সমললৈ যাওক

পাঁচ ফোৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাঁচ ফোৰণ

পাঁচ ফোৰণ
প্ৰকাৰ মছলাৰ মিশ্ৰণ
অঞ্চল পূব ভাৰত আৰু বাংলাদেশ
মুখ্য উপাদান মেথি গুটি, ক’লা জীৰা বা কাল জীৰা, জীৰা, চফ, আৰু ক’লা সৰিয়হ
আন উপাদান ৰাধুনি
অনুৰূপ ব্যঞ্জন পাঁচবিধ চীনা মছলা গুড়ি
তেলত দিয়া পাঁচ ফোৰণ

পাঁচ ফোৰণ হৈছে এক গোটা মছলা মিশ্ৰণ, ই পূব ভাৰতৰ, মুখ্যতঃ উৰিষ্যা, পশ্চিমবঙ্গ, বিহাৰ আৰু উত্তৰ-পূব ভাৰতত সৃষ্টি হোৱা। এই অঞ্চলসমূহৰ ৰন্ধনপ্ৰণালীত আৰু লগতে নেপাল আৰু বাংলাদেশৰ ৰন্ধনপ্ৰণালীতো ইয়াক ব্যৱহাৰ কৰা হয়। নামটোৰ আক্ষৰিক অৰ্থ হৈছে "পাঁচ বিধ মছলা"; বঙালী (পাঁচ ফোড়ন), ওড়িয়া (ପଞ୍ଚୁ ଫୁଟଣ, পাঞ্চু ফুৰাণ), নেপালী (পাদকাউনে মছলা)।

পাঁচ ফোৰণৰ অন্তৰ্ভুক্ত আটাইকেইবিধ মছলাই একো একোবিধ বীজ। এই বীজসমূহৰ ভিতৰত আছে:

  • মেথি (Fenugreek),
  • কাল জীৰা (Black Cumin),
  • জীৰা (Cumin),
  • চফ (Fennel), আৰু
  • ক’লা সৰিয়হ (Black Mustard)।[1] কোনো কোনো ৰান্ধনীয়ে তিতিকি সোৱাদৰ বাবে মেথি গুটিৰ পৰিমাণ কমাই দিয়ে৷ পাঁচ ফোৰণত ৰাধুনি গুটিও (Carrom Seed) ব্যৱহাৰ কৰা হয়৷ ইয়াক যনি বা আজৱাইন বুলিও জনা যায়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]