পুণেৰী পাগুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পূণেৰী পাগুৰী পিন্ধি থকা অৱস্থাত মহাদেৱ গোবিন্দ ৰাণাদে

পূণেৰী পাগুৰী (Puneri Pagadi), মহাৰাষ্ট্ৰৰ পূণে নগৰীৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা এক প্ৰকাৰৰ পাগুৰী।[1] দুই শতিকাৰ আগতে ইয়াৰ প্ৰচলন আৰম্ভ হৈছিল।[2] এই পাগুৰী সন্মানৰ প্ৰতীক হলেও আজি কালি মহাবিদ্যালয় বোৰত পাৰম্পাৰিক দিনসমূহতো ব্যৱহাৰ কৰা দেখা যায়।[3] এই পাগুৰীৰ সুকীয়া পৰিচয় ৰক্ষা কৰিবলৈ স্থানীয়লোক সকলে " ভৌগোলিক পৰিচায়ক"ৰ মৰ্যাদা দাবী কৰিছিল।[3] ৪ ছেপ্তেম্বৰ, ২০০৯ চনত তেওঁলোকৰ বহুদিনৰ দাবী পূৰণ হল আৰু এই পাগুৰী এক বৌদ্ধিক সম্পদৰূপে পৰিগণিত হল।[1][3][4][5][6]

ইতিহাস[সম্পাদনা কৰক]

Turban fitters of Pune, 1890

১৯ শতিকাৰ এজন সমাজ-সংঘঠক মহাদেৱ গোৱিন্দ ৰাণাদে পোন-প্ৰথমে এই পাগুৰীৰ প্ৰচলন কৰিছিল। পিছলৈ কেইবাজনো বিখ্যাত নেতা লোকমান্য তিলক, জে.এছ. কৰণদিকাৰ, দি.দি. চাথে, তাতিয়াচাহেব কেলকাৰ আৰু দাত্তু বামন পটদাৰে এই পাগুৰী পিন্ধিছিল।[2] ১৯৭৩ চনৰ মাৰাঠী ভাষাৰ নাটক "ঘাচীৰাম কটৱাল"ৰ পৰা ই আৰু অধিক জনপ্ৰিয় হৈ পৰিল।[3]

ব্যৱহাৰ[সম্পাদনা কৰক]

এই পাগুৰী সাধাৰণতে কিছুমান বিশেষ অনুষ্ঠান যেনে বিয়া-বাৰু আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ পাৰম্পাৰিক দিৱসত ব্যৱহাৰ কৰা হয়। যুৱসকলে "গন্ধাল" কলা প্ৰদৰ্শন কৰোঁতে এই পাগুৰী মাৰে। তদুপৰি ঐতিহাসিক বোলছবি আৰু থিয়েটাৰত ইয়াক ব্যৱহাৰ কৰা হয়।[3]

বৌদ্ধিক সম্পত্তিৰ অধিকাৰ প্ৰদান[সম্পাদনা কৰক]

১০ জনীয়া "শ্ৰী পূণেৰী পাগুৰী সংঘ"ই পূণেৰী পাগুৰীৰ "ভৌগলিক পৰিচায়ক"ৰ মৰ্যাদা পাবলৈ ভৌগোলিক পৰিচায়ক ৰেজিষ্ট্ৰীলৈ আবেদন জনাইছিল[3] আৰু লগতে বৌদ্ধিক সম্পদৰ নীতিৰ উৎকৰ্ষৰ বাবেও আবেদন জনাইছিল।[2] পূণেৰী পাগুৰীক বিশ্ব দৰবাৰত দাঙি ধৰা, ইয়াৰ স্বকীয়তা ৰক্ষা কৰা আৰু পূণেৰী সংস্কৃতি জীয়াই ৰখা ইয়াৰ মূল উদ্দেশ্য। ৪ ছেপ্তেম্বৰ,২০০৯ চনত ইয়াক ভৌগোলিক পৰিচায়কৰ মৰ্যাদা দিয়াৰ লগে লগে ই পূণেৰ সাংস্কৃতিক আৰু চৰকাৰী পৰিচয় হৈ পৰিল।[1][3][4][5][6]সেইমতে পূণেৰী পাগুৰী বৌদ্ধিক সম্পদৰ অধিকাৰ লাভ কৰিলে আৰু পূণেৰ বাহিৰত পূণেৰী পাগুৰীৰ উৎপাদন তথা বিক্ৰী নিষিদ্ধ কৰা হল।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Indian association seeks IPR for 'Puneri Pagadi'". Business Standard. 7 April 2009. http://www.business-standard.com/india/news/indian-association-seeks-ipr-for-%5Cpuneri-pagadi%5C/354259/। আহৰণ কৰা হৈছে: 12 June 2012. 
  2. 2.0 2.1 2.2 "Turban legend: Puneri Pagadi may soon get intellectual property tag". Mid-day. 6 April 2009. http://www.mid-day.com/news/2009/apr/060409-Pune-News-property-tag-Puneri-Pagadi-Turban-intellectual-property-rights.htm। আহৰণ কৰা হৈছে: 13 June 2012. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 Shruti Nambiar (2 August 2011). "The Pagadi Unravelled". The Indian Express. পৃষ্ঠাসমূহ: 1–2. http://www.indianexpress.com/news/the-pagadi-unravelled/825919/1। আহৰণ কৰা হৈছে: 13 June 2012. 
  4. 4.0 4.1 4.2 "Puneri Pagadi gets GI tag; latest to join protected goods club". Zee News. 21 September 2009. http://zeenews.india.com/news/etc/puneri-pagadi-gets-gi-tag-latest-to-join-protected-goods-club_565357.html। আহৰণ কৰা হৈছে: 13 June 2012. 
  5. 5.0 5.1 "Puneri Pagdi obtains geographical indication status". OneIndia News. 3 January 2010. http://news.oneindia.in/2010/01/03/puneripagdi-obtains-geographical-indicationstatus.html। আহৰণ কৰা হৈছে: 13 June 2012. 
  6. 6.0 6.1 Chandran Iyer (22 September 2009). "Puneri Pagadi gets pride of place". Mid Day. http://www.mid-day.com/news/2009/sep/220909-Puneri-Pagadi-Geographical-Indication-Pune2.htm। আহৰণ কৰা হৈছে: 13 June 2012.