পুষ্পৰাম দাস
পুষ্পৰাম দাস (ইংৰাজী: Pushparam Das) কামৰূপ জিলাৰ হাজো অঞ্চলৰ এজন মুক্তি যুঁজাৰু৷ তেখেতে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশ লৈ কাৰাবাস পৰ্যন্ত খাটিছিল৷
পৰিচয়
[সম্পাদনা কৰক]তেখেতৰ জন্ম হয় ১৯০৪ চনত কামৰূপ জিলাৰ হাজোৰ মনাহকুছি অঞ্চলত৷৷ পিতৃৰ নাম ৰজত দাস আৰু মাতৃৰ নাম বানশ্বৰী দাস ৷ দাসৰ ভাতৃৰ নাম নন্দৰাম দাস আৰু পত্নীৰ নাম লাভেশ্বৰী দাস৷ লাভেশ্বৰী দাসৰ সৈতে তেখতেৰ বিবাহ সম্পন্ন হয় ১৯৫২ চনৰ ২৬ মাৰ্চ তাৰিখে৷ ১৯৪২ চনত দাসৰ সৈতে কাৰাবাস খটা এজন বন্ধুৰ নাম আছিল বলোৰাম দাস৷
স্বাধীনতা যুঁজ
[সম্পাদনা কৰক]তেখেতে ১৯৪২ চনৰ স্বাধীনতা সংগ্ৰামৰ ‘ভাৰত ত্যাগ আন্দোলৰ সময়ছোৱাত কাৰাবাস খাটিছিল৷ তেখেতে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ নিজৰ উচ্চ শিক্ষা পৰ্যন্ত বাদ দিছিল৷ বিষ্ণুৰাম মেধি দাসৰ মোমায়েক আছিল আৰু তেখেতেই দাসক কটন কলেজিয়েট স্কুল, বি. বৰুৱা কলেজ আদিত পঢ়ুৱাইছিল৷ তেখেত কংগ্ৰেছ দলৰ সেৱক ৰূপে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিবলগা হৈছিল৷ আইন অমান্য আন্দোলনৰ সময়ছোৱাত কাৰাগাৰত থাকোতে দাসে চৰকাৰী আইন অমান্য কৰিবলৈকে কাৰাগাৰৰ ভিতৰত থকা এজোপা বেলগছত উঠি আইন অমান্য কৰিছিল৷ মুক্তি যুজাৰু ৰূপে তেখেতে পোৱা তাম্ৰপত্ৰ পায়ো সেয়া প্ৰত্যাখ্যান কৰিছিল৷[1]
সামাজিক কৰ্ম
[সম্পাদনা কৰক]তেখেতে গাঁৱত পানীৰ অসুবিধা হোৱাত নিজৰ মাটি দি পুখুৰী খন্দাই দিছিল৷ এখন এম.ভি স্কুল প্ৰতিষ্ঠা কৰিছিল৷ শিক্ষক ৰূপে সেৱা আগবঢ়াইছিল৷ শেষলৈ তেখেতে গুৱাহাটীৰ যোগান বিভাগত চাকৰি কৰিছিল৷[1]
মৃত্যু
[সম্পাদনা কৰক]১৯৯২ চনৰ ২১ জুন তাৰিখে ৪.৩০ বজাত ছাত্ৰীবাৰী মিছন হাস্পতালত তেখেতৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেখেতে তিনিজন পুত্ৰ, একমাত্ৰ কন্যা আৰু পত্নীক এৰি থৈ যায়৷[1]