পাঠ পৰিকল্পনা
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
শিক্ষণ প্ৰক্ৰিয়াত পাঠ-পৰিকল্পনাৰ ভূমিকা অপৰিসীম। শিক্ষণ কাৰ্যৰ সফলতানিৰ্ভৰ কৰে প্ৰণালীবদ্ধ পাঠ পৰিকল্পনাৰ ওপৰত। শিক্ষণৰ বাবে কৌশল আৰু পদ্ধতি এইদুয়োটাৰেই প্ৰয়োজন। শিক্ষণে পূৰ্বৱৰ্তী স্তৰ, কাৰ্যকৰী স্তৰ আৰু উত্তৰৱৰ্তী স্তৰ এই তিনিপৰ্যায়ত ক্ৰিয়া কৰে। পূৰ্বৱৰ্ত্তী স্তুৰ হ'ল শিক্ষকে নিজকে সকলো দিশতে প্ৰস্তুত কৰি লোৱা। পাঠ একোটি আদান-প্ৰদান কৰাৰ পথ, আদান-প্ৰদানৰ পদ্ধতি, শিক্ষণ-শিকন প্ৰক্ৰিয়াতঅন্তৰ্দৃষ্টি প্ৰদান পাঠ-পৰিকল্পনাৰ অবিহনে সম্ভৱ নহয়।
পাঠ-পৰিকল্পনাই শিক্ষকক তলত দিয়াধৰণেৰে সহায় কৰে[সম্পাদনা কৰক]
- শিক্ষণ ব্যৱস্থাক মানি চলিবলৈ৷
- শিক্ষণ উদ্দেশ্যত উপনীত হ’বলৈ৷
- শিক্ষণ-শিকনৰ পৰিৱেশত উপযুক্তভাৱে খাপ খাবলৈ৷
- শিক্ষাদান ফলপ্ৰসূ আৰু আনন্দদায়ক কৰিবলৈ৷
- শ্ৰেণীকোঠা নিয়ন্ত্ৰণ, অভিৰোচন ইত্যাদি বিষয়ত শিক্ষকক পাঠ পৰিকল্পনাই সহায় কৰে৷
ইয়াৰ উপৰি অবিৰত আৰু সামগ্ৰিক মূল্যায়ন কৰি ছাত্ৰ-ছাত্ৰীক নিদানমূলক শিক্ষণৰযোগেদি অৰ্হতা আয়ত্ততকৰণত পাঠ পৰিকল্পনাই সহায় কৰে। এক কথাত ক’বলৈ গ’লে পাঠপৰিকল্পনা হৈছে ফলপ্ৰসু শিক্ষণৰ চাবি-কাঠি।
কোনো এটা পাঠৰ পাঠ পৰিকল্পনা তৈয়াৰ কৰোঁতে শিক্ষকে তলত দিয়া দিশসমূহৰ প্ৰতি লক্ষ্য ৰখাটো বাঞ্ছনীয়ঃ[সম্পাদনা কৰক]
- পাঠৰ উদ্দেশ্য।
- পাঠটিত কি কি শিকণীয় দিশ আছে।
- পাঠটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক কি কি অৰ্হতা প্ৰদান কৰিবলৈ বিচৰা হৈছে।
- সেই অৰ্হতাসমূহ প্ৰদান কৰিবৰ বাবে শিক্ষকে কি কি কাৰ্য সম্পাদন কৰিব।
- কেনে ধৰণৰ সমল সামগ্ৰী বা শিক্ষণ-শিকন সামগ্ৰী ব্যৱহৃত হ’ব।
- মূল্যায়নৰ আহিলা আৰু প্ৰক্ৰিয়া কেনেকুৱা হ’ব৷ ইত্যাদি
উল্লিখিত বিষয়সমূহলৈ লক্ষ্য কৰিলে বুজা যায় যে পাঠ প্ৰদানৰ আগেয়ে শিক্ষকৰনিজা প্ৰস্তুতি অবিহনে শিক্ষণ প্ৰক্ৰিয়া কেতিয়াও ফলপ্ৰসূ হ’ব নোৱাৰে। অৰ্থাৎ পূৰ্বৱৰ্তী স্তৰতশিক্ষকে পাঠ্য বিষয়ৰ জ্ঞান সম্পূৰ্ণৰূপে আয়ত্ত কৰিহে প্ৰদান কৰিবলৈ আগবাঢ়িব লাগে।
পাঠ-পৰিকল্পনা এটি তৈয়াৰ কৰিবৰ বাবে নিম্নোক্ত তিনিটা স্তৰ ধাৰ্য কৰা হৈছে। (গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুমোদিত)[সম্পাদনা কৰক]
- প্ৰস্তাৱনা (Introduction)
- উপস্থাপন (Presentation)
- সমাপ্তিকৰণ (Closure)
পাঠ পৰিকল্পনাই শিক্ষকক বিশেষ এটা শ্ৰেণীৰ বাবে নিজকে প্ৰস্তুত কৰাত সহায় কৰে৷ পাঠ একোটাক প্ৰণালীবদ্ধভাৱে ছাত্ৰ-ছাত্ৰীৰ মাজলৈ আগবঢ়াই দিয়ে৷ যিয়ে ছাত্ৰ-ছাত্ৰীক অৰ্হতা আয়ত্ত কৰাত সহায় কৰে৷