰিংকিং ছং (drinking songs) ব্যৱহাৰ কৰিছিল, কাৰ্ট ৱেইলৰ দ্য থ্ৰীপেনি অপেৰাৰ দ্বাৰা উদাহৰণ দিয়া ধাৰাসমূহ আৰু মৰিছ ৰেভেলকে ধৰি ২০ শতিকাৰ আৰম্ভণি আৰু মাজভাগৰ গীতিকাৰসকলৰ গীতসমূহত জ্যাজ সংগীতৰ উল্লেখযোগ্য প্ৰভাৱ দেখা পোৱা যায়।[4] কিছুমান উত্তৰ আধুনিক, নূন্যতম আৰু উত্তৰ নূন্যতম ধ্ৰুপদী গীতিকাৰে জনপ্ৰিয় সংগীতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা দেখা যায়। সেইদৰে ধ্ৰুপদী সংগীতৰ ওপৰত আধাৰিত জনপ্ৰিয় গীতকে ধৰি অসংখ্য উদাহৰণে বিপৰীত দিশতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়৷
লোকসংগীত
[সম্পাদনা কৰক]ধ্ৰুপদী সংগীতকাৰসকলে প্ৰায়ে লোকসংগীতৰ ব্যৱহাৰ কৰিছে (সাধাৰণতে ধ্ৰুপদী সংগীত শিক্ষাৰে প্ৰশিক্ষিত নোহোৱা সংগীতজ্ঞসকলে সৃষ্টি কৰা সংগীত, প্ৰায়ে বিশুদ্ধ মৌখিক পৰম্পৰাৰ দ্বাৰা প্ৰসাৰিত)। দ্ভোৰাক (Dvořák) আৰু স্মেটানাৰ (Smetana) দৰে কিছু সংগীতজ্ঞই তেওঁলোকৰ কামত জাতীয়তাবাদী সোৱাদ প্ৰদান কৰিবলৈ লোক বিষয়বস্তু ব্যৱহাৰ কৰিছে,[5] আনহাতে বাৰ্টকৰ (Bartók) দৰে আন কিছু সংগীতজ্ঞই সম্পূৰ্ণৰূপে লোক-সংগীতৰ নিৰ্দিষ্ট বিষয়বস্তু ব্যৱহাৰ কৰিছে।[6] খাচাতুৰিয়ানে (Khachaturian) তেওঁৰ জন্মভূমি আৰ্মেনিয়াৰ লোকসংগীতক ব্যাপকভাৱে অন্তৰ্ভুক্ত কৰিছিল, লগতে মধ্যপ্ৰাচ্য আৰু পূব ইউৰোপৰ অন্যান্য জনগোষ্ঠীয় উপাদানো অন্তৰ্ভুক্ত কৰিছিল।[7][8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Owens 2008, § para. 1.
- ↑ Schulenberg 2000, পৃষ্ঠা. 99.
- ↑ Schulenberg 2000, পৃষ্ঠা. 100–101.
- ↑ Kelly, Barbara L. (2001). "Ravel, Maurice, §3: 1918–37". In Sadie, Stanley; Tyrrell, John. The New Grove Dictionary of Music and Musicians (2nd ed.). London: Macmillan Publishers. ISBN 978-1-56159-239-5.
- ↑ Yeomans, David (2006). Piano Music of the Czech Romantics: A Performer's Guide. Indiana University Press. পৃষ্ঠা. 2. ISBN 978-0-253-21845-2.
- ↑ Stevens, Haley; Gillies, Malcolm (1993). The Life and Music of Béla Bartók. প্ৰকাশক Oxford: Clarendon Press. পৃষ্ঠা. 129. ISBN 978-0-19-816349-7.
- ↑ Bakst, James (1977). "Khachaturyan". A History of Russian-Soviet Music (Reprint সম্পাদনা). প্ৰকাশক Westport, Connecticut: Greenwood Press. পৃষ্ঠা. 336. ISBN 0837194229.
- ↑ Rosenberg, Kenyon C. (1987). "Khachaturian, Aram". A Basic Classical and Operatic Recordings Collection for Libraries. প্ৰকাশক Metuchen, New Jersey: Scarecrow Press. পৃষ্ঠা. 112. ISBN 9780810820418.