পিংক কলাৰ ৱৰ্কাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ শিক্ষা ব্যৱস্থাত এগৰাকী শিক্ষয়িত্ৰীয়ে শিক্ষাদান কৰিছে

পিংক কলাৰ ৱৰ্কাৰ, যাক অসমীয়াত গোলাপী চোলাৰ কৰ্মী বুলি ক’ব পাৰি, তেওঁলোক হ’ল, যুগ যুগৰে পৰা কেৱল মহিলাৰ কাম বুলি গণ্য কৰা কাম কৰা ব্যক্তি। যত্নমুখী কেৰিয়াৰ ক্ষেত্ৰখনত বা ঐতিহাসিকভাৱে মহিলাৰ কাম বুলি গণ্য কৰা ক্ষেত্ৰত কাম কৰা ব্যক্তি। ইয়াৰ ভিতৰত সৌন্দৰ্য্য উদ্যোগ, নাৰ্চিং, সামাজিক কাম, শিক্ষকতা, সচিবালয়ৰ কাম, আয়াৰ কাম বা শিশুৰ যত্ন লোৱাৰ চাকৰি আদি হ’ব পাৰে।[1] এই চাকৰিবোৰ পুৰুষেও পূৰণ কৰিব পাৰে যদিও প্ৰাচীন কালৰে পৰা এইবোৰ মহিলা প্ৰধান (এই প্ৰৱণতা আজিও চলি আছে, যদিও কিছু কম পৰিমাণে) আৰু বগা কলাৰ(উচ্চ শিক্ষিত আৰু ক’ৰ্প’ৰেট খণ্ডৰ কাম)ৰ বা নীলা কলাৰ(শ্ৰমিক বা মেনুৱেল ৱৰ্কাৰ)[2]ৰ চাকৰিবোৰতকৈ এওঁলোকে যথেষ্ট কম দৰমহা পাব পাৰে।[3]

মহিলাৰ কামবোৰ — বিশেষকৈ কৰ্মক্ষেত্ৰৰ ভিতৰৰ বিশেষ ক্ষেত্ৰসমূহত মহিলাসকলক প্ৰতিনিধিত্ব কৰাৰ ফলত — দ্বিতীয় বিশ্বযুদ্ধৰ সমান্তৰালভাৱে ১৯৪০ চনত বৃদ্ধি পাবলৈ আৰম্ভ কৰে।[4] পুৰুষসকল যুদ্ধলৈ যোৱাৰ লগে লগে বহু মহিলাই পূৰ্বতে মূলতঃ পুৰুষৰ হাতত থকা কামবোৰ কৰিব লগা হৈছিল। উদাহৰণস্বৰূপে, সামৰিক ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত সামগ্ৰীৰ লগতে দৈনন্দিন জীৱনত ব্যৱহৃত নিয়মীয়া সামগ্ৰীৰ তাৎক্ষণিক গণ উৎপাদনৰ প্ৰয়োজনীয়তাৰ বাবে মহিলাসকল কাৰখানাৰ শ্ৰমিক হৈ পৰিছিল।

পিংক কলাৰ শব্দ সৃষ্টিৰ উৎস[সম্পাদনা কৰক]

১৯৭০ চনৰ শেষৰ ফালে লেখিকা আৰু সমাজ সমালোচক লুইজ কেপ হাউৱে নাৰ্ছ, সম্পাদিকা আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কাম কৰা মহিলাসকলক বুজাবলৈ "গোলাপী-কলাৰ" শব্দটো ব্যৱহাৰ কৰি জনপ্ৰিয় কৰি তুলিছিল।[2] ইয়াৰ উৎপত্তি অৱশ্যে ১৯৭০ চনৰ আৰম্ভণিৰ পৰাই হৈছে, যেতিয়া সম-অধিকাৰ সংশোধনী (ই আৰ এ)আইন অনুমোদনৰ বাবে ৰাজ্যসমূহৰ সম্মুখত ৰখা হৈছিল। সেই সময়ত এই শব্দটো সচিবালয়ৰ কৰ্মচাৰীৰ লগতে অপেছাদাৰী কাৰ্যালয়ৰ কৰ্মচাৰীকো বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল, যিসকল সকলোৰে বহুলাংশে মহিলাৰে গঠিত আছিল। এই পদবোৰ বগা কলাৰৰ চাকৰি নাছিল যদিও নীলা কলাৰৰ হাতৰ কামো নাছিল। সেয়েহে "গোলাপী-কলাৰ" শব্দটোৰ সৃষ্টি, যিয়ে ইয়াক বগা-কলাৰ নহয় বুলি বুজাইছিল, তথাপিও ই এটা কাৰ্যালয়ৰ কাম আছিল আৰু যিটো আছিল বেছি সংখ্যক মহিলাই ভৰি থকা।

জীৱিকা[সম্পাদনা কৰক]

পিংক কলাৰ কামসমূহ খুচুৰা, নাৰ্চিং আৰু শিক্ষকতা(স্তৰৰ ওপৰত নিৰ্ভৰ কৰি)ৰ কাম কৰা ব্যক্তিগত সেৱামুখী শ্ৰমিক হোৱাৰ প্ৰৱণতা থকা সেৱা খণ্ডৰ অংশ আৰু আমেৰিকাৰ আটাইতকৈ সাধাৰণ বৃত্তিসমূহৰ ভিতৰত ই অন্যতম। ব্যুৰো অৱ লেবাৰ ষ্টেটিষ্টিকছে অনুমান কৰিছে যে, ২০০৮ চনৰ মে' মাহলৈকে আমেৰিকাত ২২ লাখতকৈ অধিক ব্যক্তি চাৰ্ভাৰ হিচাপে নিয়োজিত আছিল।[1] তদুপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ ২০১১ চনৰ বিশ্ব স্বাস্থ্য পৰিসংখ্যা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, আজি বিশ্বত ১৯.৩ মিলিয়ন নাৰ্ছ আছে।[3] আমেৰিকাত বৰ্তমান কৰ্মৰত পঞ্জীয়নভুক্ত নাৰ্ছৰ ৯২.১% মহিলা।[5]

বাৰ্নছ, ইত্যাদিৰ গৱেষণা পত্ৰত বিশ্লেষণ কৰা ২০১৬ চনৰ আমেৰিকাৰ লোকপিয়লৰ মতে, নিৰ্মাণ কৰ্মশক্তিৰ ৯৫%তকৈ অধিক পুৰুষ।[6] শিশুৰ যত্ন বা সামাজিক কৰ্মশক্তিৰ বাহিৰত মহিলাৰ জনসংখ্যা কম হোৱাৰ বাবে ৰাজ্য চৰকাৰসমূহে বেছিভাগ মহিলা পিংক কলাৰ শ্ৰমিকৰ হিচাপ নিদিয়াকৈ অৰ্থনৈতিক বাজেটৰ ভুল হিচাপ কৰি আছে।[6] সাধাৰণতে, পৰম্পৰাগতভাৱে অধিক শতাংশ মহিলাক নিয়োগ আৰু ধৰি ৰখা পেছা আৰু কৰ্ম পৰিৱেশলৈ চৰকাৰী ধন কম আবণ্টন দিয়া হয়, যেনে শিক্ষা আৰু সামাজিক কাম। টিফানী বাৰ্নছ, ভিক্টোৰিয়া বিল আৰু মিৰিয়া হোলমেনে কৰা গৱেষণাৰ পৰা দেখা যায় যে পিংক কলাৰৰ চাকৰিৰ চৰকাৰী প্ৰতিনিধিত্বৰ ক্ষেত্ৰত হোৱা অমিল মূলতঃ বিধায়িনী দল আৰু চৰকাৰী কৰ্মচাৰীৰ কেৱল বগা কলাৰৰ চাকৰিৰ প্ৰতি থকা দৃষ্টিভংগী হ’ব পাৰে বা বাজেটৰ সিদ্ধান্ত লোৱা বেছিভাগ লোকেই পুৰুষ৷[6] বগা কলাৰৰ চাকৰিবোৰ সাধাৰণতে প্ৰশাসনিক।

আন এক গৱেষণাত ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় শ্ৰম কাৰ্যালয়ে ব্যাখ্যা কৰিছিল যে, মহিলাৰ প্ৰসূতিকালীন ছুটীৰ ক্ষতিপূৰণ সাধাৰণতে নিয়োগকৰ্তা কোম্পানীয়ে দিয়ে, কিন্তু আমেৰিকাকে ধৰি কেইবাখনো দেশে সেই আদেশ পালন নকৰে।[7] "প্ৰসূতিকালীন ছুটীৰ ষ্টেণ্ডপইণ্ট: টেম্প'ৰেলিটি আৰু ক্ষমতাৰ বক্তৃতা"ৰ ফলাফলত কোৱা হৈছে যে পিংক কলাৰৰ কামত নিয়োজিত বহু নতুন মাতৃয়ে প্ৰসূতি ছুটীৰ বাবে ছুটীৰ পৰিৱৰ্তে অক্ষমতা বা অসুস্থতাৰ ছুটী বাবেহে লৈছে।[7]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 U.S. Department of Labor – Bureau of Labor Statistics (24 May 2006). "Occupational Employment and Wages – Waiters and Waitresses". US Department of Labor. http://www.bls.gov/oes/current/oes353031.htm। আহৰণ কৰা হৈছে: 2006-12-31. 
  2. 2.0 2.1 "পিংক কলাৰ". https://www.aihr.com/hr-glossary/pink-collar-jobs/। আহৰণ কৰা হৈছে: 21 March 2024. 
  3. 3.0 3.1 "World Health Statistics 2011". World Health Organization. https://www.who.int/whosis/whostat/2011/en/। আহৰণ কৰা হৈছে: 1 September 2013. 
  4. Basu, S.; Ratcliffe, G.; Green, M. (2015-10-01). "Health and pink-collar work" (en ভাষাত). Occupational Medicine খণ্ড 65 (7): 529–534. doi:10.1093/occmed/kqv103. ISSN 0962-7480. PMID 26272379. https://academic.oup.com/occmed/article/65/7/529/1734475. 
  5. "Quick Facts on Registered Nurses". US Department of Labor. http://www.dol.gov/wb/factsheets/Qf-nursing.htm। আহৰণ কৰা হৈছে: 1 September 2013. 
  6. 6.0 6.1 6.2 Barnes, Tiffany D.; Beall, Victoria D.; Holman, Mirya R. (2021). "Pink-Collar Representation and Budgetary Outcomes in US States" (en ভাষাত). Legislative Studies Quarterly খণ্ড 46 (1): 119–154. doi:10.1111/lsq.12286. ISSN 1939-9162. https://onlinelibrary.wiley.com/doi/abs/10.1111/lsq.12286. 
  7. 7.0 7.1 Buzzanell, Patrice M.; Remke, Robyn V.; Meisenbach, Rebecca; Liu, Meina; Bowers, Venessa; Conn, Cindy (2017-01-02). "Standpoints of Maternity Leave: Discourses of Temporality and Ability". Women's Studies in Communication খণ্ড 40 (1): 67–90. doi:10.1080/07491409.2015.1113451. ISSN 0749-1409. https://doi.org/10.1080/07491409.2015.1113451.